অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ৰং

ৰং হৈছে মানুহৰ দৃষ্টিয়ে পাৰ্থক্য কৰিব পৰা কিছুমান আলোক ধৰ্ম, এইবোৰ সাধাৰণতে ৰঙা, নীলা, হালধীয়া, সেউজীয়া আৰু আন আন ভাগত বিভক্ত। পোহৰৰ বৰ্ণালীসমূহেই হৈছে ৰঙৰ উৎস হৈছে (বৰ্ণালী হৈছে তৰংগদৈৰ্ঘ্য সাপেক্ষে পোহৰৰ বিতৰণ)।

হালনাগাদ: ১৭ মে’ ২০২৫ ৩৯৭ শব্দ · ২ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

ৰং হৈছে মানুহৰ দৃষ্টিয়ে পাৰ্থক্য কৰিব পৰা কিছুমান আলোক ধৰ্ম, এইবোৰ সাধাৰণতে ৰঙা, নীলা, হালধীয়া, সেউজীয়া আৰু আন আন ভাগত বিভক্ত। পোহৰৰ বৰ্ণালীসমূহেই হৈছে ৰঙৰ উৎস হৈছে (বৰ্ণালী হৈছে তৰংগদৈৰ্ঘ্য সাপেক্ষে পোহৰৰ বিতৰণ)। পোহৰ বৰ্ণালী সমূহ মানৱ চকুৰ আলোক সংবেদনশীল অংশত পৰিলে মানুহে বিভিন্ন ৰঙ সমূহ দেখা পায়। ৰঙৰ ভাগসমূহ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, এইবোৰ হৈছে, কোনো এটা বস্তুৰ পদাৰ্থগত ধৰ্ম, পোহৰৰ উৎস আদি। কোনো এটা বস্তুৰ ৰঙ বস্তুটোৰ অৱশোষণ, প্ৰতিফলন বা নিৰ্গমন বৰ্ণালীৰ ওপৰত নিৰ্ভৰ কৰে।

মানুহৰ চকুৰ ৰেটিনা অংশত থকা কিছুমান বিশেষ কোষ, পোহৰৰ বেলেগ বেলেগ অংশ (বেলেগ বেলেগ তৰংগদৈৰ্ঘ্য)ৰ প্ৰতি বেলেগ বেলেগ ধৰণেৰে সংবেদনশীল, এই সংবেদনশীলতাৰ ওপৰত ভিত্তি কৰি ৰঙ সমূহক ভাগ কৰিব পৰা যায়। অৱশ্যে এই ধাৰণাৰে ৰঙৰ সম্পূৰ্ণ শুদ্ধ শ্ৰেণী বিভাজন সম্ভৱ নহয়।

ৰঙৰ সৈতে জড়িত বিজ্ঞানক ক্ৰ’মেটিকচ,ক্ৰ’মেট’গ্ৰাফী,ক’ল’ৰিমিটি, বা সাধাৰণভাৱে ৰঙ বিজ্ঞান (ক’ল’ৰ চায়েন্স) বুলি কোৱা হয়। এই বিজ্ঞানে মানুহৰ চকু আৰু মগজুৱে পাৰ্থক্য কৰিব পৰা ৰঙবোৰ, বিভিন্ন পদাৰ্থত পোহৰৰ উৎসমূহ, বিভিন্ন কলাত ৰঙৰ তত্ত্ব আৰু বিদ্যুতচুম্বকীয় বিকিৰণ সমূহৰ দৃশ্যমান বৰ্ণালীৰ পদাৰ্থ বিজ্ঞান সম্পৰ্ক আলোচনা কৰে। (সাধাৰণ ভাষাত বিদ্যুতচুম্বক বিকিৰণ সমূহৰ দৃশ্যমান বৰ্ণালীকেই পোহৰ বোলা হয়। )

পদাৰ্থ বিজ্ঞান

sRGB স্পেচত পোহৰৰ এক নীৰৱচ্ছিন্ন বৰ্ণালী
sRGB স্পেচত পোহৰৰ এক নীৰৱচ্ছিন্ন বৰ্ণালীছবি: Spigget · CC BY-SA 3.0
+দৃশ্যমান পোহৰ বৰ্ণালীৰ ৰঙ১
ৰঙতৰংগদৈৰ্ঘকম্পনাংক
ৰঙা~ ৭০০–৬৩৫ নে.মি.~ ৪৩০–৪৮০ টেৰা হাৰ্জ
সুমথিৰা টেঙা~ ৬৩৫–৫৯০ নে.মি~ ৪৮০–৫১০ টেৰা হাৰ্জ
হালধীয়া~ ৫৯০–৫৬০ নে.মি~ ৫১০–৫৪০ টেৰা হাৰ্জ
সেউজীয়া~ ৫৬০–৪৯০ নে.মি~ ৫৪০–৬১০ টেৰা হাৰ্জ
নীলা~ ৪৯০–৪৫০ নে.মি~ ৬১০–৬৭০ টেৰা হাৰ্জ
বেঙুণীয়া~ ৪৫০–৪০০ নে.মি.~ ৬৭০–৭৫০ টেৰা হাৰ্জ
+ৰঙ, তৰংগদৈৰ্ঘ, কম্পনাংক আৰু পোহৰৰ শক্তি
ৰঙ⟨\lambda \,\!⟩ (nm)⟨\nu \,\!⟩ (THz)⟨\nu_b \,\!⟩ (μm−1)⟨E \,\!⟩ (eV)⟨E \,\!⟩ (kJ mol−1)
অৱলোহিত>১০০০<৩০০<১.০০<১.২৪<১২০
ৰঙা৭০০৪২৮১.৪৩১.৭৭১৭১
কমলা৬২০৪৮৪১.৬১২.০০১৯৩
হালধীয়া৫৮০৫১৭১.৭২২.১৪২০৬
সেউজীয়া৫৩০৫৬৬১.৮৯২.৩৪২২৬
নীলা৪৭০৬৩৮২.১৩২.৬৪২৫৪
বেঙুণীয়া৪২০৭১৪২.৩৮২.৯৫২৮৫
অতি বেঙুণীয়া৩০০১০০০৩.৩৩৪.১৫৪০০
অতীব বেঙুণীয়া<২০০>১৫০০>৫.০০>৬.২০>৫৯৮

