অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

হাতীপটি

হাতীপটি হৈছে এখন তাৰকাৰাজ্য। সৌৰ জগতৰ কেন্দ্ৰ সূৰ্য এই তাৰকাৰাজ্যৰ অংশ। ই এক সৰ্পিলাকাৰ তাৰকাৰাজ্য। পৃথিৱী হাতীপটি তাৰকাৰাজ্যৰ কোনো এক অংশত অৱস্থিত। এই তাৰকাৰাজ্যখন ৰাতিৰ সময়ত পৰিষ্কাৰ আকাশৰ এক প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ বিস্তৃত পাতল শুকুলা মেঘৰ দৰে দেখা পোৱা যায়।

হালনাগাদ: ৮ অক্টোবৰ ২০২৪ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

হাতীপটি হৈছে এখন তাৰকাৰাজ্য। সৌৰজগতৰ কেন্দ্ৰ সূৰ্য এই তাৰকাৰাজ্যৰ অংশ। ই এক সৰ্পিলাকাৰ তাৰকাৰাজ্য। পৃথিৱী হাতীপটি তাৰকাৰাজ্যৰ কোনো এক অংশত অৱস্থিত। এই তাৰকাৰাজ্যখন ৰাতিৰ সময়ত পৰিষ্কাৰ আকাশৰ এক প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ বিস্তৃত পাতল শুকুলা মেঘৰ দৰে দেখা পোৱা যায়।

আকৃতি

হাতীপটিৰ ব্যাস আনুমানিক প্ৰায় এক লাখ আলোক-বৰ্ষ বা ৯×১০১৭ কিলোমিটাৰ। ধাৰণা কৰা হয় এই তাৰকাৰাজ্যত কমপক্ষেও ২ লাখ নিযুতৰ পৰা সৰ্বোচ্চ ৪ লাখ নিযুত পৰ্যন্ত নক্ষত্ৰ আছে। সাম্প্ৰতিক পৰ্যবেক্ষণত দেখা গৈছে, আগৰ ধাৰণাতকৈ হাতীপটিৰ ভৰ অনেক বেছি, ইয়াৰ ভৰ পৃথিৱীৰ নিকটবৰ্তী সকলোতকৈ ডাঙৰ তাৰকাৰাজ্য এণ্ড্ৰোমিডাৰ প্ৰায় সমান। আগতে ধাৰণা কৰা হৈছিল যে ইয়াৰ ঘূৰ্ণন বেগ প্ৰায় ২২০ কিমি/ছেকেণ্ড, কিন্তু সাম্প্ৰতিক গবেষণা অনুযায়ী এই বেগ প্ৰায় ২৫৪ কিমি/ছেকেণ্ড পোৱা গৈছে। ইয়াৰ ফলত হাতীপটিৰ সৰ্বমুঠ ভৰ প্ৰায় ৩০ নিযুত কোটি সৌৰ ভৰ বুলি গণনা কৰা হৈছে, যি আগৰ ধাৰণাৰ প্ৰায় দুগুণ।

বয়স

তাৰকাৰাজ্যৰ বয়স নিৰ্ধাৰণ কৰা অত্যন্ত কঠিন। এই তাৰকাৰাজ্যৰ সবাতোকৈ প্ৰাচীন নক্ষত্ৰ হল HE 1523-0901, যাৰ বয়স প্ৰায় ১৩,২০০ নিযুত বছৰ, প্ৰায় বিশ্বব্ৰহ্মাণ্ডৰ বয়সেৰ সমান। ধাৰণা কৰা হয়, প্ৰায় ৬,৫০০ ৰ পৰা ১০,০০০ নিযুত বছৰ আগেয়ে হাতীপটিৰ সৃষ্টি হৈছিল।

সম্পৰ্কিত শ্ৰেণী

জ্যোতিৰ্বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাতীপটি” প্ৰবন্ধৰ সংশোধন ৪৩৬২১৩ (৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।