অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নিৰ্মল চিত্ৰশৈলী

নিৰ্মল চিত্ৰশৈলী (Nirmal paintings) ভাৰতৰ তেলেংগানা ৰাজ্যৰ নিৰ্মল জিলাৰ নিৰ্মল প্ৰচলিত এবিধ পাৰম্পৰিক চিত্ৰশৈলী। চিত্ৰশিল্পী সকলে নিৰ্মল চহৰত এক সৰু উদ্যোগ গঠন কৰিছে। নিৰ্মল চহৰত শিল্পী সকলে নিজৰ সম্প্ৰদায় গঠন কৰিছে আৰু তেওঁলোকৰ কলাক সৰু ব্যৱসায়ৰ ৰূপত অনুশীলন কৰিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নিৰ্মল চিত্ৰশৈলী (Nirmal paintings) ভাৰতৰ তেলংগানা ৰাজ্যৰ নিৰ্মল জিলাৰ নিৰ্মল প্ৰচলিত এবিধ পাৰম্পৰিক চিত্ৰশৈলী।১২ চিত্ৰশিল্পী সকলে নিৰ্মল চহৰত এক সৰু উদ্যোগ গঠন কৰিছে। নিৰ্মল চহৰত শিল্পী সকলে নিজৰ সম্প্ৰদায় গঠন কৰিছে আৰু তেওঁলোকৰ কলাক সৰু ব্যৱসায়ৰ ৰূপত অনুশীলন কৰিছে।৩ চিত্ৰবোৰত সোণালী ৰং ব্যৱহাৰ কৰা হয়। সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ অনুসৰি তেলেংগানাৰ পৰা ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে।৪

ইতিহাস

এই কলা প্ৰকাৰে ইয়াৰ উৎপত্তিৰ স্থান নিৰ্মলৰ পৰা ইয়াৰ নাম আহৰণ কৰিছে। নিৰ্মল কলাৰ বিবৰ্তন কাকটিয়া ৰাজবংশৰ সময়ত হৈছিল বুলি গণ্য কৰা হয়। এই কলা চতুৰ্দশ শতিকাত শিল্পীসকলৰ এটা দলৰ দ্বাৰা অনুশীলন কৰা হৈছিল আৰু ইয়াক নাকশ বুলি কোৱা হৈছিল। মোগলসকলে এই চিত্ৰশৈলী ইমান ভাল পাইছিল যে তেওঁলোকে দক্ষতা আৰু কলাৰ পৃষ্ঠপোষকতা কৰিছিল। ১৯৫০ৰ দশকত লেডি হাইদৰীয়ে এই চিত্ৰশৈলীৰ লগত জড়িত শিল্পীসকলক হাইদৰাবাদ ৰাজ্যলৈ আনিছিল আৰু তেওঁলোকৰ শিল্প প্ৰচাৰ কৰিছিল। এই চিত্ৰবোৰৰ ৰংবোৰ খনিজ, ভেষজ আৰু অন্যান্য বিভিন্ন উদ্ভিদৰ পৰা আহৰণ কৰা হয়। এই চিত্ৰবোৰৰ মূল বিষয় সমূহ অজন্তা আৰু অন্যান্য মোগল কলাৰ পৰা প্ৰভাৱিত হৈছে। এইশৈলীত চমকপ্ৰদ সোণৰ চিত্ৰকলাবোৰ ক'লা ৰঙৰ পটভূমিত কৰা হয়।

প্ৰস্তুতি

নিৰ্মল চিত্ৰশৈলীৰে চিত্ৰ প্ৰস্তুত কৰিবলৈ প্ৰথম পদক্ষেপটো হ'ল কাঠৰ পৃষ্ঠক লা লগোৱা আৰু তাৰ পিছত ইয়াৰ ওপৰত সঠিক ডিজাইন অংকন কৰা। অন্যান্য ডিজাইনবোৰ ধৰিব পৰা হোৱাৰ পিছত চকৰ সহায়ত আঁকিব পৰা হয়। তাৰ পিছত চিত্ৰবোৰ উজ্জ্বল ৰঙেৰে বুলোৱা হয়। সাধাৰণতে ইয়াত বিভিন্ন প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হয়। অৱশেষত সোণেৰে স্পৰ্শ কৰা হয় আৰু তাৰ পিছত বাৰ্নিছ কৰি চিত্ৰ সম্পূৰ্ণ কৰা হয়।

নিৰ্মল চিত্ৰশৈলীত ৰামায়ণ আৰু মহাভাৰত আদি হিন্দু মহাকাব্যৰ সৈতে সম্পৰ্কিত পৰম্পৰাগত কলা দৃশ্যবোৰ চিত্ৰিত কৰে। ইয়াৰ লগতে উদ্ভিদ, জীৱ-জন্তু, মানৱ আকৃতি ইয়াৰ অন্যতম মূল বিষয়বস্তু।

নিৰ্মল পুতলা

এই পুতলাবোৰ বনৌষধিৰ নিষ্কাশনৰ পৰা তৈয়াৰ কৰা হয় আৰু সোণালী সমাপ্তি প্ৰদান কৰা হয়। এই পুতলাবোৰৰ জৰিয়তে মানুহৰ বৃত্তি আৰু বিভিন্ন জন্তু প্ৰদৰ্শিত কৰা হয়। সেইবোৰ কাঠৰে নিৰ্মিত। পুতলাবোৰৰ চিত্ৰসমূহ ইয়াৰ ওপৰত কৰা হয়।

ভৌগোলিক স্বীকৃতি

২০০৯ চনত পেটেণ্ট, ডিজাইন আৰু ট্ৰেড মাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা নিৰ্মল খেলনা আৰু চিত্ৰশৈলীয়ে ভৌগোলিক স্বীকৃতি লাভ কৰিছিল। এই পুতলাবোৰ লেপাক্ষী আৰু কাবেৰীৰ দৰে চৰকাৰী হস্তশিল্প দোকানত উপলব্ধ।

তথ্যসূত্ৰ

  1. ↑ (2007-08-12). Lepakshi expo begins - ANDHRA PRADESH. The Hindu
  2. ↑ (2008-01-12). Traditional art emporium at its finest - HYDB. The Hindu
  3. ↑ Nirmal Crafts. discoveredindia.com
  4. ↑ (2010-07-22). Lepakshi expo inaugurated - ANDHRA PRADESH. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চিত্ৰশৈলীভাৰতৰ ভৌগোলিক স্বীকৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্মল চিত্ৰশৈলী” প্ৰবন্ধৰ সংশোধন ৬৩৯৯২৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।