অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ভিটামিন

ভিটামিন (vitamins) বা খাদ্যপ্ৰাণ হ'ল একপ্ৰকাৰ প্ৰবল শক্তিসম্পন্ন জৈৱ-ৰাসায়নিক যৌগ। ১৯১২ চনত প'লেণ্ডৰ ৰসায়নবিদ কেছিমিৰ ফ্ৰেংকে সৰ্ব্বপ্ৰথমে খাদ্যত থকা এই দ্ৰব্যবোৰক 'ভিটামিন' বুলি নামকৰণ কৰিছিল। ভিটামিনবোৰক ইংৰাজী বৰ্ণমালাৰ আখৰ কিছুমানৰ দ্বাৰা নামকৰণ কৰা হয়।

হালনাগাদ: ২৩ মে’ ২০২৬ ১,১৩৪ শব্দ · ৬ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ভিটামিন (vitamins) বা খাদ্যপ্ৰাণ হ'ল একপ্ৰকাৰ প্ৰবল শক্তিসম্পন্ন জৈৱ-ৰাসায়নিক যৌগ। ১৯১২ চনত পোলেণ্ডৰ ৰসায়নবিদ কেছিমিৰ ফ্ৰেংকে সৰ্ব্বপ্ৰথমে খাদ্যত থকা এই দ্ৰব্যবোৰক 'ভিটামিন' বুলি নামকৰণ কৰিছিল। ভিটামিনবোৰক ইংৰাজী ভাষা বৰ্ণমালাৰ আখৰ কিছুমানৰ দ্বাৰা নামকৰণ কৰা হয়। যেনে - ভিটামিন A,C,D,E,K আৰু B কমপ্লেক্স। ভিটামিন বা খাদ্যপ্ৰাণ হ'ল একপ্ৰকাৰৰ জটিল জৈৱ যৌগ যি পৰিমাণত অলপ হ'লেও প্ৰাণীদেহৰ বৃদ্ধিৰ বাবে অতি আৱশ্যকীয়। ইয়াৰ অভাৱত প্ৰাণীদেহে বিভিন্ন ধৰণৰ ৰোগৰ সন্মুখীন হয়১।

সংজ্ঞা

ভিটামিন বা খাদ্যপ্ৰাণবোৰে জৈৱ অনুঘটকৰূপে ক্ৰিয়া কৰি প্ৰাণীদেহৰ স্বাভাৱিক বৃদ্ধি, বিভিন্ন ৰোগ প্ৰতিৰোধ আৰু শৰীৰ বিষয়ক (physiology) কাৰ্য সম্পন্ন কৰে। কিছুমান ভিটামিনে ক'এনজাইম বা সহ-উৎসেচক হিচাপে উৎসেচকৰ ক্ৰিয়াত সহায় কৰে। সেয়েহে, ভিটামিনৰ অভাৱ হ'লে উৎসেচকৰ ক্ৰিয়াত ব্যাঘাত জন্মে। ভিটামিনবোৰ প্ৰধানত: প্ৰাণীৰ বৃদ্ধি আৰু বিকাশৰ বাবে অপৰিহাৰ্য। ভিটামিনবোৰৰ শক্তি উৎপাদন ক্ষমতা নাই কিন্তু প্ৰাণীদেহৰ বিভিন্ন বিপাকীয় ক্ৰিয়াৰ বাবে এইবোৰ অতি আৱশ্যকীয়।

