ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গাৰামদেউ
গৰামদেউ (Garamdeu) ভাৰতৰ অসম ৰাজ্যৰ বাক্সা জিলাৰ মুছলপুৰ চহৰৰ ওচৰৰ এখন গাঁও।
-
গুলমাৰ্গ
গুলমাৰ্গ (Gulmarg) ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত থকা এটা পাহাৰীয়া অঞ্চল। ইয়াৰ মূল নাম আছিল গৌৰীমাৰ্গ (Gaurimarg)। ১৬শ শতাব্দীত ইউচুফ শ্বাহে ইয়াৰ নাম সলাই গুলমাৰ্গ কৰে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে এই অঞ্চলটোক ভূ-স্বৰ্গ বোলা হয়।
-
গুৱাহাটী যুদ্ধ সমাধিস্থান
গুৱাহাটী যুদ্ধ সমাধিস্থান অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এক সমাধিক্ষেত্ৰ। দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰা কমন্ৱেল্থ সৈনিকৰ বাবে এই সমাধিস্থান আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ শিলপুখুৰী অঞ্চলৰ নৱগ্ৰহ পথত এই সমাধিস্থান আছে। ইয়াৰ পিছফালেই আছে নৱগ্ৰহ শ্মশান। এই পথেৰে গ'লে নৱগ্ৰহ মন্দিৰো পোৱা যায়।
-
গোৱাৰ গীৰ্জা আৰু কনভেণ্ট
গোৱাৰ গীৰ্জা আৰু কনভেণ্ট ( Churches and convents of Goa) হৈছে ভাৰতৰ গোৱা ৰাজ্যৰ গোৱা ভেলা (বা পুৰণি গোৱা)ত অৱস্থিত ধৰ্মীয় কীৰ্তিচিহ্নসমূহৰ এটা গোটক ইউনেস্কোৱে দিয়া নাম, যিবোৰক ১৯৮৬ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল।
-
গ্ৰেণ্ড কেনিয়ন
গ্ৰেণ্ড কেনিয়ন পৃথিৱীৰ ভিতৰতে অতি দুৰ্গম আৰু আকৰ্ষণীয় গিৰিখাত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পশ্চিমৰ আৰিজোনা প্ৰদেশৰ উত্তৰ-পশ্চিমৰ কলৰাডো মালভূমিত এই গিৰিখাত অৱস্থিত। কলৰাডো নদীৰ গভীৰ ক্ষয়ীকৰণৰ বাবেই এই বিখ্যাত গিৰিখাত সৃষ্টি হৈছে।
-
চলুং
চলুং বা চলুং পূজা (Solung) অৰুণাচল প্ৰদেশৰ চিয়াং জিলা আৰু লোহিত জিলাত থকা আদি জনজাতীয় সমাজৰ এক উৎসৱ। চলুং উৎসৱ মূলতঃ কৃষি ভিত্তিক। জুলাই আগষ্ট মাহত সচৰাচৰ এই উৎসৱ আদি সকলে অতি পুৰণি কালৰেপৰা সামাজিক আৰু ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰেৰে পালন কৰি আহিছে।
-
চাক-হাও (ক'লা চাউল)
চাক-হাও (Chak-Hao (Black rice)) হ'ল এক থলুৱা, সুগন্ধি, আঠাযুক্ত আৰু বৃহৎ দানাৰ ক'লা চাউলৰ প্ৰকাৰ যিটো মূলতঃ ভাৰতৰ মণিপুৰ আৰু নাগালেণ্ড ৰাজ্যত উৎপাদিত হয়। ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, মণিপুৰৰ থৌবাল আৰু নাগালেণ্ডৰ পেৰেন জিলাত ই এক সাধাৰণ আৰু বহুলভাৱে কৰা খেতি।
-
চান্নাপাটনা খেলনা
