স্নায়ু (Nerve) হৈছে এক্সন নামৰ এবিধ দীঘল আঁহৰ থুপ, যি শৰীৰৰ প্ৰতিটো অংগক কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ সৈতে সংযুক্ত কৰে। ই হৈছে স্নায়ু তন্ত্ৰৰ এক আবদ্ধ প্ৰণালী। স্নায়ু তন্ত্ৰ হৈছে জীৱদেহৰ ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু শৰীৰৰ বভিন্ন অংশলৈ সংকেত পৰিবহন কৰা এক অংগ তন্ত্ৰ। প্ৰায় সকলো জীৱ প্ৰজাতিৰে স্নায়ু তন্ত্ৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (CNS) আৰু প্ৰান্তীয় স্নায়ু তন্ত্ৰ (PNS) নামৰ দুটা ভাগত বিভক্ত। মস্তিষ্ক আৰু স্নায়ু ৰজ্জু লগলাগি কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ গঠিত হয়। প্ৰান্তীয় স্নায়ু তন্ত্ৰ প্ৰধানকৈ স্নায়ুৰ দ্বাৰা গঠিত। এডাল স্নায়ুৰ ভিতৰেদি শৰীৰৰ কোনো এটা অংগৰ পৰা এক্সনৰ যোগেদি বিদ্যুৎৰাসায়নিক স্পন্দন কেন্দ্ৰীয় স্নায়ু তন্ত্ৰলৈ পৰিবাহিত হয়। ইন্দ্ৰিয়ৰ ক্ষেত্ৰত এই স্পন্দন বিপৰীত দিশেও পৰিবাহিত হয়। স্নায়ুত থকা প্ৰত্যেকডাল এক্সন নিউৰণ নামৰ স্নায়ুকোষেৰে গঠিত, ইয়াৰ ওপৰত স্কোৱান কোষে (Schwann cell) মায়েলিনৰ প্ৰলেপেৰে আৱৰি ৰাখে।
প্ৰত্যেক স্নায়ুৰ ভিতৰত, প্ৰত্যেকডাল এক্সনক এণ্ডনিউৰিয়াম নামৰ এবিধ সংযোজী কলাৰে আৱৰি থাকে। এক্সনসমূহে ফেচিকল নামৰ এটা গুচ্ছ গঠন কৰে, আৰু প্ৰত্যেকটো গুচ্ছ পেৰিনিউৰিয়াম নামৰ এবিধ সংযোজী কলাৰে আবৃত হৈ থাকে। শেষত গোটেই স্নায়ুডালৰ চাৰিওকাষে এপিনিউৰিয়াম নামৰ সংযোজী কলাৰ এটা আৱৰণ থাকে।
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ এই গঠনটোক ট্ৰেক্ছ (tracts) বুলি কোৱা হয়।১২
শৰীৰতত্ত্ব
সংকেত পৰিবহনৰ ওপৰত নিৰ্ভৰ কৰি স্নায়ুক তিনিটা ভাগত ভাগ কৰা হয়:
- সংবেদী স্নায়ু, অন্তৰ্বাহী স্নায়ু (Afferent nerve): এনে স্নায়ুয়ে ৰিছিপ্টৰ বা গ্ৰাহক কোষৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ উদ্দীপনা বহন কৰি লৈ যায়। সংবেদী নিউৰন বা স্নায়ুকোষৰ পৰা তৈয়াৰ হোৱা বাবে এইবোৰক সংবেদী স্নায়ু বোলা হয়। দৰ্শন অনুভূতিৰ বাবে অপটিক নাৰ্ভ, ঘ্ৰাণৰ বাবে অলফেক্টৰি নাৰ্ভ আৰু শ্ৰৱণৰ বাবে অডিটৰি নাৰ্ভ এই শ্ৰেণীৰ স্নায়ু।
- চেষ্টীয় স্নায়ু, বহিৰ্বাহী স্নায়ু (Efferent nerve): এনে স্নায়ুয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা অনুভূতি লৈ আনি ইনফেক্টৰ বা কাৰক কোষত দিয়ে। মটৰ নিউৰনৰ স্নায়ুতন্ৰৰ দ্বাৰা তৈয়াৰি বাবে এনে স্নায়ুক মটৰ নাৰ্ভ বা চেষ্টীয় স্নায়ু বোলা হয়। তৃতীয় কৰোটি স্নায়ু বা অকুলোমোটৰ নাৰ্ভ আৰু ষষ্ঠ কৰোটি স্নায়ু বা এব্দোছেন্স নাৰ্ভ এই গোত্ৰে।
- মিশ্ৰ স্নায়ু (Mixed nerve): এই স্নায়ুবোৰ একে লগে অন্তৰ্বাহী আৰু বহিৰ্বাহী হয়। অৰ্থাৎ উভয়মুখে এই স্নায়ুয়ে অনুভূতি কঢ়িয়াই নিয়ে। সংবেদী আৰু মটৰ দুয়ো প্ৰকাৰৰ স্নায়ুতন্ত্ৰৰ দ্বাৰা গঠিত হোৱা বাবে এনে স্নায়ুক মিশ্ৰ স্নায়ু বোলে। সপ্তম কৰোটি স্নায়ু বা ফেছিয়েল নাৰ্ভ, দশম কৰোটি স্নায়ু বা ভেগাছ নাৰ্ভ হল এই শ্ৰেণীৰ অন্তৰ্ভুক্ত।
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ সৈতে সংযুক্ত হোৱা স্থান অনুসৰি স্নায়ুবোৰক দুটা ভাগত ভাগ কৰা হয়:
- ৰজ্জু স্নায়ু (Spinal nerves): এই স্নায়ুবোৰ দেহৰ প্ৰায় সকলো অংগলৈকে বিস্তৃত হৈ আছে। দেহৰ মেৰুদণ্ডৰ পৰা স্নায়ু ৰজ্জুলৈ তথা কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ সৈতে সংযুক্ত হৈ থাকে। মেৰুদণ্ডৰ পৰা স্নায়ুৰজ্জুলৈ থকা সংযোগৰ ওপৰত নিৰ্ভৰ কৰি এই স্নায়ুবোৰৰ নামকৰণ (letter-number designations) কৰা হয়।
- ক্ৰেনিয়েল নাৰ্ভ (Cranial nerves): এই স্নায়ুবোৰ মূৰৰ কিছুমান অংশত থাকে আৰু মস্তিষ্কৰ সৈতে পোনপতীয়াকৈ সংযুক্ত হৈ থাকে। এই স্নায়ুবোৰ সাধাৰণতে ৰোমান সংখ্যা ১ − ১২ ৰ ভিত্তিত কৰা হয়, কেতিয়াবা ০ সংখ্যাটোও ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি, ক্ৰেনিয়েল নাৰ্ভবোৰৰ নাম বৰ্ণনামূলক হয়।
তথ্যসূত্ৰ
- ↑ (2008). Neuroscience. Sinauer Associates. পৃ. 11–20. ISBN 978-0-87893-697-7
- ↑ (2007). Human Anatomy & Physiology. Pearson. পৃ. 388–602. ISBN 0-8053-5909-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্নায়ু” প্ৰবন্ধৰ সংশোধন ৬৩১৯৮১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।