অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ৰাসায়নিক মৌল

ৰাসায়নিক মৌল বা মৌল হৈছে এক প্ৰকাৰৰ পৰমাণুৰ দ্বাৰা গঠিত ৰসায়ন, যিটো কোনো পদাৰ্থৰ সবাতোকৈ মৌলিক অংশ‌ যাক সাধাৰণতে কোনো ৰাসায়নিক বা ভৌতিক বিক্ৰীয়াৰে তাতোকৈ সৰলীকৃত পদাৰ্থলৈ ৰূপান্তৰণ ঘটাব নোৱাৰি। ইহঁতৰ পৰমাণু কেন্দ্ৰত সম সংখ্যক প্ৰট'ন (একে আণৱিক সংখ্যা Z) থাকে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰাসায়নিক মৌল বা মৌল হৈছে এক প্ৰকাৰৰ পৰমাণুৰ দ্বাৰা গঠিত ৰসায়ন, যিটো কোনো পদাৰ্থৰ সবাতোকৈ মৌলিক অংশ‌ যাক সাধাৰণতে কোনো ৰাসায়নিক বা ভৌতিক বিক্ৰীয়াৰে তাতোকৈ সৰলীকৃত পদাৰ্থলৈ ৰূপান্তৰণ ঘটাব নোৱাৰি। ইহঁতৰ পৰমাণু কেন্দ্ৰত সম সংখ্যক প্ৰট'ন (একে আণৱিক সংখ্যা Z) থাকে।১ বৰ্তমানলৈকে ১১৮টা মৌল চিনাক্তকৰণ কৰা হৈছে, ইয়াৰে ৯৪টা প্ৰাকৃতিকভাৱে পোৱা যায় আৰু বাকী ২৪টা সংশ্লেষিত মৌল। প্ৰায় ৮০টা মৌলৰ কমেও এটাকৈ সুস্থিৰ আইছ'টপ আৰু ৩৮ টাৰ তেজস্ক্ৰিয় আইছ'টপ আছে।

বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থৰ প্ৰায় ১৫% মৌলৰ দ্বাৰা গঠিত: বাকীখিনি ডাৰ্ক মেটাৰ নামৰ ৰাসায়নিক মৌল নহয় কিন্তু এক অজ্ঞাত সংযুতিৰ দ্বাৰা গঠিত।২ ব্ৰহ্মাণ্ডত সৰ্বাধিক উপলব্ধ মৌলবোৰ হৈছে মহানাদৰ সময়তেই গঠন হোৱা, আটাইতকৈ পাতল উদজান আৰু হিলিয়াম। পৰৱৰ্তী তিনিটা মৌল (লিথিয়াম, বেৰিলিয়াম আৰু ব'ৰণ) মহাজাগতিক ৰশ্মিৰ বিচ্ছুৰণৰ দ্বাৰা গঠিত হৈছিল। ছয়ৰ পৰা ছাবিশলৈকে প্ৰ'টনবোৰ তৰাত সৃষ্টি হৈছিল আৰু হৈ আছে। পৃথিৱীত অম্লজান, ছিলিকণ, আৰু আইৰণৰ পাচুৰ্যতাই ইয়াকে প্ৰতিফলিত কৰে। ছাবিশতকৈ সৰহ প্ৰ'টনৰ মৌলবোৰ ছুপাৰন'ভা বিস্ফোৰণত গঠন হয় আৰু মহাকাশলৈ বিচ্ছুৰিত হয়।৩

ভিন্ন মৌলবোৰ ৰাসায়নিক বন্ধনৰ দ্বাৰা লগলাগি যৌগ গঠন কৰে। বিশুদ্ধ খনিজৰ দৰে খুব কম সংখ্যক মৌলহে এককভাৱে পোৱা যায়। এনে কিছুমান সাধাৰণ "স্থানিক মৌল" হৈছে কপাৰ, ৰূপ, সোণ, কাৰ্বন (যেনে, কয়লা, গ্ৰেফাইট বা হীৰা) আৰু ছালফাৰ। সম্ভ্ৰান্ত গেছ আৰু সম্ভ্ৰান্ত‌ ধাতুৰ দৰে কিছুমান নিষ্ক্ৰিয় মৌলৰ বাদে, প্ৰায় সকলো মৌলকে পৃথিৱীত যৌগ হিচাপে পোৱা যায়। আনহাতে প্ৰায় ৩২ বিধ মৌলক এককভাৱে পোৱা যায়, ইয়াৰে বেচিভাগেই মিশ্ৰ অৱস্থাত থাকে, যেনে, বায়ুত নাইট্ৰ'জেন, অম্লজান, আৰ্গন আদি মিহলি হৈ থাকে আৰু স্থানিক কঠিন মৌলবোৰক সংকৰ ধাতু যেনে- লো আৰু নিকেল, হিচাপে পোৱা যায়।

প্ৰাৰম্ভিক মানৱ সম্প্ৰদায়ৰ আৰম্ভণিৰ পৰায়ে কাৰ্বন, ছালফাৰ, কপাৰ, সোণ আদিৰ দৰে স্থানীয় মৌলবোৰৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ প্ৰচলন আছিল। পৰৱৰ্তী সময়ত সভ্য মানৱে আকৰিকৰ পৰা কপাৰ, টিন, সীহ, লো আদি ধাতু আহৰণ কৰিবলৈ শিকিছিল।

ৰাসায়নিক মৌলৰ ধৰ্মবোৰ পৰ্যাবৃত্ত তালিকাত সংক্ষিপ্তকৰণ কৰা হৈছে। ইয়াত মৌলবোৰৰ পৰমানু সংখ্যা অনুহৰি শাৰীবদ্ধ (পৰ্যায়) কৰা হৈছে আনহাতে স্তম্ভ (বৰ্গ) বোৰত মৌলৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম অনুহৰি সজ্জিত কৰা হৈছে।

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ IUPAC. chemical element. http://iupac.org
  2. ↑ Oerter, Robert. (2006). The Theory of Almost Everything: The Standard Model, the Unsung Triumph of Modern Physics. Penguin. পৃ. 223. ISBN 978-0-452-28786-0
  3. ↑ E. M. Burbidge, G. R. Burbidge, W. A. Fowler, F. Hoyle. (1957). Synthesis of the Elements in Stars. Reviews of Modern Physics. পৃ. 547–650

সম্পৰ্কিত শ্ৰেণী

ৰসায়ন বিজ্ঞানৰাসায়নিক মৌল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাসায়নিক মৌল” প্ৰবন্ধৰ সংশোধন ৬৩১৮৪৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।