অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

অণু

অণু (ইংৰাজী: Molecule, ) হৈছে বৈদ্যুতিক ভাবে উদাসীন আৰু আয়নিক, সহযোজী ৰাসায়নিক বান্ধনী বা তেনে বান্ধনীৰে বান্ধি ৰখা দুটা বা ততোধিক পৰমাণুৰ সমষ্টি। অণুবোৰক বৈদ্যুতিক আধানৰ ভিত্তিত আয়নতকৈ পৃথক বুলি দেখুৱাব পাৰি।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৮২ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

অণু (ইংৰাজী: Molecule, ) হৈছে বৈদ্যুতিক ভাবে উদাসীন আৰু আয়নিক, সহযোজী ৰাসায়নিক বান্ধনী বা তেনে বান্ধনীৰে বান্ধি ৰখা দুটা বা ততোধিক পৰমাণুৰ সমষ্টি।১২৩৪৫ অণুবোৰক বৈদ্যুতিক আধানৰ ভিত্তিত আয়নতকৈ পৃথক বুলি দেখুৱাব পাৰি। অৱশ্যে কোৱাণ্টাম বলবিজ্ঞান, জৈৱ ৰসায়ন, জৈৱিক ৰসায়নত এই নিয়মৰ কিছু শিথিলতা দেখা যায় আৰু যিকোনো দুটা বা ততোধিক পৰমাণুৰ সমষ্টিকেই অণু বোলা হয়।

গেছৰ গতি বিজ্ঞানত অণু শব্দটো প্ৰায়েই যিকোনো গেছীয় কণাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই মতে সম্ভ্ৰান্ত গেছৰ পৰমাণু সমূহ একক আৰু কোনো বান্ধনীৰ দ্বাৰা বান্ধ খায় নথকাৰ পাছতো ইহঁতক অণু বুলি ধৰা হয়।৬

এটা অণুত একেবিধ ৰাসায়ণিক উপাদান থাকিব পাৰে বা যেনে অম্লজান (O2), বা ভিন্ন ভিন্ন উপাদান থাকিব পাৰে যেনে পানী (H2O)। অ-সহযোজী বান্ধনী যেনে হাইড্ৰজেন বান্ধনী বা আয়নিক বান্ধনীৰে বান্ধ সংযুক্ত পৰমাণু বা সংকুলক সাধাৰণতে অণু বোলা নহয়।৭

পদাৰ্থ গঠনকাৰী অংশ হিচাপে স্বাভাবিকতে সকলো জৈৱিক বস্তুতে অণুৰ অৱস্থিতি দেখা যায়। বায়ুমণ্ডল আৰু পৃথিৱীৰ জলভাগৰো অধিকাংশ অণুৱে অধিকাৰ কৰি আছে। পৃথিৱীত থকা আমাৰ চিনাকী সৰহ অংশক গোটা বস্তু পৃথিৱীৰ উপৰিভাগ, মেন্টেল অংশ, আৰু উষ্ণ ক’ৰ অংশ (সকলোতকৈ ভিতৰ ভাগ)ত বহুতো ৰাসায়নিক বান্ধনি দেখিবলৈ পোৱা যায়, কিন্তু ইয়াৰে সকলোবোৰ চিনাক্ত কৰণ কৰিব পৰা অণুৰে গঠিত নহয়। তাৰোপৰি যদিও একক কোষৰ দ্বিমাত্ৰিক সমতলত (যেনে: গ্ৰাফিন) বা ত্ৰিমাত্ৰিক ক্ষেত্ৰ অৱস্থানত ( যেনে: হীৰা,কোৱাৰ্টজ,ছডিয়াম ক্লৰাইড) হোৱা পুনৰাবৃতিৰ ফলতেই আয়নিক স্ফটিক (লৱণ (ৰসায়ন বিজ্ঞান)। লৱণ) আৰু সহযোজী স্ফটিক (জালিকৃত গোটা দ্ৰব্য)ৰ সৃষ্টি হয় ইহঁতৰ ক্ষেত্ৰতো কিন্তু নিৰ্দিষ্ট অণুৰ বৰ্ণনা কৰিব নোৱাৰি। একক কোষীয় গঠনৰ পুনৰাবৃতিৰ পৰিঘটনা সৰহ সংখ্যক ধাতবীয় বান্ধনীযুক্ত গোটা দ্ৰব্যত দেখিবলৈ পোৱা যায়, যি এইটো প্ৰমাণ কৰে যে সৰহ সংখ্যক গোটা দ্ৰব্য অণুৰে গঠিত নহয়। চিচা(গ্লাচ)ত কোনো নিৰ্দিষ্ট অণুৰ অৱ্স্থিতি নথকাকৈয়ে পৰমাণু সমূহ ৰাসায়নিক বান্ধোনেৰে বান্ধ খায় থাকে, য’ত স্ফটিকৰ দৰে কোনো একক কোষীয় গঠনৰ পুনৰাবৃতিৰ পৰিঘটনা দেখা নাযায়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Pauling, Linus. (1970). General Chemistry. Dover Publications, Inc. ISBN 0-486-65622-5
  2. ↑ Ebbin, Darrell, D. (1990). General Chemistry, 3rd Ed.. Houghton Mifflin Co. ISBN 0-395-43302-9
  3. ↑ Brown, T.L. (2003). Chemistry – the Central Science, 9th Ed.. Prentice Hall. ISBN 0-13-066997-0
  4. ↑ Chang, Raymond. (1998). Chemistry, 6th Ed.. McGraw Hill. ISBN 0-07-115221-0
  5. ↑ Zumdahl, Steven S. (1997). Chemistry, 4th ed.. Houghton Mifflin. ISBN 0-669-41794-7
  6. ↑ Chandra, Sulekh. Comprehensive Inorganic Chemistry. New Age Publishers. ISBN 8122415121
  7. ↑ Molecule, Encyclopaedia Britannica on-line

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অণু” প্ৰবন্ধৰ সংশোধন ৬৩১০৮৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।