ভিটামিনৰ বৈশিষ্ট্য

  1. জীৱদেহৰ স্বাভাৱিক পুষ্টি, বৃদ্ধি প্ৰভৃতি অত্যাৱশ্যকীয় জীৱন-প্ৰক্ৰিয়া সুস্থভাৱে সম্পাদনৰ বাবে ভিটামিন অপৰিহাৰ্য।
  2. বেছিভাগ ভিটামিনৰ প্ৰধান উৎস হ'ল উদ্ভিদ; অৱশ্যে কিছুমান ভিটামিন প্ৰাণী তথা মানুহৰ দেহত সংশ্লেষিত হয়।
  3. খাদ্যত ভিটামিন অতি অলপ পৰিমাণে থাকিলেও ই কোষ (জীৱবিজ্ঞান)ৰ নানাবিধ বিপাকীয় ক্ৰিয়াত সাহায্য কৰে।
  4. ভিটামিনৰ শক্তি উৎপাদনৰ ক্ষমতা সাধাৰণতে নাথাকে যদিও পৰোক্ষভাৱে ই শক্তি উৎপাদনত সহায় কৰে।
  5. খাদ্য বেছি সিদ্ধ কৰিলে নাইবা শুকালে অধিকাংশ ভিটামিন বিনষ্ট হয়।
  6. বিভিন্ন ভিটামিনৰ অভাৱত বিপাকীয় ক্ৰিয়া বিঘ্নিত হয় আৰু ভিটামিনৰ অভাৱজনিত নানা ৰোগৰ সৃষ্টি হয়১।

ভিটামিনৰ প্ৰকাৰভেদ

দ্ৰৱণীয়তাৰ ওপৰত নিৰ্ভৰ কৰি ভিটামিনবোৰক দুটা প্ৰধান ভাগত বিভক্ত কৰা হয় - ফেটত দ্ৰৱণীয় ভিটামিন (ভিটামিন A,D,E আৰু K) আৰু পানীত দ্ৰৱণীয় ভিটামিন (ভিটামিন B কমপ্লেক্স আৰু C )।

ফেটত দ্ৰৱণীয় ভিটামিন এইবোৰ ভিটামিন ফেটত দ্ৰৱণীয় আৰু যকৃতত জমা হৈ থাকে। দেহত শোষণৰ বাবে পিত্তলৱণ আৰু ফেটৰ প্ৰয়োজন।

ভিটামিন A

মেক কলামে ১৯১২ চনত পোনপ্ৰথমে এইবিধ ভিটামিন চিনাক্তকৰণ কৰে। ইয়াক এণ্টি জেৰ'পথেলমিক (anti xerophthalmic) ভিটামিন বুলিও কোৱা হয়।

ৰসায়ন

সেউজীয়া উদ্ভিদত থকা কেৰ'টিন (carotene) জাতীয় পদাৰ্থৰ পৰা ভিটামিন A সংশ্লেষিত হয়। ভিটামিন A-ৰ প্ৰধান উৎস (precursor) হ'ল -ß কেৰ'টিন। ই ১৮টা কাৰ্বন শিকলিৰ দ্বাৰা সংযোজিত দুটা ß আয়নন(ß-ionone) আঙঠি (ring) ৰ দ্বাৰা গঠিত। এটা ß কেৰ'টিন অণুৰ জাৰণ (oxidation) হ'লে দুটাকৈ ভিটামিন অণুৰ সৃষ্টি হয়। ইয়াৰ ৰাসায়নিক বিন্যাস হ'ল C20H30O১।

উৎস

সেউজীয়া পাতযুক্ত পাচলি, গাজৰ, চালগোম, বিলাহী, কণী, মাখন, মাছ আৰু গাখীৰ আদিত পোৱা যায়।

কাৰ্যসমূহ

  1. দেহৰ সামগ্ৰিক বৃদ্ধি।
  2. চকুৰ আৱৰণী কলাস্তৰৰ সাধাৰণ গঠন।
  3. দৃষ্টিশক্তি অক্ষুণ্ণ ৰখা।
  4. স্নায়ুকোষ আৰু পেশীকোষৰ পুষ্টি সাধন কৰা।
  5. হাড় আৰু দাঁতৰ স্বাভাৱিক বিকাশত অংশগ্ৰহণ কৰা।
  6. জননাংগৰ গঠন আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা।

অভাৱজনিত ৰোগসমূহ

  1. দেহৰ স্বাভাৱিক বৃদ্ধি আৰু ওজন হ্ৰাস পোৱা।
  2. কুকুৰীকণা (ৰাতি নেদেখা বা nyctalopia) জেৰ'পথেলমিয়া (শুষ্কাক্ষি ৰোগ), চকুৰ পৰ্দাৰ অস্বচ্ছতা (keratomalcia)ৰোগ হোৱা।
  3. ছালৰ স্থূলতা আৰু শুষ্কতাৰ বাবে চৰ্মৰোগ ফ্ৰাইন'ডাৰমা (phrynoderma) হয়।
  4. অন্ত্ৰ, শ্বাসনলী, বৃক্ক, মূত্ৰনলী আৰু স্নায়ু তন্ত্ৰৰ ক্ষয়ৰোগ হয়।
  5. হাড়ৰ অসামঞ্জস্য আৰু জনন ক্ষমতাৰ ক্ৰটিয়ে দেখা দিয়ে।

