অতিবেঙুনীয়া (Ultraviolet বা UV) ১০ নেন'মিটাৰৰ পৰ পৰা ৪০০ নেন'মিটাৰ তৰংগদৈৰ্ঘ্যৰ এক বিদ্যুৎ-চুম্বকীয় বিকিৰণ। এই দৈৰ্ঘ্য দৃশ্যমান পোহৰতকৈ চুটি, কিন্তু ৰঞ্জন ৰশ্মিতকৈ দীঘল। ৰ'দত থকা অতিবেঙুনীয়া বিকিৰণ সূৰ্যৰ পৰা অহা মুঠ বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ প্ৰায় ১০%। পৃথিৱীৰ দৃশ্যমান বৰ্ণালীৰ আটাইতকৈ চুটি তৰংগ বেঙুনীয়াৰ সীমাৰ পাছতে ছুটি বিদুৎ চুম্বকীয় তৰংগ অতিবেঙুনী আৰম্ভ হৈ দীঘল ৰঞ্জন ৰশ্মিৰ অঞ্চললৈকে বিস্তৃত হৈ আছে। এই বিস্তৃত অতিবেঙুনী অঞ্চলক ভাগ কৰা হৈছে- (১) নিকট অতিবেঙুনী অঞ্চল (৪০০-৩০০ nm), (২) দূৰ অতিবেঙুনী অঞ্চল (৩০০-২০০ nm), (৩) চৰম অতিবেঙুনী অঞ্চল (২০০-১২২ nm)ৰ ভিতৰত।১ইয়াক বৈদ্যুতিক আৰ্ক আৰু বিশেষ চাকি যেনে কাৰ্কাৰি-ভেপাৰ চাকি, টেনিং চাকি আৰু ক'লা পোহৰৰেও প্ৰস্তুত কৰিব পাৰি। অতিবেঙুনীয়া ৰশ্মিয়ে পৰমাণুক আয়নন (Ionization) কৰিব নোৱাৰে, কিন্তু ৰাসায়নিক বিক্ৰিয়া কৰি বহু বস্তুক উজ্বলাই (প্ৰতিপ্ৰভা) তুলিব পাৰে। সেইবাবে অতিবেঙুনীয়া ৰশ্মিৰ ৰাসায়নিক আৰু জৈৱিক প্ৰভাৱ কেৱল তাপ প্ৰভাৱতকৈ বেছি।
ছাল বেছিকৈ অতিবেঙুনীৰ সংস্পৰ্শলৈ আহিলে ৰ'দে ক'লা কৰা (Suntan) আৰু ৰ'দে পোৰা (sunburn)ৰ দৰে ঘটনা হয়। ই ছালৰ কৰ্কটৰ আশংকাও বঢ়ায়। পৃথিৱীৰ বায়ুমণ্ডলে সুৰক্ষা নিদিয়া হ'লে সূৰ্যৰ অতিবেঙুনী ৰশ্মিয়ে জীৱসমূহৰ বাৰুকৈ ক্ষতি কৰিব।২ বেছি শক্তিৰ, চুটি তৰংগদৈৰ্ঘ্যৰ (১২১ nm তকৈ কম) "বিষম" অতিবেঙুনীয়ে বায়ুক ইমানেই আয়'নাইজ কৰে যে মাটি পোৱাৰ আগতেই ই শোষিত হয়।৩ মানুহকে ধৰি প্ৰায়বোৰ মাটিত থকা মেৰুদণ্ডী প্ৰাণীৰ হাড়ক শক্তিশালী কৰা ভিটামিন ডিত উৎপাদনত অতিবেঙুনীয়ে সহায় কৰে।৪ গতিকে ইয়াৰ উপকাৰী আৰু অপকাৰী দুয়োটা প্ৰভাৱ আছে।
সাধাৰণ মানুহৰ চকুৱে ৪০০ nm তকৈ কম তৰংগদৈৰ্ঘ্যৰ পোহৰ দেখা নাপায়, সেইবাবে অতিবেঙুনী আমাৰ বাবে অদৃশ্য। পতংগ, চৰাই আৰু কিছুমান স্তন্যপায়ীয়ে এনে ৰশ্মি দেখা পায়।
প্ৰকাৰ
অতিবেঙুণী পোহৰৰ বিদ্যুতচুম্বকীয় ফলনৰ দৈৰ্ঘ্য আৰু নিকটবৰ্তী দৈৰ্ঘ্যৰ ভিত্তিত ইয়াক কেইবাটাও ভাগত ভাগ কৰা হৈছে৷৫
