অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

সালোক সংশ্লেষণ

সালোক সংশ্লেষণ হৈছে উদ্ভিদ বা অন্য জীৱই পোহৰ শক্তি, বিশেষকৈ সূৰ্যৰ পোহৰক ৰাসায়নিক শক্তিলৈ পৰিবৰ্তন কৰা এটা প্ৰক্ৰিয়া। এই ৰাসায়নিক শক্তিকেই জীৱই জীৱৰ বিভিন্ন কাৰ্য সমূহত ইন্ধন হিচাপে ব্যৱহাৰ কৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৩০ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ
উদ্ভিদৰ সালোক সংশ্লেষণৰ সংক্ষিপ্ত সমীকৰণ
উদ্ভিদৰ সালোক সংশ্লেষণৰ সংক্ষিপ্ত সমীকৰণছবি: ZooFari · Public domain

সালোক সংশ্লেষণ হৈছে উদ্ভিদ বা অন্য জীৱই পোহৰ শক্তি, বিশেষকৈ সূৰ্যৰ

পোহৰক ৰাসায়নিক শক্তিলৈ পৰিবৰ্তন কৰা এটা প্ৰক্ৰিয়া। এই ৰাসায়নিক শক্তিকেই জীৱই জীৱৰ বিভিন্ন কাৰ্য সমূহত ইন্ধন হিচাপে ব্যৱহাৰ কৰে। উদ্ভিদে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা সৃষ্টি কৰা চেনিৰ দৰে শৰ্কৰা অনুত এই ৰাসায়নিক শক্তি সঞ্চিত কৰি ৰাখে। সালোক সংশ্লেষণৰ মূল ইংৰাজী শব্দ Photosynthesis, গ্ৰীক ভাষাৰ φῶς, phōs, "পোহৰ" বা "আলোক", আৰু σύνθεσις, synthesis, "সংশ্লেষণ কৰা"ৰ পৰা আহৰণ কৰা হৈছে।১ বহুক্ষেত্ৰত সালোক সংশ্লেষণৰ ফলত শক্তিৰ পৰিবৰ্তনৰ উপৰিও অক্সিজেনৰ উৎপাদন হয়। বেছিভাগ উদ্ভিদ, বেছিভাগ শেলাই, আৰু চাইন'বেক্টেৰিয়াই সালোক সংশ্লেষণ কৰে; এনে জীৱক সালোক সংশ্লেষী বোলে। সালোক সংশ্লেষণে বায়ুমণ্ডলৰ অক্সিজেন স্তৰ বজাই ৰাখে আৰু পৃথিৱীত জীৱনৰ বাবে প্ৰয়োজনীয় সকলো জৈৱ যৌগ আৰু প্ৰায় সকলো শক্তিৰ যোগান ধৰে।২

ভিন্ন জীৱই ভিন্ন প্ৰক্ৰিয়াৰে সালোক সংশ্লেষণ কৰে, এই প্ৰক্ৰিয়া সেউজীয়া বৰণৰ পত্ৰহৰিৎ কণা সমৃদ্ধ বিক্ৰিয়া কেন্দ্ৰ নামৰ মাংসসাৰ বিধে পোহৰৰ পৰা শক্তি শোষণ কৰাৰ ফলতেই আৰম্ভ হয়। উদ্ভিদৰ ক্ষেত্ৰত, এই প্ৰ'ট্ৰিন বিধ, পত্ৰকোষত সৰহকৈ পোৱা ক্ল'ৰ'প্লাষ্টৰ ভিতৰত থাকে, আনহাতে বেক্টেৰিয়াৰ প্লাজমা আৱৰণত লাগি থাকে। এই আলোক-নিৰ্ভৰ বিক্ৰিয়াসমূহত কিছু শক্তি, অক্সিজেন গেছ উৎপাদনৰ বাবে উপযুক্ত উপাদান, যেনে পানী আদিৰ পৰা ইলেকট্ৰন অপসাৰণত খৰচ হয়। অক্সিজেনৰ বাদে, NADPH আৰু ATP নামৰ অন্য দুটা যৌগৰ সৃষ্টিয়েও কোষৰ শক্তি মূল্য সীমিত কৰে।