বিদ্যুত চুম্বকীয় বিকিৰণ এটাৰ সাধাৰণ ধৰ্মসমূহ হৈছে তৰংগদৈৰ্ঘ্য, কম্পনাংক আৰু ইয়াৰ দ্বীপন প্ৰাবল্য। যেতিয়া এনে বিকিৰণৰ তৰংগদৈৰ্ঘ্য দৃশ্যমান বৰ্ণালীৰ সীমাৰ ভিতৰত থাকে তেতিয়া মানৱ চকুৱে এই পোহৰক বিভিন্ন ৰঙ হিচাপে দেখা পায়। দৃশ্যমান বৰ্ণালীৰ সীমা প্ৰায় ৩৯০ নেন’ মিটাৰৰ পৰা ৭০০ নেন’মিটাৰলৈ, ইয়াক দৃশ্যমান পোহৰ বোলা হয়।

সৰহ ভাগ পোহৰৰ উৎস‍ই সাধাৰণতে একেলগে বিভিন্ন তৰংগদৈৰ্ঘ্যৰ পোহৰ নিৰ্গত কৰে, কোনো এটা উৎসৰ বৰ্ণালীয়ে ইয়াৰ পৰা নিৰ্গত বিভিন্ন তৰংগদৈৰ্ঘ্যৰ পোহৰৰ প্ৰাবল্যৰ তথ্য দিয়ে।

বৰ্ণালীৰ ৰঙ

ৰামধেনুৰ বৰ্ণালীৰ চিনাকি সাত ৰঙত দৃশ্যমান পোহৰৰ কোনো এক তৰংগদৈৰ্ঘ্যৰ পৰা সৃষ্টি কৰিব পৰা সকলোবোৰ ৰঙ থাকে, ইহঁতক নিৰ্মল ৰঙ (pure spectral) বা ম’ন’ক্ৰ’মেটিক ৰঙ বোলা হয়। সোঁফালৰ তালিকাত বিভিন্ন নিৰ্মল ৰঙ সমূহৰ কম্পনাংক (হাৰ্জত) আৰু তৰংগদৈৰ্ঘ্য (নেন’ মিটাৰত) দিয়া হৈছে। তৰংগদৈৰ্ঘ্য সমূহ ভেকুৱামত গণনা কৰা হৈছে। (প্ৰতিসৰণ চাওক। )

এই তালিকাত থকা মানবোৰ নিৰ্দিষ্ট নহয়, এই ৰঙসমূহে এক নীৰৱচ্ছিন্ন বৰ্ণালীৰ সৃষ্টি কৰে, আৰু ইহঁতৰ মাজত প্ৰকৃতাৰ্থত কোনো স্পষ্ট বিভাজন ৰেখা নাথাকে, ইহঁতক আগৰে পৰা চলি অহা কিছুমান ধাৰণাৰ ভিত্তিতহে বিভিন্ন ৰঙত ভাগ কৰা হয়। সাধাৰণভাৱে পোহৰ বৰ্ণালীক ছটা প্ৰধান পোহৰৰ পটীত ভাগ কৰিব পৰা যায়, সেইকেইটা হ’ল ৰঙা, কমলা, হালধীয়া, সেউজীয়া, নীলা আৰু বেঙুণীয়া, নিউটনে নীলা আৰু বেঙুণিয়াৰ মাজত সপ্তম পটী ঘণনীলাৰ উল্লেখ কৰিছিল।

কোনো বৰ্ণালীৰ ৰঙৰ পোহৰৰ প্ৰাবল্যৰ ভিন্নতাৰ বাবে ই চাওঁতাজনৰ চকুত কিছু বেলেগ ৰঙ হিচাপে দেখা দিব পাৰে, যেনে, কম প্ৰাবল্যৰ কমলা-হালধীয়াক চাওঁতা জনে মুগা ৰঙৰ দৰে দেখিব পাৰে, নাইবা কম প্ৰাবল্যাৰ হালধীয়া-সেউজীয়াক জলফাই বৰণৰ সেউজীয়া ৰূপে দেখিব পাৰে।

তথ্যসূত্ৰ

  1. ↑ Craig F. Bohren. (2006). Fundamentals of Atmospheric Radiation: An Introduction with 400 Problems. Wiley-VCH. ISBN 3-527-40503-8

সম্পৰ্কিত শ্ৰেণী

আলোক বিজ্ঞানপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰং” প্ৰবন্ধৰ সংশোধন ৫০৯৪০২ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।