প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পবিতৰা অভয়াৰণ্য
পবিতৰা অভয়াৰণ্য বা পবিতৰা (Pobitora Wildlife Sanctuary) অসমৰ পৰ্যটন স্থল সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে, মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্য অৱস্থিত। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণৰ কাৰণ।
-
প্ৰাকৃতিক পৰিৱেশ
প্ৰাকৃতিক পৰিৱেশ বুলিলে পৃথিৱী বা ইয়াৰ কোনো এটা অঞ্চলৰ সমগ্ৰ জীৱ আৰু জড়সমূহক একেলগে বুজায়। ই সকলো জীৱিত প্ৰজাতিৰ এটা পাৰস্পৰিক ক্ৰিয়াৰ পৰিৱেশ। এই ধাৰণাটো কিছুমান মৌলৰ দ্বাৰা প্ৰকাশ কৰা হয়: * সম্পূৰ্ণ পৰিস্থিতিক গোট যি মানুহৰ হস্তক্ষেপৰ অবিহনে সকলো উদ্ভিদ, অণুজীৱ, মাটি, শিল, বায়ুমণ্ডল আৰু সেই…
-
বনকুকুৰা
বনকুকুৰা Pheasant পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াক প্ৰধানত: বিষুৱীয় অঞ্চলত পোৱা যায়৷ ইয়াক বৰ্তমান পোহনীয়া কুকুৰা চৰাইৰ পূৰ্বপূৰুষ বুলি গণ্য কৰা হয়৷ বনকুকুৰা পোনপ্ৰথমে প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে এছিয়াত পোহনীয়া কৰাৰ প্ৰচেষ্টা চলিছিল৷ পৰৱৰ্ত্তী কালত ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে আৰু বৰ্তমান মাংস…
-
ভোট-জলকীয়া
ভোট-জলকীয়া (Bhut jolokia, IPA: [ˈbʱʊt.zɔˌlɔkiˌja]) এবিধ গুল্মজাতীয় উদ্ভিদ। ই বাংলাদেশৰ নাগা মৰিচৰ ওচৰ-সম্বন্ধীয়। ইয়াক বিহ-জলকীয়া, নগা-জলকীয়া, ৰাজা-মৰিচ ইত্যাদি নামেৰেও জনা যায়। ই এক প্ৰকাৰৰ আন্তঃপ্ৰজাতিৰ বৰ্ণসংকৰ জলকীয়া। ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মণিপুৰত ইয়াৰ খেতি কৰা হয়।
-
শামুক
শামুক হৈছে মোলাস্কা (mollusca) প্ৰজাতিৰ এবিধ কোমল দেহী প্ৰাণী। এই প্ৰাণী বিধ গ্যাষ্ট্ৰোপোডা (Gastropoda) শ্ৰেণীৰ অন্তৰ্ভুক্ত। শামুকবোৰ সাধাৰণতে এটা কঠিন খোলাৰ মাজত সোমাই থাকে। সাধাণতে শামুক বুলিলে স্থলচৰ, সামুদ্ৰিক আৰু মিঠাপানীৰ শামুককে বুজায়।
-
সিংহ
সিংহ, পেন্থেৰা লিঅ' হৈছে পেন্থেৰা গণৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ইহঁত ফেলেডি পৰিয়ালৰ পাঁচ প্ৰকাৰৰ বৃহৎ মেকুৰীজাতীয় প্ৰাণীৰ অন্যতম। আফ্ৰিকীয় সিংহ বুলিলে আফ্ৰিকাৰ অৰণ্যত পোৱা কেইবা প্ৰকাৰৰ উপ-প্ৰজাতিক বুজায়।
-
সেন্দূৰী বান্দৰ