চান্নাপাটনা খেলনা (Channapatna toys) ভাৰত কৰ্ণাটক ৰাজ্যৰ চান্নাপাটনা চহৰৰ একপ্ৰকাৰৰ প্ৰাচীন কাঠৰ হস্তশিল্প। এই শিল্পৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পুতলা, খেলনা, ফল-মূল পাচলি আদিৰ আকৃতি, গাড়ী, হুইছেল, বাঁহী, মানৱ আকৃতি আদি বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী কাঠেৰে প্ৰস্তুত কৰা হয়।
-
চাৰ চিনাৰ
চাৰ চিনাৰ (Char Chinar) হৈছে জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰ চহৰৰ ডাল হ্ৰদত অৱস্থিত এটা দ্বীপ, যাক চাৰ চিনাৰী, ৰোপা লেংক বা ৰূপা লেংক নামেৰেও জনা হয়। লকুট ডাল (সৰু ডাল)ত অৱস্থিত এই দ্বীপটোক ৰোফ লেংক (চিলভাৰ আইলেণ্ড) নামেৰেও জনা যায়।
-
চিকন (সূচিশিল্প)
চিকন (Chikan) হ'ল ভাৰতৰ লক্ষ্ণৌৰ এক পৰম্পৰাগত সূচিশিল্পৰ শৈলী। অনুবাদ কৰা এই শব্দটোৰ অৰ্থ হৈছে এম্ব্ৰইডাৰী (সূতা বা তাঁৰ ব্যৱহাৰ কৰা) আৰু ই লক্ষ্ণৌৰ অন্যতম বিখ্যাত বস্ত্ৰ সজ্জাৰ শৈলী। লক্ষ্ণৌৰ চিকংকাৰীভিত্তিক সামগ্ৰীৰ মূল বজাৰ হৈছে চৌক। ইয়াৰ উৎপাদন মুখ্যতঃ লক্ষ্ণৌ আৰু ইয়াৰ কাষৰীয়া জিলাসমূহত হয়।
-
চিটাৰম নদী
চিটাৰম নদী (অধিক শুদ্ধকৈ টাৰুম নদী বুলি কোৱা হয়, কাৰণ "si" উপসৰ্গৰ অৰ্থ হৈছে "নদী") (চুণ্ডানিজ: ৱালুংগান চিটাৰাম) ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ আটাইতকৈ দীঘল আৰু ডাঙৰ নদী। বেংগাৱান ছ'লো আৰু ব্ৰাণ্টাছৰ পিছত জাভাৰ তৃতীয় দীঘল নদী। পশ্চিম জাভাৰ জনসাধাৰণৰ জীৱনত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
-
চিহিৰিন
চিহিৰিন (Chyhyryn) মধ্য ইউক্ৰেইনৰ চেৰকাছি অ’ব্লাষ্টৰ চেৰকাছি ৰাইঅ’নত অৱস্থিত এখন চহৰ। ই তিয়াছমিন নদীৰ পাৰত অৱস্থিত আৰু নদীখন দ্নিপ্ৰ নদীত মিলিত হোৱা স্থানৰপৰা বেছি দূৰত নহয়। ১৬৪৮ চনৰপৰা ১৬৬৯ চনলৈ চিহিৰিন জাপোৰিজিয়ান হষ্টৰ হেটমেনৰ বাসস্থান আছিল।
-
চিৰন্তন শিখা জলপ্ৰপাত
চিৰন্তন শিখা জলপ্ৰপাত (Eternal Flame Falls) নামৰ জলপ্ৰপাতটো পশ্চিম নিউয়ৰ্কৰ চেষ্টনাট ৰিজ পাৰ্কৰ এটা অংশ শ্বেল ক্ৰিক প্ৰিজাৰ্ভত অৱস্থিত আৰু ই এটা সৰু জলপ্ৰপাত। জলপ্ৰপাতটোৰ গুৰিৰ এটা সৰু গুহাত প্ৰাকৃতিক গেছ নিৰ্গত হয়, যাক জ্বলাই সৰু শিখা এটা উৎপন্ন কৰিব পাৰি।
-
চেইণ্ট ভ্লাদিমিৰ কেথেড্ৰেল
চেইণ্ট ভ্লাদিমিৰ কেথেড্ৰেল হ’ল কিভ চহৰৰ কেন্দ্ৰস্থলত অৱস্থিত এটা কেথেড্ৰেল আৰু চহৰখনৰ অন্যতম প্ৰধান স্থাপত্য কীৰ্তিচিহ্ন। এই ভৱনটো ইভান ফ্ৰাংক’ ষ্ট্ৰীট, তাৰাছ শেভচেংকো বুলেভাৰ্ড আৰু বোটানিকেল স্কোৱেৰৰ সংযোগস্থলত অৱস্থিত।
-
চেনাব ৰেল সেতু
চেনাব ৰেল সেতু (Chenab Rail Bridge)খন ভাৰতৰ জম্মু আৰু কাশ্মীৰ কেন্দ্ৰশাসিত অঞ্চলৰ ৰিয়াছি জিলাত চেনাব নদীৰ ওপৰত নিৰ্মিত এখন ৰেল সেতু। নদীৰ সিমনাৰ গিৰিখাতৰ ওপৰত ১,৩১৫ মিটাৰ (৪,৩১৪ ফুট) দৈৰ্ঘ্যৰ এই ষ্টীল আৰু কংক্ৰিটৰ সেতুখন অৱস্থিত।