| নাম | সংক্ষিপ্তকৰণ | তৰংগদৈৰ্ঘ্য (নেন'মিটাৰত) | শক্তি, প্ৰতি ফ'টনত (ইলেক্ট্ৰনভল্টত) | অন্যান্য নাম/টোকা |
|---|---|---|---|---|
| দৃশ্যমান পোহৰ | VIS | ৭৬০ – ৩৮০ nm | ১.৬৩ – ৩.২৬ eV | |
| অতিবেঙুনী | UV | ৪০০– ১০০nm | ৩.১০– ১২.৪ eV | |
| অতিবেঙুনী A | UVA | ৪০০ – ৩১৫ nm | ৩.১০ – ৩.৯৪ eV | দৈৰ্ঘ্য তৰংগ |
| অতিবেঙুনী B | UVB | ৩১৫– ২৮০ nm | ৩.৯৪ – ৪.৪৩ eV | মধ্যমীয়া তৰংগ |
| অতিবেঙুনী C | UVC | ২৮০ – ১০০ nm | ৪.৪৩– ১২.৪ eV | হস্ৰ তৰংগ |
| নিকট বেঙুনী | NUV | ৪০০ – ৩০০ nm | ৩.১০ – ৪.১৩ eV | চৰাই, মাছ, কীট আদিৰ বাবে দৃশ্যমান |
| মধ্যৱৰ্তী বেঙুনী | MUV | ৩০০ – ২০০ nm | ৪.১৩ – ৬.২০ eV | |
| দূৰ বেঙুনী | FUV | ২০০ – ১২২ nm | ৬.২০ – ১০.১৬ eV | |
| হাইড্ৰ'জেন লাইমান-আলফা | H Lyman-α | ১২২ – ১২১ nm | ১০.১৬– ১০.২৫ eV | |
| অতি বেঙুনী | EUV | ১২১ – ১০ nm | ১০.২৫ – ১২৪ eV | |
| ভেকুৱাম বেঙুনী | VUV | ২০০ – ১০ nm | ৬.২০ – ১২৪ eV | |
| ৰঞ্জন ৰশ্মি | ১০ – ০.০০১ nm | ১২৪ eV – ১.২৪ MeV | ||
| নৰম এক্স ৰে | XUV | ১০ – ০.১ nm | ১২৪ eV – ১২.৪ keV | এক্স ৰে অতিবেঙুণী |
| কঠিন এক্স ৰে | ০.১ – ০.০০১ nm | ১২.৪ keV – ১.২৪ MeV |
ব্যৱহাৰ
বহুতো বস্তুত ৰাসায়নিক বিক্ৰিয়া আৰু প্ৰতিপ্ৰভা কৰিব পৰা গুণৰ বাবে অতিবেঙুনীক নানা কামত ব্যৱহাৰ কৰা হয়। তলৰ তালিকাখনত৬ নিৰ্দিষ্ট তৰংগদৈৰ্ঘ্য সাপেক্ষে অতিবেঙুনীৰ কিছুমান ব্যৱহাৰ দেখুওৱা হৈছে।
- ১৩.৫ নেন'মিটাৰ: বিষম অতিবেঙুনী লিথ'গ্ৰাফী (Extreme ultraviolet lithography)
- ৩০-২০০ নেন'মিটাৰ: ফটোআয়নন,অতিবেঙুনী ফটৈলেক্ট্ৰন স্পেক্ট্ৰ'স্ক'পী
- 230–365 নেন'মিটাৰ: UV-পৰিচয়পত্ৰ, লেবেল চিনাক্তকৰন, বাৰক'ড
- 230–400 নেন'মিটাৰ: আলোকীয় চেন্সৰ, নানা যন্ত্ৰ
- 240–280 নেন'মিটাৰ: জীৱাণুনাশ, পৃষ্ঠ আৰু পানীৰ পৰিশোধন
- 200–400 নেন'মিটাৰ: ফৰেন্ছিক বিশ্লেষণ, ঔষধ চিনাক্তকৰণ
- 270–360 নেন'মিটাৰ: প্ৰ'টিন বিশ্লেষণ, ডি এন এ সংশ্লেষণ, ঔষধ আৱিষ্কাৰ
- 280–400 নেন'মিটাৰ: কোষ (জীৱবিজ্ঞান)ৰ চিকিৎসা সম্বন্ধীয় ইমেজিং
- 300–320 নেন'মিটাৰ: চিকিৎসা বিজ্ঞানত পোহৰ চিকিৎসা