সেন্দূৰী বান্দৰ (Stump-tailed Macaque) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা বান্দৰৰ এবিধ প্ৰজাতি। ইয়াৰ গাৰ বৰণ গাঢ় খয়েৰী বৰণৰ। নেজ অত্যন্ত চুটি আৰু নোমহীন। নেজৰ এই বৈশিষ্ট্যৰ বাবেই এই প্ৰজাতিবিধৰ ইংৰাজী নাম Stump-tailed হয়। সেন্দূৰী বান্দৰৰ মুখখন নোমহীন আৰু তাত কিছুমান ক'লা ক'লা দাগ দেখা পোৱা যায়।
-
ঘৰচিৰিকা
ঘৰচিৰিকা বা ঘনচিৰিকা (house sparrow, বৈজ্ঞানিক নাম: Passer domesticus) হৈছে Passeridae গোত্ৰৰ বিশ্বৰ প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা সৰু আকাৰৰ চৰাই। এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত। ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়।
-
ফেঁচা
ফেঁচা (Owls) হৈছে ষ্ট্ৰিজিফৰ্মেছ ক্ৰমৰ পক্ষী। ইয়াৰে ২০০ৰো অধিক প্ৰজাতিৰ বেছিভাগেই একাকী আৰু নিশাচৰ চিকাৰী। ফেঁচাক উলম্ব স্থিতি, ডাঙৰ আৰু বহল মূৰ, তীক্ষ্ণ দৃষ্টি, উচ্চ শ্ৰৱণ শক্তি, চোকা ঠেং আৰু নীৰৱতাৰে উৰিব পৰাকৈ গঠিত ডেউকাৰ দ্বাৰা চিহ্নিত কৰা হয়।
-
বালি
বালি মিহি মিহি খনিজ কণিকাৰে গঠিত এক দানাযুক্ত পদাৰ্থ। বালিৰ গঠন বিভিন্ন যদিও ইয়াৰ দানা আকাৰৰ দ্বাৰাহে চিনাক্ত কৰা হয়। বালিৰ দানাবোৰ শিলগুটিতকৈ সৰু আৰু পলিতকৈ মোটা। বালিয়ে মাটি বা মাটিৰ প্ৰকাৰৰ এটা গাঁথনিক শ্ৰেণীকো বুজাব পাৰে; যি ভৰৰ হিচাপত ৮৫ শতাংশতকৈ অধিক বালিৰ আকাৰ কণা থকা মাটি।
-
বেল
বেল (Wood apple, Bael, বৈজ্ঞানিক নাম: Aegle Marmetos) এবিধ ফল। বঙালী আৰু হিন্দী ভাষাতো এই ফলবিধক বেল বুলিয়ে কয়। সংস্কৃত ভাষাত বিল্ব বুলি কোৱা হয়। এবিধ পুষ্টিকৰ ফল। হিন্দু ধৰ্মী লোকসকলে পূজা-অৰ্চনাত বেল গছৰ পাত ব্যৱহাৰ কৰে।
-
মূলা
মূলা (reddish), (বৈজ্ঞানিক নাম: Raphanus Raphanistram) হৈছে দক্ষিণ এছিয়াৰ খাদ্যত বিশেষকৈ বাংলাদেশ, ভাৰত আৰু পাকিস্তানত জনপ্ৰিয় এবিধ সপুষ্পক শিপাজাতীয় উদ্ভিদ। ইয়াৰ গছ একবৰ্ষী। মূলা, ডাইকন, বগা মূলা আদি বিভিন্ন অঞ্চলত ইয়াক বিভিন্ন নামেৰে জনা যায়।
-
মেথি
মেথি বা মিথি হৈছে ফেবেচি পৰিয়ালৰ এবিধ বাৰ্ষিক উদ্ভিদ। ইয়াৰ পাতত তিনিটা সৰু ডিম্বাকৃতিৰ পৰা আয়তাকৃতিৰ উপপত্ৰিকা থাকে। ইয়াক অৰ্ধশস্য হিচাপে দেশজুৰি খেতি কৰা হয়। ই এবিধ মছলাজাতীয় উদ্ভিদ।
-
ৰঙা পাণ্ডা
ৰঙা পাণ্ডা (Red Panda, বৈজ্ঞানিক নাম-Ailurus fulgens) এবিধ সৰু আকাৰৰ গছত থকা স্তন্যপায়ী প্ৰাণী। ইয়াক সাধাৰণতে পূব হিমালয় আৰু দক্ষিণ-পশ্চিম চীনত দেখা পোৱা যায়।
-
ক'ৰডাটা
