অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

চন্দ্ৰযান-১

চন্দ্ৰযান ১ (चन्द्रयान-१, lit: Moon vehicle ) ভাৰতৰ প্ৰথম মানৱবিহীন চন্দ্ৰযান। ২০০৮ চনৰ অক্টোবৰ মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইয়াক উৎক্ষেপন কৰে আৰু ২০০৯ চনৰ আগষ্ট মাহলৈ চলাই ৰাখে। ভাৰতৰ মহাকাশ কৰ্মসূচীত এই অভিযান এক বৃহৎ পদক্ষেপ।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ২৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰযান ১ (चन्द्रयान-१, lit: Moon vehicle১২ ) ভাৰতৰ প্ৰথম মানৱবিহীন চন্দ্ৰযান। ২০০৮ চনৰ অক্টোবৰ মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইয়াক উৎক্ষেপন কৰে আৰু ২০০৯ চনৰ আগষ্ট মাহলৈ চলাই ৰাখে। ভাৰতৰ মহাকাশ কৰ্মসূচীত এই অভিযান এক বৃহৎ পদক্ষেপ। ইয়াৰ ফলত চন্দ্ৰাভিযানত ভাৰত বৰ্তমান এচিয়াৰ চীন আৰু জাপানৰ প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰ হিচাপ পৰিগণিত হৈছে।৩ ২০০৮ চনৰ ৮ নৱেম্বৰত সফলভাবে এই মহাকাশযান চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰে।৪

২০০৮ চনৰ ১৪ নৱেম্বৰ ২০:০৬ মিনিটত মুন ইমপেক্ট প্ৰ'ব চন্দ্ৰৰ কক্ষপথত ভ্ৰাম্যমান চন্দ্ৰযানৰ পৰা পৃথক হৈ যায় আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত সফল আৰু সুনিয়ন্ত্ৰিতভাবে অবতৰণ কৰে। চন্দ্ৰৰ মাটিত বিশ্বৰ চতুৰ্থখন ৰাষ্ট্ৰৰ জাতীয় পতাকা উৰে।৫ সেই দিনা ২০:৩১ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুস্থ আগ্নেয়গিৰি ছেকলটনত মুন ইমপেক্ট প্ৰ'ব অবতৰণ কৰে। উপ-উপৰিস্থলস্থ এই সঁজুলি চন্দ্ৰৰ মাটিত পানীৰ উপস্থিতি পৰীক্ষা কৰে চাবৰ বাবে মুক্ত কৰি দিয়া হয়।৬

প্ৰকল্পটোত মুঠ ৩৮৬ কোটি টকা ব্যয় হয়।৭

এই দূৰৱৰ্তী সংবেদন চন্দ্ৰ উপগ্ৰহটোৰ উৎক্ষেপণ মুহুৰ্তত ওজন আছিল ১৩৮০ কিলোগ্ৰাম আৰু চন্দ্ৰৰ কক্ষপথত প্ৰবেশকালত ইয়াৰ ওজন হয় ৬৭৫ কিলোগ্ৰাম।৮ এই যানত দৃশ্য, অৱলোহিত, পাতল আৰু কঠিন ৰঞ্জন ৰশ্মি স্পন্দনৰ বাবে ব্যৱহৃত উচ্চ ক্ষমতাসম্পন্ন দূৰৱৰ্তী সংবেদন যন্ত্ৰপাতি লৈ যোৱা হয়। এই যানখনৰ বাবে দু-বছৰৰ কাৰ্যকালৰ লক্ষ্যমাত্ৰা ধাৰ্য কৰা হৈছে। এই সময়ৰ ভিতৰত চন্দ্ৰপৃষ্ঠৰ ৰাসায়নিক চৰিত্ৰ সংবলিত ই সম্পূৰ্ণ মানচিত্ৰ ই তৃতীয়মাত্ৰিক টপ'গ্ৰাফি অঙ্কণৰ কাৰ্যত হাত দিয়া হৈছে। মেৰু অঞ্চলক বিশেষ গুৰুত্ব দিয়া হৈছে, কাৰণ ইয়াত বৰফ পোৱাৰ সম্ভাবনা আছে।.৯ এই অভিযানত পাঁচটা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পেলোড আৰু নাছা, ইউএছএ, বুলগেৰিয়ান স্পেছ এজেন্সি প্ৰভৃতি আন্তৰ্জাতিক সংস্থাৰ ছয়টা পেলোড বিনামূল্যে বহন কৰি নিয়া হৈছে।১০

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ chandra. Spoken Sanskrit
  2. ↑ yaana. Spoken Sanskrit
  3. ↑ (2008-12-27). India Launches First Unmanned Mission to Moon. Voice of America
  4. ↑ (2008-11-08). Chandrayaan-1 Successfully Enters Lunar Orbit. ISRO
  5. ↑ (2008-11-18). Tricolour's 4th national flag on moon. Economic Times
  6. ↑ (2008-11-15). Chandrayaan team over the moon. The Hindu
  7. ↑ (2008-10-28). How India flew to the moon economy class. The Times of India
  8. ↑ (2008-11-04). Spacecraft Description. ISRO
  9. ↑ Bhandari N. (2005). Title: Chandrayaan-1: Science goals. Journal of Earth System Science. পৃ. 699
  10. ↑ (2008-10-21). India sets its sights on the Moon. BBC

সম্পৰ্কিত শ্ৰেণী

মহাকাশযানভাৰতীয় মহাকাশ গৱেষণা সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰযান-১” প্ৰবন্ধৰ সংশোধন ৬৩৮৫১৭ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।