অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

কোষ বেৰ

 কোষ বেৰ বা কোষ প্ৰাচীৰ বুলিলে কোষৰ সেই অংশক বুজাই যি উদ্ভিদকোষৰ আটাইতকৈ বাহিৰৰ ফালে থাকে। কোষৰ কোষপ্ৰৰস যি কঠিন ছেলুল'জ নিৰ্মিত নিৰ্জীৱ আবৰণীৰ দ্বাৰা আবৃত হৈ থাকে তাকে কোষ বেৰ বা কোষ প্ৰাচীৰ বোলে। উদ্ভিদৰ উপৰিও শেলাই, ভেঁকুৰ আৰু বেক্টেৰিয়াৰো কোষ প্ৰাচীৰ আছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৪৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
কোষ বেৰৰ গঠন
কোষ বেৰৰ গঠনছবি: Sumita Roy Dutta · CC BY-SA 4.0

কোষ বেৰ বা কোষ প্ৰাচীৰ বুলিলে কোষৰ সেই অংশক বুজাই যি উদ্ভিদকোষৰ আটাইতকৈ বাহিৰৰ ফালে থাকে। কোষৰ কোষপ্ৰৰস যি কঠিন ছেলুল'জ নিৰ্মিত নিৰ্জীৱ আবৰণীৰ দ্বাৰা আবৃত হৈ থাকে তাকে কোষ বেৰ বা কোষ প্ৰাচীৰ বোলে। উদ্ভিদৰ উপৰিও শেলাই, ভেঁকুৰ আৰু বেক্টেৰিয়াৰো কোষ প্ৰাচীৰ আছে। ১৬৬৫ চনত বিজ্ঞানী ৰবাৰ্ট হুকৰ অণুবীক্ষণ যন্ত্ৰত যি কোষ দেখা গৈছিল, সেয়া প্ৰকৃততে কোষ বেৰ আছিল।

গঠন

উদ্ভিদকোষৰ কোষ বেৰত তিনিটা স্তৰ থাকে: প্ৰাথমিক প্ৰাচীৰ, গৌণ প্ৰাচীৰ, তৃতীয় স্তৰৰ প্ৰাচীৰ। কোষ বেৰৰ প্ৰধান ৰাসায়নিক উপাদান ছেলুল'জ যি গ্ল'ক'জ‌ৰ পলিমাৰ। প্ৰাথমিক কোষপ্ৰাচীৰত পেকটিক পদাৰ্থ আৰু গৌণ প্ৰাচীৰত লিগনিন, ছুবেৰিন ইত্যাদি থাকে। ইয়াৰোপৰি কোষ প্ৰাচীৰত হেমিছেলুল'জ, মাংসসাৰ, লিপিড আৰু প্ৰচুৰ পানী থাকে। আশেপাশে অৱস্থিত দুখন কোষপ্ৰাচীৰ মধ্যপৰ্দাৰ দ্বাৰা সংযুক্ত হৈ থাকে। মধ্যপৰ্দা পেকটিক এচিড, পেকটিন আৰু প্ৰ'পেকটিনৰ দ্বাৰা গঠিত। মধ্যপৰ্দাৰ মাজে মাজে সৰু নলাকাৰ গাঁতৰ সৃষ্টি হয় যিবোৰক পিট বা কূপ বোলে।

কোষৰ ভিতৰৰ আৰু বাহিৰৰ তৰলৰ ঘনত্বৰ বাবে সৃষ্টহোৱা চাপ সহ্য কৰিব পৰাকৈ কোষ বেৰ যথেষ্ট সহনশীল হোৱা অতি প্ৰয়োজন। উদ্ভিদৰ কোষ বেৰৰ ব্যাসাৰ্ধ ০.১ ৰ পৰা কেইবা µm পৰ্যন্ত হ'ব পাৰে।১