-
চেভিয়াৰ হ্ৰদ
চেভিয়াৰ হ্ৰদ আমেৰিকাৰ ইউটাহৰ মিলাৰ্ড কাউণ্টিৰ চেভিয়াৰ মৰুভূমিৰ আটাইতকৈ তলৰ অংশত অৱস্থিত এটা মাজে মাজে জলপূৰ্ণ হোৱা এণ্ড’ৰেইক হ্ৰদ। গ্ৰেট ছল্ট লেক আৰু ইউটা লেকৰ দৰেই ই প্লেইষ্টোচিন লেক বনেভিলৰ অৱশিষ্ট।
-
চোকাপাৰা
চোকাপাৰা অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা উপ-বিভাগৰ অন্তৰ্গত লক্ষীগঞ্জ গাঁও পঞ্চায়তৰ অধীনস্থ এখন গাঁও। এই গাঁওখন বিলাসীপাৰা চহৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ উত্তৰে অৱস্থিত। পূৰ্বৰ গোৱালপাৰা জিলাৰ অন্যতম পুৰণি ৰাজহ গাঁও হিচাপে চোকাপাৰাৰ ঐতিহাসিক গুৰুত্ব আছে।
-
ছিয়াং জিলা
ছিয়াং জিলা (Siang District) উত্তৰ পূূূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। এই জিলাখন ২০১৫ চনৰ ২৭ নৱেম্বৰৰ দিনা পশ্চিম ছিয়াং জিলা আৰু পূব ছিয়াং জিলাৰ একাংশকৈ লৈ গঠন কৰা হয়।. এই জিলাখনৰ নাম ব্ৰহ্মপুত্ৰ নদীৰ পৰা আহিছে যাক অৰুণাচল প্ৰদেশত ছিয়াং নামেৰে জনা যায়।
-
ছিৰপুৰ মহাসমুন্দ
ছিৰপুৰ ছত্তীশগড় ৰাজ্যৰ মহাছামুণ্ড জিলাৰ এখন গাঁও, মহানদী নদীৰ পাৰত, মহাসমুন্দ চহৰৰপৰা ৩৫ কিলোমিটাৰ আৰু ৰায়পুৰৰপৰা ৭৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত। প্ৰাচীন কালত ছিৰপুৰ পাণ্ডুবংশী বংশৰ ৰাজধানী আছিল।
-
ছৌ মুখা
ছৌ মুখা (Chhau mask) ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ পুৰুলিয়াৰ এক পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য। পুৰুলিয়া ছৌ নৃত্য আৰু ওড়িশা ছৌ নৃত্যৰ মাজৰ মুখ্য পাৰ্থক্য হৈছে মুখাৰ ব্যৱহাৰ। পুৰুলিয়া ছৌ নৃত্যত মুখাব্যৱহাৰ কৰা হয়। কিন্তু ওড়িশাৰ ছৌ নৃত্যত মুখাৰ ব্যৱহাৰ নাই।
-
জল মহল
জলমহল ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজধানী জয়পুৰ চহৰৰ মান সাগৰ হ্ৰদৰ মাজভাগত থকা এটা ৰাজপ্ৰসাদ। এই ৰাজপ্ৰসাদটো প্ৰথমে ১৬৯৯ চনৰ আশে-পাশে নিৰ্মাণ কৰা হৈছিল; পিছলৈ ১৮ শতিকাৰ আৰম্ভণিতে আমেৰৰ মহাৰাজ দ্বিতীয় জয় সিংহই এই অট্টালিকা আৰু ইয়াৰ চাৰিওফালে থকা হ্ৰদটো সংস্কাৰ আৰু বৃদ্ধি কৰে।
-
জাগী ভকতগাঁও
ভাৰতৰ অসম ৰাজ্যৰ মৰিগাঁও জিলাত অৱস্থিত জাগী ভকতগাঁও এখন সৰু গাঁও। কপিলী নদীৰ পাৰত অৱস্থিত এই গাঁওখন চহকী সংস্কৃতি আৰু ঐতিহ্যৰ বাবে পৰিচিত। জাগী ভগতগাঁও অসমীয়া আৰু তিৱা সংস্কৃতিৰ অনন্য মিশ্ৰণৰ বাবে জনাজাত।
-
জাগুন