প্ৰয়োজনীয়তা

প্ৰাপ্তবয়স্ক মানুহৰ ৫০০ আন্তৰ্জাতিক একক(international unit I.U.)। শিশু, গৰ্ভৱতী নাৰী তথা সন্তানক গাখীৰ খুওৱা মহিলাৰ ৬০০০-৮০০০ I.U.(1 I.U.=0.344 মাইক্ৰ'গ্ৰাম)১।

ভিটামিন D

এই ভিটামিনক কেলচিফেৰল (calciferol) বুলিও কোৱা হয়।

ৰসায়ন

এইবোৰ ষ্টিৰল (sterol) জাতীয় পদাৰ্থ। কেলচিফেৰল প্ৰধানত দুই ধৰণৰ- আৰ্গকেলচিফেৰল (vit.D2) আৰু ৭-হাইড্ৰ'ক্সিকেলচিফেৰল (vit.D3)। আৰ্গষ্টিৰলৰ পৰা তলত দিয়া ধৰণে ভিটামিন D2 সৃষ্টি হয়।

আৰ্গ'ষ্টিৰল →→লুমিষ্টিৰল2 →→টেকিষ্টিৰল2 →→ভিটামিন D2

উৎস

গাখীৰ, মাখন, কণী, কড মাছৰ যকৃৎৰ তেল আদিত পোৱা যায়। এই ভিটামিন সূৰ্যৰ ৰশ্মিৰ (অতি বেঙুনীয়া ৰশ্মি) প্ৰভাৱত দেহত্বকত সংযোজন হয়।

কাৰ্যসমূহ

  • অন্ত্ৰত কেলচিয়াম আৰু ফছফৰাছৰ শোষণ নিয়ন্ত্ৰণ কৰে।
  • দাঁত আৰু হাঁড়ৰ গঠন আৰু পুষ্টিত অংশগ্ৰহণ কৰে।
  • পেৰাথাইৰইড গ্ৰন্থিৰ কাৰ্যক্ষমতা অক্ষুণ্ণ ৰাখে।
  • বৃক্কৰ দ্বাৰা ফছফেট বহিষ্কাৰ কৰি লসিকা ৰসত ফছফেটৰ গাঢ়তা কমাই দিয়ে।
  • অন্ত্ৰৰ পশ্চাৎঅংশৰ pH কমাই দিয়ে, ফলত কেলচিয়াম আৰু ফছফ'ৰাছ দেহত শোষিত হয়।

অভাৱজনিত ৰোগ

  • শিশুবোৰৰ ৰিকেট (ricket) ৰোগ হয়। এই ৰোগত দেহৰ হাড়সমূহৰ গঠন বিকৃত হয়।
  • বয়স্কলোকৰ ক্ষেত্ৰত অস্থিবিকৃতি (osteomalcia) ৰোগ হয়।
  • দাঁত আৰু হাড়ৰ গঠন ব্যাহত হয়।
  • কেলচিয়াম আৰু ফছফ'ৰাছৰ বিপাক ক্ৰিয়াত বাধা জন্মে।

প্ৰয়োজনীয়তা

শিশু,গৰ্ভৱতী আৰু স্তনদাত্ৰী স্ত্ৰীলোক আৰু পুৰুষৰ দৈনিক চাহিদা ৪০০I.U। এক একক হ'ল ০.০২৫ মাইক্ৰ'গ্ৰাম।১।

ভিটামিন E

এই ভিটামিন বন্ধ্যাত্ব প্ৰতিৰোধী (antisteritity) ভিটামিন বা ট'ক'ফেৰল (tocopherol) বুলি কোৱা হয়।