কাৰ্য

উদ্ভিদ কোষৰ বাহিৰৰ আবৰণ হিচাপে কোষ বেৰে নিম্নোক্ত কাৰ্য সম্পাদন কৰে। যেনে-

  1. কোষ (জীৱবিজ্ঞান)ক নিৰ্দিষ্ট আকাৰ প্ৰদান কৰে।
  2. কোষীয় অংগাণুসমূহক বাহিৰৰ আঘাতৰ পৰা ৰক্ষা কৰে।
  3. পানী আৰু খনিজ লৱণ শোষণ আৰু পৰিবহণত সহায় কৰে।
  4. পাৰ্শ্বৱৰ্তী কোষৰ সৈতে আন্তঃকোষীয় যোগাযোগ ৰক্ষা কৰে।
  5. এটা কোষৰ পৰা অন্য কোষক পৃথক কৰে।

কোষৰ অন্য আৱৰণ

বহুতো প্ৰটিষ্টা আৰু বেক্টেৰিয়াৰ ক্ষেত্ৰত কোষ বেৰৰ বাদেও বাহ্যিক অথবা আভ্যন্তৰিণভাৱে অন্য আৱৰণী গঠন দেখিবলৈ পোৱা যায়।২৩৪ বহুতো শেলাইৰ কোষৰ বাহিৰফালে এক্স'পলিচেকেৰাইডেৰে গঠিত মিউকিলেজ ছীট বা এনভেলপ থাকে। ডায়েটমে তাৰ চাৰিওকাষৰ পানীৰ পৰা সংগ্ৰহ কৰা ছিলিকাৰ দ্বাৰা গঠন কৰা ফ্ৰুষ্টুল নামৰ এক আৱৰণ সৃষ্টি কৰে; ৰেডিঅ'লেৰিয়ান, ফৰমিনিফেৰাণ আৰু ছিলিক'ফ্লেজেলেট আদিয়েও লৱণৰ দ্বাৰা এক প্ৰকাৰৰ কংকালৰ সৃষ্টি কৰা দেখা যায়। হেলিমেডা, ডাছিক্লেডালেছৰ দৰে বহুতো সেউজীয়া শেলাই, কৰলিনালেছৰ দৰে ৰঙা শেলাইৰ কোষ কেলচিয়াম কাৰ্বনেটত দ্বাৰা গঠিত কংকালত সুমুৱাই থাকে। প্ৰত্যেক ক্ষেত্ৰতে, এই বেৰবোৰ কঠিন আৰু অজৈৱিক। এইবোৰ কোষৰ অজীৱিত উপাদান। চিলিয়েট আৰু কোৱান'ফ্লেজেলেটৰ দৰে বহুতো সোণালী শেলাইৰ কোষৰ বাহিৰত ল'ৰিকা নামৰ এক সুৰক্ষা প্ৰদানকাৰী আৱৰণ থাকে। কিছুমান ডাইন'ফ্লেজেলেটৰ থিকা নামৰ ছেলুলজেৰ ফলকেৰে নিৰ্মিত আৱৰণ আৰু ক'ক্কলিথফৰিডৰ ক'ক্কলিথ লাকে।

মেট'জ'ৱাৰ এক্সট্ৰাচেলুলাৰ মেট্ৰিস্ক (extracellular matrix (ECM)) থাকে। কোষলৈ ইয়াৰ ৰাসায়নিক সংযুতি ভিন্ন হয়, কিন্ত ইয়াত থকা কলাজেন অতি প্ৰয়োজনীয় প্ৰ'টিন।৫৬

তথ্যসূত্ৰ

  1. ↑ Campbell, Neil A.; Reece, Jane B.; Urry, Lisa A. (2008). Biology. পৃ. 118. ISBN 978-0-8053-6844-4
  2. ↑ (1994). The Protistan Cell Surface. পৃ. 1–28. ISBN 978-3-7091-9380-8
  3. ↑ (2000). The Flagellates. Unity, diversity and evolution. Taylor and Francis
  4. ↑ Barsanti, Laura; Gualtieri, Paolo. (2006). Algae: anatomy, biochemistry, and biotechnology. CRC Press
  5. ↑ (December 2010). The extracellular matrix at a glance. Journal of Cell Science. পৃ. 4195–200
  6. ↑ Alberts, Bruce; Johnson, Alexander; Lewis, Julian. (2002). Molecular biology of the cell. Garland. পৃ. 1065. ISBN 978-0-8153-4072-0

সম্পৰ্কিত শ্ৰেণী

কোষ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোষ বেৰ” প্ৰবন্ধৰ সংশোধন ৬৩২১১৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।