জাগুন উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত এখন সৰু বজাৰ লগতে চহৰ। ই নিকটতম কয়লাক্ষেত্ৰ টিপঙৰ পৰা প্ৰায় ৭ কিমি (৪.৩ মাইল) দূৰত, লেখাপানীৰ পৰা ১১ কিমি (৬.৮ মাইল) দূৰত, তিৰাপ গাঁওৰ পৰা ১৭ কিমি (১১ মাইল) দূৰত আৰু লিডোৰ পৰা ২০ কিমি (১২ মাইল) দূৰত অৱস্থিত।জাগুন ৩১৫…
-
জামদানী
জামদানী ( Jamdani) হৈছে বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ শীতলখোৱা নদীৰ পাৰৰ দক্ষিণ ৰূপসীত যুগ যুগৰে পৰা উৎপাদিত এবিধ মিহি মছলিন বস্ত্ৰ। ঐতিহাসিক জামদানী বস্ত্ৰৰ উৎপাদনক প্ৰতিশ্ৰুতিসম্পন্ন মোগল সম্ৰাটসকলে সাম্ৰাজ্যবাদী ক্ষমতাৰ দ্বাৰা পৃষ্ঠপোষকতা কৰিছিল।
-
জালুকনিবাৰী
জালুকনিবাৰী অঞ্চল যোৰহাট জিলাৰ দক্ষিণে প্ৰায় ১৪ কিঃমিঃ দূৰৈত ঐতিহাসিক ন-আলিৰ কাষত অৱস্থিত। গোহাঁই, বাঢ়ৈবাৰী, কুকুৰাচোৱা, কুন্দাৰ, আৱঁৰীয়া, গজপুৰীয়া, বালিজান, ন-চুঙী আৰু ঠেঙ্গাল গাঁও সমূহক জালুকনিবাৰী অঞ্চল গণ্য কৰা হয়।
-
জিঞ্জি দুৰ্গ
জিঞ্জি দুৰ্গ বা চেঞ্জি দুৰ্গ (Gingee Fort or Senji Fort; চেঞ্জী, চাঞ্চি, জিনজি বা চেঞ্চি বুলিও জনাজাত) হৈছে ভাৰতৰ তামিলনাডুৰ জীয়াই থকা দুৰ্গসমূহৰ ভিতৰত অন্যতম। ইয়াক জনপ্ৰিয়ভাৱে 'দক্ষিণ ভাৰতৰ গ্ৰেট ৱাল' বুলি জনা যায়।
-
জিণ্ডো (দ্বীপ)
জিণ্ডো (কোৰিয়ান: 진도) দক্ষিণ কোৰিয়াৰ তৃতীয় বৃহত্তম দ্বীপ। বহুত সৰু সৰু দ্বীপৰ এটা গোটৰ সৈতে মিলি ই জিণ্ডো কাউণ্টি গঠন কৰিছে। কোৰিয়া উপদ্বীপৰ দক্ষিণ-পশ্চিম কোণৰ ঠিক ওচৰতে দক্ষিণ জেওলা প্ৰদেশত এই দ্বীপটো অৱস্থিত।
-
জুক’ উপত্যকাৰ বনজুই (২০২০-২০২১)
২০২০-২০২১ চনৰ জুক’ উপত্যকাৰ বনজুই আৰম্ভ হয় ২০২০ চনৰ ২৯ ডিচেম্বৰত উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড আৰু মণিপুৰ সীমান্তত৷ এই বনজুয়ে জুক’ উপত্যকাৰ ২০০ একাৰ মাটিকালিৰ অৰণ্য থকা এক স্পৰ্শকাতৰ পৰিস্থিতিতন্ত্ৰ (ecologically sensitive region) ৰ সম্পূৰ্ণ ধ্বংস কৰে৷ ২০২০ চনৰ ৯ জানুৱাৰীত এই বন জুই নিয়ন্ত্ৰণৰ অধীনত…
-
জুলুক
জুলুক (অন্য বানান:ঝুলুক আৰু জালুক) ছিক্কিম ৰাজ্যৰ পাকিয়ং জিলাৰ ৰংলি মহকুমাৰ অন্তৰ্গত নিম্ন হিমালয়ৰ এটা সৰু পাহাৰীয়া গাঁও। গাঁওখন প্ৰায় ১০,১০০ ফুট উচ্চতাত অৱস্থিত আৰু ঐতিহাসিক ৰেচম পথৰ এটা গুৰুত্বপূৰ্ণ যাতায়াত কেন্দ্ৰ আছিল।
-
জেমিথাং
জেমিথাং, বা পাংচেন, ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ টাৱাং জিলাৰ এখন গাঁও আৰু একে নামৰ এটা প্ৰশাসনিক চক্ৰৰ মুখ্য কাৰ্যালয়। ই নিয়ামজাং চু নদীৰ পাৰত অৱস্থিত। এই নদীৰ উৎপত্তি তিব্বতত আৰু ই উত্তৰফালে থকা খিনজেমানেৰ ওচৰেৰে ভাৰতত প্ৰৱেশ কৰিছে।