অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পাংচাউ পাছ

পাংচাউ পাছ বা পান চাউং পাছ (বাৰ্মিজ: ပန်ဆေလမ်းကြောင်းာ) ৩,৭২৭ ফুট উচ্চতাত (১,১৩৬ মিটাৰ) ভাৰত-ম্যানমাৰ সীমান্তৰ পাটকাই পাহাৰৰ শিখৰত অৱস্থিত এটা পাছ। পাছটোৱে অসম সমভূমিৰ পৰা বাৰ্মালৈ যোৱা আটাইতকৈ সহজ পথবোৰৰ এটা।

হালনাগাদ: ২৭ ডিচেম্বৰ ২০২৪ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

পাংচাউ পাছ বা পান চাউং পাছ (বাৰ্মিজ: ပန်ဆေလမ်းကြောင်းာ) ৩,৭২৭ ফুট উচ্চতাত (১,১৩৬ মিটাৰ) ভাৰত-ম্যানমাৰ সীমান্তৰ পাটকাই পাহাৰৰ শিখৰত অৱস্থিত এটা পাছ। পাছটোৱে অসম সমভূমিৰ পৰা বাৰ্মালৈ যোৱা আটাইতকৈ সহজ পথবোৰৰ এটা। ১পাছটো বিখ্যাত লিডো ৰোড (ষ্টিলৱেল ৰোড)ত অৱস্থিত আৰু ম্যানমাৰৰ অঞ্চলৰ নিকটতম গাওঁ পাংচাউৰ নামেৰে নামকৰণ কৰা হৈছে। পাংচাউ গাওঁখন পাছৰ পৰা ২ কিলোমিটাৰ পূৱত অৱস্থিত। ভাৰতৰ পূৰ্বতম বিন্দু "চৌকান পাছ" - চাংলাং জিলাৰ বিজয়নগৰৰ পূবত - পাংচাউ পাছৰ উত্তৰ-পূবত অৱস্থিত।

প্ৰাৰম্ভিক যুগ

১৩শ শতিকাত আহোমসকলে অসমলৈ আগমন আৰু বসতিৰ বাবে এইটো পথ সঘনাই ব্যৱহৃত কৰিছিল।

বৃটিছৰ শাসন কাল

উনবিংশ শতিকাৰ শেষৰ ফালে ব্ৰিটিছে ভাৰতৰ পৰা উত্তৰ বাৰ্মাৰ মাইটকিনালৈ হুকাৱং উপত্যকাৰ মাজেৰে সম্ভাৱ্য ৰেলপথ তৈয়াৰ কৰিবলৈ পাছটো চাইছিল। কিয়নো সেই সময়ত এই অঞ্চল ব্ৰিটিছ সাম্ৰাজ্যৰ অংশ আছিল, কিন্তু কোনো ৰেলপথ নিৰ্মাণ কৰা হোৱা নাছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চীনত জাপানীসকলৰ সৈতে যুঁজ দিয়া জাতীয়তাবাদী চীনা বাহিনীৰ সৈতে ব্ৰিটিছ ভাৰতক সংযোগ কৰা ষ্টিলৱেল ৰোড (লিডো ৰোড)ৰ বাবে পাছটো বিখ্যাত হৈ পৰে। লিডোৰ পৰা পাংচাউ পাছলৈ দূৰত্ব হৈছে ৬১ কিমি (৩৮ মাইল)। পাছটোৰ ভয়ংকৰ ঢাল আৰু বোকাৰ বাবে, যাৰ ফলত পাছটোত উঠাটো কঠিন হৈ পৰিছিল। সেয়ে যুদ্ধৰ সময়ত ইয়াক "হেল পাছ" বা নৰকৰ পাছ বুলি অভিহিত কৰা হৈছিল।২

বৰ্তমান যুগ

২০০৭ চনৰ পৰা পাংচাউ পাছ শীতকালীন উৎসৱ অৰুণাচল প্ৰদেশৰ নামপঙত প্ৰতি বছৰে জানুৱাৰীৰ তৃতীয় সপ্তাহত আয়োজিত হয়। এয়া হৈছে এক যুটীয়া ভাৰত-ম্যানমাৰ ৩ দিনীয়া বাৰ্ষিক গোলকীয় গ্ৰাম্য অনুষ্ঠান। এই উৎসৱত উত্তৰ-পূব ভাৰত আৰু ম্যানমাৰৰ বিভিন্ন সংস্কৃতি প্ৰদৰ্শন কৰা হয়। যাৰ ভিতৰত আছে লোকগীত, লোক নৃত্য, কলা, শিল্পকলা, জাতিগত খাদ্য, আৰু পৰম্পৰাগত ক্ৰীড়া, আৰু টাংচা নাগা জনজাতিৰ সংস্কৃতি। টাংচা ৰংগ্ৰাণ্ড যুদ্ধ নৃত্য, লুংচাং নৃত্য, ৱাঞ্চো নৃত্য, বিহু নৃত্য, আৰু বাঁহনৃত্য আদি প্ৰদৰ্শন কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ Gazetteer of north-east India, Govt. of India
  2. ↑ Donovan Webster, The Burma Road
  3. ↑ Pangsau Pass Winter Festival: Going beyond the Frontier, Northeast Now, 7 December 2018

সম্পৰ্কিত শ্ৰেণী

ভাৰতম্যানমাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাংচাউ পাছ” প্ৰবন্ধৰ সংশোধন ৪৫৮৯৪৩ (২৭ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।