ক'ৰডাটা (Chordates, ) হ'ল এনেবোৰ প্ৰাণী যিবোৰৰ এডাল পৃষ্ঠ ৰজ্জু, এডাল ফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, Pharyngeal slit, এডাল Endostyle, আৰু অন্ততঃ জীৱন চক্ৰৰ কিছু কালৰ বাবে এডাল নেজ থাকে।
-
কপৌ ফুল
কপৌ ফুল অসমৰ জাতীয় ফুল | কপৌ ফুল (Foxtail Orchid, বৈজ্ঞানিক নাম: Rhynchostylis retusa) হৈছে এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।
-
কলপাত
কলপাত হৈছে কলগছৰ পাত। অসমত কলপাতক কলাপাত বুলিও কোৱা হয়। এজোপা কলগছে ইয়াৰ জীৱন কালত প্ৰায় ৪০খিলা পৰ্যন্ত পাত মেলে। পাতবোৰ যথেষ্ট দীঘলীয়া আৰু বহল। লগতে ই নমনীয় আৰু পানীত নিভিজে বাবে ইয়াৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। ৰন্ধন কাৰ্য, বস্তু বন্ধা, খাদ্য ৰখা, বস্তু ঢকা ইত্যাদি কামত কলপাতৰ ব্যৱহাৰ হয়।
-
কেঁচু
কেঁচু (Earth-Worm; বৈজ্ঞানিক নাম: Lumbricus terrestris) এবিধ অমেৰুদণ্ডী বলয়ী প্ৰাণী। ইহঁতে সাধাৰণতে কোমল, বেছি পৰিমাণে হিউমাচ থকা চহ কৰা মাটিত ৩০ৰ পৰা ৪৫ ছেণ্টিমিটাৰ দ গাঁত কৰি বাস কৰে। কলগছ, বন্ধাকবি, আৰু শাক-পাচলিৰ পাতৰ তলতো ইহঁতক দেখা যায়। পঁচা পাত, জাবৰ, সৰু প্ৰাণীৰ মৃতদেহ ইহঁতৰ খাদ্য।
-
গমাৰী
গমাৰী (beechwood, gmelina, goomar teak, Kashmir tree, Malay beechwood, white teak, yemane) এবিধ ওখ গুড়চ্যাদি বৰ্গৰ ঔষধি গুণ সম্পন্ন গছ। গমাৰী গছৰ কাঠ কঠিন হোৱা বাবে ইয়াক বিভিন্ন ঘৰুৱা সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই এবিধ বৰ খৰকৈ বৃদ্ধি হোৱা পৰ্ণপাতী উদ্ভিদ।
-
জহামাল
জহামাল (Asian Palm Civet, বৈজ্ঞানিক নামঃ Paradoxurus hermaphroditus) এবিধ দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াত পোৱা জন্তু। ভয় খালে ই এবিধ গোন্ধ যুক্ত ৰাসায়নিক দ্ৰব্য নিঃসৰণ কৰে। এই দ্ৰব্যৰ গোন্ধ জহা চাউলৰ গোন্ধৰ দৰে হোৱা বাবে ইয়াৰ নাম জহামাল।
-
ডাঁহী সাপ
ডাঁহী সাপ বা ৰাজফেঁটী বা ৰজা ফেঁটী (King Cobra, বৈজ্ঞানিক নাম:Ophiophagus hannah) পৃথিৱীৰ আটাইতকৈ দীঘল বিষধৰ সাপৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৮.৫-১৮.৮ ফুট পৰ্যন্ত হোৱা দেখা যায়৷ এই সাপবিধ ঘাইকৈ ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ বনাঞ্চলসমূহত দেখা পোৱা যায়৷ ডাঁহী সাপক বিভিন্ন কাৰণত জনমানসত…
-
নেউল
নেউল (Mongoose) এবিধ সৰু আকাৰৰ মাংসভোজী প্ৰাণী। Herrpestidae পৰিয়ালৰ অন্তৰ্ভুক্ত এই স্তন্যপায়ী প্ৰাণীবিধ প্ৰধানকৈ ইউৰেছিয়া আৰু আফ্ৰিকা মহাদেশত বিস্তৃত হৈ আছে।
-
