ইউৰেনাচ (ইংৰাজীত: Uranus) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো সপ্তম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ তৃতীয় বৃহত্তম গ্ৰহ। গ্ৰহটোৰ নাম আকাশৰ গ্ৰীক দেৱতা ক্ৰণচৰ পিতৃ, জ্যুচৰ পিতামহ তথা এৰিচৰ প্ৰপিতামহ ইউৰেনাচৰ পৰা লোৱা হৈছে। সৌৰজগতৰ ভিতৰত ইউৰেনাচৰ কক্ষপথ তৃতীয় বৃহৎ আৰু ভৰৰ ফালৰপৰা ইয়াৰ স্থান চতুৰ্থ। বিজ্ঞানীসকলে নেপচুন আৰু ইউৰেনাচ উভয়কে তুষাৰ দানৱ হিচাপে নামকৰণ কৰিছে। ইউৰেনাচৰ বাতাবৰণ বৃহস্পতি আৰু শনিৰ দৰে হাইড্ৰ’জেন আৰু হিলিয়ামেৰে পূৰ্ণ যদিও ইয়াত তুষাৰ, এম’নিয়া আৰু মিথেন অধিক পৰিমাণে পোৱাৰ উপৰিও হাইড্ৰ’কাৰ্বনৰ উপস্থিতি পোৱা যায়।১ সৌৰজগতৰ ভিতৰত ইউৰেনাচৰ পৰিৱেশেই সকলোতকৈ শীতল (-২২৪ ডিগ্ৰী চেলচিয়াছ)। এই গ্ৰহটো মিথেনৰ ডাৱৰেৰে আৱৰা ১আৰু বৰফ আৰু শিলেৰে গঠিত। ২
বাহ্যিক সংযোগ
- Edge On! ESO Press Release
- NASA's Uranus fact sheet
- Uranus Profile at NASA's Solar System Exploration site
- Keck pictures of Uranus show best view from the ground – Press release with some photographs showing rings, satellites and clouds
- News reports of December 22, 2005 rings and moons discovery
- New Moons and Rings found at Uranus'', SPACE.com
- Two more rings discovered around Uranus '', MSNBC
- Planets—Uranus A kid's guide to Uranus.
- Spring Has Sprung on Uranus
- Uranus at Jet Propulsion Laboratory's planetary photojournal.
- Uranus (Astronomy Cast homepage)
- Uranian system montage
তথ্যসূত্ৰ
- ↑ Lunine, Jonathan I. (September 1993). The Atmospheres of Uranus and Neptune. Annual Review of Astronomy and Astrophysics. পৃ. 217–263
- ↑ Podolak, M.; Weizman, A.; Marley, M. (December 1995). Comparative models of Uranus and Neptune. Planetary and Space Science. পৃ. 1517–1522
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউৰেনাচ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৩৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।