- 300–365 নেন'মিটাৰ: পলিমাৰ আৰু ছপা চিঞাহীৰ সংস্কাৰ
- 350–370 নেন'মিটাৰ: পতংগ নাশক যন্ত্ৰ (মাখি ৩৬৫ নেন'মিটাৰ পোহৰৰ প্ৰতি সৰ্বাধিক আকৰ্ষিত হয়)।৭
অপকাৰিতা
অতিবেঙুণী তৰংগৰ সৈতে সংশ্লিষ্ট পৰিঘটনাবোৰ হ'ল- জৈৱিক প্ৰক্ৰিয়া আৰু ইয়াৰ প্ৰয়োগ, অনুপ্ৰভাৰ সৃষ্টি বা বিশিষ্ট শোষণৰ দ্বাৰা ৰাসায়নিক বিশ্লেষণ। অতিবেঙুণী ৰশ্মিৰ প্ৰভাৱত চালৰ কৰ্কট ৰোগ হ'ব পাৰে। ৰ'দত গাৰ ছাল ক'লা হোৱাৰ কাৰণো সূৰ্যৰ বিকীৰণৰ অতিবেঙুণী তৰংগৰ দ্বাৰা হোৱা মেলানিনৰ সৃষ্টি (Pigmentation)। অতিবেঙুণী ৰশ্মি চকুৰ বাবে হানিকাৰক।
অতিৰিক্ত পাঠ
- Hu, S; Ma, F; Collado-Mesa, F. (July 2004). UV radiation, latitude, and melanoma in US Hispanics and blacks. Arch. Dermatol.. পৃ. 819–824
- Strauss, CEM; Funk, DJ. (1991). Broadly tunable difference-frequency generation of VUV using two-photon resonances in H2 and Kr. Optics Letters. পৃ. 1192–4
- Hockberger, Philip E. (2002). A History of Ultraviolet Photobiology for Humans, Animals and Microorganisms. Photochemistry and Photobiology. পৃ. 561–569
- Allen, Jeannie. (6 September 2001). Ultraviolet Radiation: How it Affects Life on Earth. Earth Observatory. NASA, USA
তথ্যসূত্ৰ
- ↑ www.britannica.com/EBchecked/topic/613529/ultrav
- ↑ Reference Solar Spectral Irradiance: Air Mass 1.5
- ↑ Haigh, Joanna D. . (2007). The Sun and the Earth's Climate: Absorption of solar spectral radiation by the atmosphere. Living Reviews in Solar Physics. পৃ. 2
- ↑ Wacker, Matthias; Holick, Michael F. (2013-01-01). Sunlight and Vitamin D. Dermato-endocrinology. পৃ. 51–108
- ↑ ISO 21348 Definitions of Solar Irradiance Spectral Categories
- ↑ s-et.com
- ↑ Ultraviolet Light, UV Rays, What is Ultraviolet, UV Light Bulbs, Fly Trap. Pestproducts.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অতিবেঙুনীয়া” প্ৰবন্ধৰ সংশোধন ৫৫৪৪৬৪ (২১ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।