ৰসায়ন

এই যৌগসমূহৰ ৰাসায়নিক নাম ট'ক'ফেৰল। ট'ক'ফেৰল দুটা আঙঠিযুক্ত জৈৱ যৌগ। ই চাৰি ধৰণৰ -α,β,৪,δ আৰু ট'ক'ফেৰাল। ইয়াৰ ৰাসায়নিক বিন্যাস হ'ল C29H50O2।

উৎস

উদ্ভিদৰ পৰা উৎপন্ন হোৱা তেল (যেনে-ছয়াবিন তেল, গম তেল ইত্যাদি) কণী, মাংস, যকৃৎ, মাছ আদিত এই ভিটামিন থাকে।

কাৰ্যসমূহ

  • এই ভিটামিনে পেশী, স্নায়ু নাইবা জননাংগীয় পাচক ৰসসমূহ নষ্ট নোহোৱাকৈ ৰাখে।
  • শৰীৰৰ পেশীসমূহৰ স্বাভাৱিক বিকাশ নিয়ন্ত্ৰণ কৰে।
  • ভ্ৰূণৰ স্বাভাৱিক বৃদ্ধি নিয়ন্ত্ৰণ কৰে।
  • শুক্ৰাণুৰ বিকাশত সহায় কৰে।

অভাৱজনিত ৰোগ

  • পেশীৰ শিথিলতাই দেখা দিয়ে।
  • যকৃৎৰ যক্ষ্মা (nacrosis) হয়।
  • মাতৃদেহত ভ্ৰূণৰ মৃত্যু আৰু গৰ্ভপাত হয়।
  • মতা প্ৰাণীৰ ক্ষেত্ৰত শুক্ৰাশয়ৰ গঠন টুটি যায় আৰু বন্ধ্যাত্বপ্ৰাপ্তি হোৱা দেখা যায়।

প্ৰয়োজনীয়তা

পূৰ্ণবয়স্ক পুৰুষৰ ৩০ I.U., স্ত্ৰীৰ ক্ষেত্ৰত ২৫ I.U., গৰ্ভবতী নাৰীৰ ৩০ I.U.,এক I.U. সমান ০.৬৭ মিলিগ্ৰাম।

ভিটামিন K

এই ভিটামিনক ৰক্তক্ষৰণ প্ৰতিৰোধী ভিটামিন বুলি কোৱা হয়।

ৰসায়ন

ভিটামিন K যুক্ত যৌগবোৰক নেপথ'কুইন'ন (napthoquinone) বোলে। ভিটামিন K দুই ধৰণৰ - K1 ফাইল'কুইন'ন (phylloquinone)-সাধাৰণতে সেউজীয়া উদ্ভিদত পোৱা যায় আৰু K2 ফাৰ্ন'কুইন'ন (farnoquinone) - মাছত পোৱা যায়। ইয়াৰ ৰাসায়নিক বিন্যাস হ'ল C31H46O2।

উৎস

সেউজীয়া উদ্ভিদ, যেনে-বন্ধাকবি, ছয়াবিন, শাক আদি আৰু মাছ, কণী, মাংস, গাখীৰত এই ভিটামিন থাকে। মানুহৰ অন্ত্ৰত বাস কৰা পৰজীৱী বেক্টেৰিয়াই ভিটামিন K সংশ্লেষণ কৰে।

কাৰ্যসমূহ

  • এই ভিটামিনে প্ৰ'থ্ৰমবিন (prothrombin) সৃষ্টিত সহায় কৰি ৰক্ত তঞ্চত (blood coagulation) ক্ৰিয়াত অংশগ্ৰহণ কৰে।
  • এই ভিটামিনে মাইট'কণ্ড্ৰিয়াত ঘটা অক্সিডেটিভ ফছফ'ৰিলেছন (oxydative phosphorylation) ক্ৰিয়াত অংশগ্ৰহণ কৰে।
  • পিত্ত নি:সৰণত সহায় কৰে।

অভাৱজনিত ৰোগ

  • এই ভিটামিনৰ অভাৱত তেজ গোট নামাৰে, ফলত ক্ষত স্থানৰ ৰক্তক্ষৰণ বন্ধ নহয়। ইয়াক হাইপ'প্ৰ'থ্ৰমবিনিমিয়া (hypoprothrombinemia) বোলে।
  • জননাংগৰ কাৰ্য হ্ৰাস পাই বন্ধ্যাত্বপ্ৰপ্তি ঘটে।