প্ৰাইমেট
প্ৰাইমেট হৈছে Primates (; লেটিন: "prime, প্ৰথম স্থান") বৰ্গৰ অন্তৰ্গত স্তন্যপায়ী প্ৰাণী। জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, প্ৰাইমেট বুলিলে দুটা প্ৰধান শৃংখল, strepsirrhines আৰু haplorhinesক বুজায়।
-
বনৰীয়া ম’হ
বনৰীয়া ম'হ (Asiatic water buffalo, বৈজ্ঞানিক নাম: Bubalus arnee)এটা ডাঙৰ আকাৰৰ ম'হৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াত স্থানীয় প্ৰজাতি। আই.ইউ.চি. এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটগ্ৰস্ত ( endangered species)বুলি স্বীকৃতি দিয়া হৈছে। বৰ্তমান ইয়াৰ জনসংখ্যা ৪,০০০ তকৈও কম বুলি ধাৰণা কৰা হৈছে।
-
বাদুলি
বাদুলি (Bat) পৃথিৱীৰ একমাত্ৰ উৰণ ক্ষমতা বিশিষ্ট স্তন্যপায়ী প্ৰাণী। ই চৰাইৰ দৰে উৰিব পাৰে। বাদুলিৰ সমসংস্থ অংগ (Homologous organ) ডেউকালৈ পৰিবৰ্তীত হৈছে। ইয়াৰ ডেউকা পাতল চামৰাৰে আবৃত আৰু গাটো নোমেৰে আৱৰি আছে।
-
মাছৰোকা
মাছৰোকা (Kingfisher) সাধাৰনতে উজ্জ্বল বৰণৰ সৰুৰ পৰা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ভাৰতবৰ্ষত তাৰে ১২ টা স্থানীয় তথা এটা পৰিভ্ৰমী প্ৰজাতি পোৱা যায়৷ এই গোষ্ঠীৰ সকলোবোৰ প্ৰজাতিৰে বৈশিষ্ট্য হ’ল, বৃহৎ মুণ্ড, দীঘলীয়া আৰু জোঙা আকৃতিৰ ঠোঁট তথা…
-
শিপা
শিপা সিৰ সম্বলিত (ভেছকুলাৰ) উদ্ভিদৰ এটা অংগ, যিবোৰ পৰিৱৰ্তন হৈ উদ্ভিদৰ বাবে আশ্ৰয় প্ৰদান কৰাত জড়িত হয় আৰু যাৰ দ্বাৰা উদ্ভিদৰ শৰীৰত পানী আৰু পুষ্টিকৰ পদাৰ্থ গ্ৰহণ কৰা হয়, যাৰ ফলত উদ্ভিদবোৰৰ বৃদ্ধি আৰু বিকাশ ঘটে।
-
শিহু
শিহু (Ganges River Dolphin; বৈজ্ঞানিক নাম: Platanista gangetica gangetica) ভাৰত, বাংলাদেশ, আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি। এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গঙ্গা নদী আৰু ব্ৰহ্মপুত্ৰ নদ আৰু বাংলাদেশ আৰু নেপালত প্ৰৱাহিত ইহঁতৰ উপনদী সমূহত দেখা যায়।
-
শেৱালি ফুল
শেৱালি ফুল হ’ল নিক্টান্থেস (Nyctanthes) ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইলেণ্ডৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ্গৰ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰি প্ৰদেশৰ ৰাষ্ট্ৰীয় ফুল।
-
হাইঠা
হাইঠা (Green pigeon) এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি। ই সাধাৰণতে সৰু ফল-মূল আদি খায়। ইহঁতকযোৰ পতা অৱস্থাত অথবা সৰু গোটত চৰা দেখা যায়।