উদ্ভিদ, শেলাই, আৰু চাইন'বেক্টেৰিয়াৰ ক্ষেত্ৰত, কেলভিন চক্ৰ নামৰ এলানি আলোক-নিৰ্ভৰ বিক্ৰিয়াৰ জৰিয়তে শৰ্কৰাৰ উৎপাদন হয়, কিন্তু কিছুমান বেক্টেৰিয়াৰ ক্ষেত্ৰত, ৰিভাৰ্ছ ক্ৰেবছ চাইকলৰ দৰে ভিন্ন প্ৰক্ৰিয়া সংঘটিত হয়। কেলভিন চক্ৰত, ৰুবিলজ বাইফছফেট (RuBP)ৰ দৰে কোষত পূৰ্বৰে পৰা থকা জৈৱ কাৰ্বন যৌগৰ সৈতে বায়ুমণ্ডলীয় কাৰ্বনৰ সংযোজন ঘটে।৩ আলোক-নিৰ্ভৰ বিক্ৰিয়াত সৃষ্টি হোৱা ATP আৰু NADPHৰ সন্মিলনত অৱশেষত গ্ল'কজৰ দৰে শৰ্কৰাৰ সৃষ্টি হয়।

সম্ভৱতঃ জীৱনৰ বিৱৰ্তনিক ইতিহাসৰ দোকমোকালিতেই সালোক সংশ্লেষী জীৱৰ সৃষ্টি হৈছিল আৰু ইলেক্ট্ৰ'নৰ উৎসৰ অপসাৰক প্ৰতিনিধি হিচাপে পানীৰ সলনি উদজান বা হাইড্ৰজেন ছালফাইড ব্যৱহাৰ কৰিছিল।৪ পিছত চাইন'বেক্টেৰিয়াৰ আবিৰ্ভাৱ হয়; ইহঁতেই বায়ুমণ্ডলত অতিৰিক্ত অক্সিজেনৰ যোগান ধৰে,৫ যাৰ বাবে পৃথিৱীত জটিল জীৱৰ বিৱৰ্তন সম্ভৱ হৈ উঠে। বৰ্তমান, সলোক সংশ্লেষণৰ দ্বাৰা হোৱা গড় শক্তি সংৰক্ষণৰ পৰিমাণ প্ৰায় ১৩০ টেৰাৱাট,৬৭৮ যিটো বৰ্তমান মানৱ সভ্যতাই ব্যৱহাৰ কৰা শক্তিৰ প্ৰায় তিনিগুণ।৯ সালোক সংশ্লেষী জীৱবোৰে বছৰি প্ৰায় ১০০–১১৫ হাজাৰ মেট্ৰিক টন কাৰ্বন জৈৱ ইন্ধনলৈ ৰূপান্তৰ কৰে।১০১১

তথ্যসূত্ৰ

  1. ↑ photosynthesis. Online Etymology Dictionary
  2. ↑ Bryant DA, Frigaard NU. (November 2006). Prokaryotic photosynthesis and phototrophy illuminated. Trends Microbiol.. পৃ. 488–96
  3. ↑ Reece J, Urry L, Cain M, Wasserman S, Minorsky P, Jackson R. Biology. Pearson Education. পৃ. 235, 244. ISBN 0-321-73975-2
  4. ↑ Olson JM. (May 2006). Photosynthesis in the Archean era. Photosyn. Res.. পৃ. 109–17
  5. ↑ Buick R. (August 2008). When did oxygenic photosynthesis evolve?. Philos. Trans. R. Soc. Lond., B, Biol. Sci.. পৃ. 2731–43
  6. ↑ Nealson KH, Conrad PG. (December 1999). Life: past, present and future. Philos. Trans. R. Soc. Lond., B, Biol. Sci.. পৃ. 1923–39
  7. ↑ Whitmarsh J, Govindjee. (1999). Concepts in photobiology: photosynthesis and photomorphogenesis. Kluwer Academic Publishers. পৃ. 11–51. ISBN 0-7923-5519-9
  8. ↑ Steger U, Achterberg W, Blok K, Bode H, Frenz W, Gather C, Hanekamp G, Imboden D, Jahnke M, Kost M, Kurz R, Nutzinger HG, Ziesemer T. (2005). Sustainable development and innovation in the energy sector. Springer. পৃ. 32. ISBN 3-540-23103-X
  9. ↑ (July 31, 2006). World Consumption of Primary Energy by Energy Type and Selected Country Groups, 1980–2004. Energy Information Administration
  10. ↑ Field CB, Behrenfeld MJ, Randerson JT, Falkowski P. (July 1998). Primary production of the biosphere: integrating terrestrial and oceanic components. Science. পৃ. 237–40
  11. ↑ (2007). McGraw-Hill Encyclopedia of Science & Technology. McGraw-Hill. ISBN 0-07-144143-3

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সালোক সংশ্লেষণ” প্ৰবন্ধৰ সংশোধন ৬২৪৩৭৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।