সমাজতত্ত্ব (Sociology) হ'ল মানুহৰ সামাজিক আচৰণ, সমাজ, সামাজিক সমন্ধ, সামাজিক আন্তঃক্ৰিয়া আৰু সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰা বিষয়। ই হ'ল এক সমাজ বিজ্ঞান যি সামাজিক শৃংখলা আৰু সামাজিক পৰিবৰ্তনৰ বিষয়ে জ্ঞান অৰ্জন কৰিবৰ বাবে পৰীক্ষালব্ধ অনুসন্ধান আৰু সমালোচনাত্মক বিশ্লেষণৰ বিভিন্ন পদ্ধতি প্ৰয়োগ কৰে। সমাজতত্ত্বৰ গৱেষকসকলে প্ৰায়োগিক অৰ্থাৎ সামাজিক আঁচনি প্ৰস্তুত আৰু সামাজিক কল্যাণৰ বাবে অধ্যয়ন কৰাৰ লগতে সামাজিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে তাত্বিক অধ্যয়ন কৰে। সমাজতত্ত্বৰ অধ্যয়নৰ বিষয়বস্তু সমাজৰ সূক্ষ্ম পৰ্যায়ৰ পৰা (কৰ্তা আৰু ব্যক্তিৰ আন্তঃক্ৰিয়া) বৃহৎ পৰ্যায়লৈ(সামাজিক পদ্ধতি আৰু সামাজিক সংৰচনা) অন্তৰ্ভুক্ত। মানুহৰ সকলো কাৰ্যকলাপেই সামাজিক সংৰচনা আৰু ব্যক্তিৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াত সংঘটিত হয়। সেয়ে সমাজতত্ত্বই ক্ৰমাগতভাৱে সমাজৰ অন্য বিষয় সমূহ যেনেঃ স্বাস্থ্য, চিকিৎসা ব্যৱস্থা, প্ৰতিৰক্ষা ব্যৱস্থা, ন্যায়ালয়, সংগীত, ইণ্টাৰনেট ইত্যাদি আৰু সংস্থাক ইয়াৰ অধ্যয়নৰ বিষয় কৰি লৈছে।
বিষয় বস্তু
পৰম্পৰাগতভাৱে সমাজতত্ত্বৰ অন্তৰ্গত বিষয়বোৰ হ'ল-
- সামাজিক স্তৰীকৰণ,
- সামাজিক শ্ৰেণী,
- সামাজিক গতিশীলতা,
- সামাজিক আন্তঃক্ৰিয়া,
- সামাজিক সংস্থা,
- সামাজিক সমূহ,
- সামাজিক পদ্ধতি,
- সামাজিক শৃংখলা,
- বিচ্যুতি,
- প্ৰতিমান,
- লিঙ্গ, ইত্যাদি।
সমাজতত্ত্বীয় অধ্যয়নৰ বিভাজন
সমাজতত্ত্বীয় অধ্যয়নক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল-
- ব্যষ্টিবাদী অধ্যয়ন (Micro Study)
- সমষ্টিবাদী অধ্যয়ন (Macro Study)
ব্যষ্টিবাদী অধ্যয়ন
সমাজতত্ত্বৰ ব্যষ্টিবাদী অধ্যয়ন হ'ল সমাজৰ ক্ষুদ্ৰ পৰ্যায়ৰ অধ্যয়ন। সমাজৰ ক্ষুদ্ৰ পৰ্যায় হ'ল ব্যক্তিৰ ক্ৰিয়া আৰু আন্তঃক্ৰিয়া (সমাজতত্ত্বত যিহেতু ব্যক্তিক অধ্যয়ন কৰা নহয়)। গতিকে ব্যক্তিৰ ক্ৰিয়া আৰু আন্তঃক্ৰিয়াৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা সামাজিক ঘটনাৰ বিষয়ে অধ্যয়নেই হ'ল ব্যষ্টিবাদী অধ্যয়ন।
সমষ্টিবাদী অধ্যয়ন
সমাজতত্ত্বৰ সমষ্টিবাদী অধ্যয়নে সমাজৰ বৃহৎ পৰ্যায়ত কৰা অধ্যয়নৰ কথা বুজায়। সাধাৰণতে ই সমাজৰ সংৰচনামূলক অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমাজৰ ব্যক্তিসকল বিভিন্ন পদবীত অধিষ্ঠিত হৈ থাকে আৰু এই পদবীসমূহ সংগঠিত কৰি একোটা সংৰচনা গঠন কৰে সামাজিক নীতি-নিয়মে। গতিকে এই সংৰচনা ভিত্তিক যিকোনো সামাজিক ঘটনাৰ অধ্যয়নেই হ'ল সমষ্টিবাদী অধ্যয়ন।
ব্যুৎপত্তি
সমাজতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ Sociology শব্দটো লেটিন শব্দ socius যাৰ অৰ্থ হ'ল 'সংগী' বা 'সমাজ' আৰু গ্ৰীক শব্দ logos যাৰ অৰ্থ হ'ল 'জ্ঞান'ৰ সংযোগত গঢ় লৈ উঠিছে।
সহায়ক গ্ৰন্থপঞ্জী
- The American Heritage Science Dictionary.2011.Random House.
- Dictionary of Social Sciences.2008.Calhoun,Craig(ed.).New York:Oxford University Press.
- Giddens,Anthony,Duneier,Mitchell,Applebaum,Richard.2007.Introduction to Sociology.Sixth Edition.New York:W.W.Norton and Company.Chapter 1.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমাজতত্ত্ব” প্ৰবন্ধৰ সংশোধন ৪১৫৩৯৮ (২৯ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।