অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পাণ্ডু বন্দৰ

পাণ্ডু বন্দৰ (Pandu Port) অসম গুৱাহাটীৰ পাণ্ডুত অৱস্থিত নদী বন্দৰ। এই বন্দৰটো ব্ৰহ্মপুত্ৰ নদৰ পাৰত বিকশিত কৰা হৈছে। বন্দৰটো অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সৰ্ববৃহৎ নদী বন্দৰ। ইয়াত বহুতো যাত্ৰীবাহী জাহাজ পৰ্যটকৰ সৈতে অহা যোৱা কৰে।

হালনাগাদ: ২৭ মে’ ২০২৬ ৩২০ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পাণ্ডু বন্দৰ (Pandu Port) অসম গুৱাহাটীৰ পাণ্ডুত অৱস্থিত নদী বন্দৰ। এই বন্দৰটো ব্ৰহ্মপুত্ৰ নদৰ পাৰত বিকশিত কৰা হৈছে। বন্দৰটো অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সৰ্ববৃহৎ নদী বন্দৰ। ইয়াত বহুতো যাত্ৰীবাহী জাহাজ পৰ্যটকৰ সৈতে অহা যোৱা কৰে। অৱশ্যে ৰাজ্য চৰকাৰে বৰ্তমান ৰাষ্ট্ৰীয় জলপথ উন্নয়ন প্ৰকল্পৰ বাবে বন্দৰৰ আধুনিকীকৰণৰ বাবে পুঁজি আৱণ্টন কৰিছে। জাহাজৰ আগমন আৰু গমনৰ লগতে লংগৰ এটা ৰখাৰ বাবে এটা নৌ টাৰ্মিনেল বা স্থায়ী জেটি গঠন কৰা হৈছে। এই বন্দৰ ভাৰত আৰু বাংলাদেশৰ মাজত চুক্তিভুক্ত বন্দৰত অন্তৰ্ভুক্ত কৰা হৈছে।১

ইতিহাস

বন্দৰটোৱে দীৰ্ঘদিন ধৰি গুৱাহাটী চহৰক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুখ্য নদী বন্দৰ হিচাপে কাম কৰি আহিছে। ব্ৰিটিছ ভাৰতত মৰাপাট আৰু চাহ পাণ্ডু বন্দৰৰ পৰা কলকাতা বন্দৰ আৰু চিটাগং বন্দৰলৈ পৰিবহণ কৰা হৈছিল। প্ৰয়োজনীয় সামগ্ৰীবোৰ একেটা ট্ৰেকত বন্দৰৰ দ্বাৰা আমদানি কৰা হৈছিল। কিন্তু স্বাধীনতাৰ পিছত এই পথটো ১৯৫৬ চনলৈকে ব্যৱহাৰ কৰা হৈছিল আৰু তাৰ পিছত বন্ধ কৰা হৈছিল।

গুৰুত্ব

পাণ্ডু বন্দৰে প্ৰাকৃতিক নদী বন্দৰ হিচাপে কাম কৰে। ই ধুবুৰী-শদিয়া ৰাষ্ট্ৰীয় জলপথ-২-ৰ অন্তৰ্গত আৰু সামগ্ৰী আৰু কাৰ্গোৰ লগতে যাত্ৰী আৰু পৰ্যটন জাহাজৰ বাবে এক গুৰুত্বপূৰ্ণ টাৰ্মিনেল তথা ট্ৰেঞ্জিট পইণ্ট। বৰ্তমান ইয়াৰ স্থিৰ টাৰ্মিনেলৰ নিম্ন-স্তৰ আৰু উচ্চ-স্তৰৰ জেটি নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে। ইয়াৰ ফলত ই কণ্টেইনাৰ জাহাজ পৰিচালনা কৰিবলৈ সক্ষম। ইয়াৰ লগতে গুৱাহাটী চহৰখনৰ বাবে ৰাজহ উৎপাদন অধিক বৃদ্ধি কৰিছে।২৩ বন্দৰটোৱে অসম আৰু উত্তৰ-পূব ভাৰতত সামগ্ৰী পৰিবহণৰ বাবে এটা নতুন পথ মুকলি কৰে। অসম আৰু উত্তৰ-পূব ভাৰত পাণ্ডু বন্দৰৰ দ্বাৰা কলকাতা বন্দৰ আৰু হলদিয়া বন্দৰৰ সৈতে জড়িত।

আন্তঃগাঁথনি

বৰ্তমান পাণ্ডু বন্দৰত জাহাজৰ বাৰ্থিংৰ বাবে এটা নিম্ন স্তৰৰ জেটি কাৰ্যক্ষম হৈ আছে। ইয়াত ২০ টন ক্ষমতাৰ দুটা তীৰৰ ক্ৰেইন, ৭৫ টন ক্ষমতাৰ এটা কণ্টেইনাৰ ক্ৰেইন আৰু এটা ফ্লোটিং ক্ৰেইন কাৰ্গো পৰিচালনাৰ বাবে টাৰ্মিনেলত ৰখা হৈছে। এই স্থানত এটা উচ্চ স্তৰৰ জেটি আৰু বি.জি. চাইডিং নিৰ্মাণাধীন অৱস্থাত আছে। ইয়াৰ লগতে কণ্টেইনাৰ পৰিবহণৰ বাবে এটা স্থায়ী টাৰ্মিনেল আৰু সামগ্ৰী প্ৰেৰণ কৰাৰ বাবে নদীৰ উচ্চ আৰু নিম্ন স্তৰৰ জেটি নিৰ্মাণ কৰা হৈছে।

ৰ'ৰ'

পাণ্ডু বন্দৰত ২০০ যাত্ৰী, ৪খন গাড়ী আৰু ২খন ট্ৰাকৰ ক্ষমতা থকা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দ্বাৰা ৰাষ্ট্ৰীয় জলপথ ২ত পৰিচালিত ১খন জাহাজৰ সৈতে ৰ'ল-অন/ৰ'ল-অফ (ৰ'ৰ') ফেৰী সেৱাৰ ব্যৱস্থা আছে।

তথ্যসূত্ৰ

  1. ↑ (13 February 2012). নৌ ট্ৰানজিট চুক্তি পাঁচ বছৰ নবায়নেৰ প্ৰস্তাব ভাৰতেৰ. kalerkantho.com
  2. ↑ National Waterway-2. India-WRIS
  3. ↑ (7 November 2015). Pandu-the river port. guwahati.com

সম্পৰ্কিত শ্ৰেণী

কামৰূপ মহানগৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাণ্ডু বন্দৰ” প্ৰবন্ধৰ সংশোধন ৬০৯০৬৪ (২৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।