প্ৰয়োজনীয়তা

দৈনিক চাহিদা ৫ মিলিগ্ৰাম।১।

পানীত দ্ৰৱণীয় ভিটামিন

ভিটামিন B কমপ্লেক্স

ভিটামিন B কমপ্লেক্স আঠটা B ভিটামিনৰ দ্বাৰা গঠিত:

B-1 (থিয়ামিন), B-2 (ৰাইবোফ্লেভিন), B-3 (নিয়াচিন), B-5 (পেণ্টোথেনিক এচিড), B-6 (পাইৰিডক্সিন), B-7 (বায়োটিন), B-9 (ফলিক এচিড), B-12 (কোবালামিন)

উৎস: ফল-মূল, আটা-ময়দা, ঢেকীত খুন্দা চাউল, বাদাম, শাক-পাচলি, দাইল আদিত B ভিটামিন থাকে।

অভাৱজনিত ৰোগঃ B-1 ভিটামিনৰ অভাৱত বেৰি বেৰি নামে এক অসুখ হয়। বেৰি বেৰি ৰোগৰ প্ৰধান লক্ষণ হৈছে হাত ভৰি ফুলি যোৱা বা হাত ভৰিত বিষ হোৱা, বুকুৰ বিষ আৰু হৃদপিণ্ডৰ অসুখ হোৱা।

এই ৰোগত স্নায়ু বিলাক ফুলি যায় বাবে হাত আৰু ভৰি জিনজিনাই, লৰচৰ কৰিব নোৱাৰা হয়। হৃদপিণ্ড দুৰ্বল হৈ পৰে আৰু আকাৰত ডাঙৰ হৈ পৰে। পেটৰ ভিতৰত পানী জমা হৈ পেটটো ডাঙৰ হৈ যায়।

ভিটামিন C

ভিটামিন চি (C ) হৈছে পানীত দ্ৰৱণীয় ভিটামিন। ইয়াক ASCORBIC ACID / ANTISCORBUTIC VITAMIN হিচাপেও জনা যায়। ভিটামিন চি ক ১৯২৮ চনত SZENT-GYORGYI এ কমলা ৰসৰ পৰা পৃথক কৰিছিল।

ভিটামিন চি ৰ উৎস সমূহঃ ভিটামিন চি ৰ উত্তম উৎস সমূহ হৈছে টেঙাজাতীয় ফল (citrus fruits) যেনে-নেমু, কমলা, ৰবাব আদি। ইয়াৰ উপৰিও বেৰী, তৰমুজ, বিলাহী, কবি আদিতো ভিটামিন চি পোৱা যায়।

শৰীৰত ভিটামিন চি ৰ ক্ৰিয়া(FUNCTIONS OF VITAMIN C):

১। কলাজেন সংশ্লেষণত ভিটামিন চি ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

২.তেজত CHOLESTEROL দ্ৰবীভূত হোৱাত সহায় কৰে।

৩. শৰীৰৰ বিভিন্ন stress (চাপ, হেঁচা) আদিক বাধা দিয়ে।

৪.শাকপাচলি, cereals আৰু ফলমুলৰ পৰা আয়ৰন শোষণ বৃদ্ধি কৰে।

অভাৱজনিত ৰোগঃ ভিটামিন চি ৰ অভাৱ হ'লে স্কাৰ্ভি ৰোগে দেখা দিয়ে। এই ৰোগৰ pathological লক্ষণ সমূহ হৈছে ছালত জোলা ফুটা (skin eruptions),swollen, bleeding gums, loosening of the teeth, haemorrhages, সহজে হাড় ভগা, সহজে বীজানুৰ দ্বাৰা আক্ৰান্ত হোৱা আদি।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে, বীণা লাইব্ৰেৰী, কলেজ হোষ্টেল ৰোড, পানবজাৰ, গুৱাহাটী -৭৮৭০০১, অসম।

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞানজৈৱিক ৰসায়ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিটামিন” প্ৰবন্ধৰ সংশোধন ৬০৮০৪৫ (২৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।