অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বাদুলি

বাদুলি (Bat) পৃথিৱীৰ একমাত্ৰ উৰণ ক্ষমতা বিশিষ্ট স্তন্যপায়ী প্ৰাণী। ই চৰাইৰ দৰে উৰিব পাৰে। বাদুলিৰ সমসংস্থ অংগ (Homologous organ) ডেউকালৈ পৰিবৰ্তীত হৈছে। ইয়াৰ ডেউকা পাতল চামৰাৰে আবৃত আৰু গাটো নোমেৰে আৱৰি আছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৮২১ শব্দ · ৫ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বাদুলি (Bat) পৃথিৱীৰ একমাত্ৰ উৰণ ক্ষমতা বিশিষ্ট স্তন্যপায়ী প্ৰাণী। ই চৰাইৰ দৰে উৰিব পাৰে। বাদুলিৰ সমসংস্থ অংগ (Homologous organ) ডেউকালৈ পৰিবৰ্তীত হৈছে। ইয়াৰ ডেউকা পাতল চামৰাৰে আবৃত আৰু গাটো নোমেৰে আৱৰি আছে। কিছুমান বাদুলিৰ প্ৰজাতি, বিশেষকৈ নেজযুক্ত বাদুলিৰ নেজডালো চামৰাৰ আৱৰণখনে আৱৰি থকা দেখা যায়। পৃথিৱীত প্ৰায় ১২৪০টা প্ৰজাতিৰ বাদুলি আছে। বাদুলিৰ প্ৰজাতিসংখ্যা স্তন্যপায়ী প্ৰাণীৰ মুঠ প্ৰজাতিসংখ্যাৰ শতকৰা ২০ ভাগ১।

অৱস্থিতি

উৰণ বৈশিষ্ট্যই বাদুলিক পৃথিৱীত এক বহুল ভাৱে বিস্তৃত স্তন্যপায়ী প্ৰাণী ৰূপে পৰিগণিত কৰিছে। পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে ইহঁতক দেখিবলৈ পোৱা যায়। বিভিন্ন ঋতুত বেলেগ বেলেগ প্ৰজাতিৰ আবাসভূমিৰ নিৰ্ণয়ৰ প্ৰণালীও বেলেগ বেলেগ২। গ্ৰীষ্মপ্ৰধান অঞ্চলেই বাদুলিৰ প্ৰিয় যদিও শীতল আৰু উষ্ণ সাগৰীয় উপকূল অঞ্চল, পৰ্বতৰ উচ্চভূমি নতুবা মৰুভূমি অঞ্চলতো ইহঁতক দেখা যায়। দিনৰ ভাগত ইহঁত গুহা, বিভিন্ন ফাঁক নতুবা নিৰ্জন ঠাইত থকা পুৰণি গছৰ ডাল আদিত ওলমি থাকে৩। আন্ধাৰ হোৱাৰ লগে লগে ইহঁত সক্ৰিয় হৈ পৰে।

প্ৰকাৰ

Microchiroptera
Microchiropteraছবি: NenaVrdoljak · CC BY-SA 3.0
Megabats
Megabatsছবি: Mnolf · CC BY-SA 3.0
Newborn
Newbornছবি: Mnolf · CC BY-SA 3.0

বাদুলিক Chiroptera বৰ্গত অন্তৰ্ভুক্ত কৰা হৈছে। পৃথিৱীত পোৱা প্ৰায় ১২৪০ বিধ বাদুলিক মূলতঃ দুটা প্ৰধান ভাগত ভগোৱা হৈছে। আকৃতিত ডাঙৰ আৰু ফলভক্ষী বাদুলিবোৰক Megachiroptera (megabats) আৰু আকৃতিত সৰু পতংগভোজী তথা মাংসভোজী বাদুলিবোৰক Microchiroptera (microbats/echolocating bats) হিচাবে অন্তৰ্ভুক্ত কৰা হৈছে৪। আটাইতকৈ সৰু বাদুলি হ'ল- Kitti's hog-nosed bat, দীঘল ২৯-৩৪ মি.মি. ডেউকাৰে সৈতে ১৫ চে.মি., ওজন ২-২.৬ গ্ৰাম৫৬। আটাইতকৈ ডাঙৰ বাদুলি হ'ল- Giant golden-crowned flying fox, দীঘল ৩৩৬ মি.মি., ডেউকাৰে সৈতে ১.৬ মি., আৰু ওজন প্ৰায় ১.১-১.২ কে.জি.৭।

আচৰণ

বাদুলি নিশাচৰ প্ৰাণী। আন্ধাৰত ইহঁতে সুকলমে ফুৰিব পাৰে। সাধাৰণতে সৰু জাতৰ পতংভোজী আৰু মাংসভোজী বাদুলিবোৰে চলন-ফুৰণ আৰু খাদ্য সংগ্ৰহৰ বাবে ইক'ল'কেশ্যন (echolocation) কৌশলৰ প্ৰদৰ্শন কৰে। এই জাতৰ বাদুলিবোৰে তাৰ স্বৰযন্ত্ৰৰপৰা এক ধৰণৰ অতিশব্দৰ (ultra-sound)সৃষ্টি কৰে আৰু সেই শব্দ বায়ুৰ মাজেদি অনুদৈঘ্য তৰংগৰ ৰূপত বিস্তাৰিত হৈ যাওঁতে গতিপথত কোনো বস্তুত বাধাপ্ৰাপ্ত হৈ ঘূৰি আহি পুনৰ কাণত পৰেহি। সেই প্ৰতিফলিত শব্দ গ্ৰহণৰ দ্বাৰা ইহঁতে খাদ্য বা অন্য বাধা আদিৰ বিষয়ে তৎকালেই অনুধাবন কৰিব পাৰে। সেয়ে এনে প্ৰজাতিৰ বাদুলিবোৰৰ বৰষুণৰ সময়ত সময়ত ফুৰা-চকাত অসুবিধা পায়। আনহাতে ডাঙৰ জাতৰ ফলভক্ষী বাদুলিবোৰে চলন-ফুৰণ আৰু খাদ্য সংগ্ৰহৰ বাবে দৃষ্টিশক্তি আৰু ঘ্ৰাণশক্তিৰ সহায় লয়। ফলভক্ষী বাদুলিবোৰ দিনৰ ভাগত মূৰটো তলৰ ফালে দি ভৰি দুখনেৰে ওলমি থাকে। আনহাতে মাংসভোজী আৰু পতংভোজী বাদুলিবোৰেগছৰ খোৰোং,গুহা, বাঁহৰ চুঙা বা ঘৰৰ চিলিং আদিত দিনৰ ভাগত লুকাই থাকে। খাদ্যৰ সন্ধানত নতুবা উপযুক্ত পৰিবেশৰ সন্ধানত ইহঁতে প্ৰায়েই প্ৰব্ৰজন কৰা দেখা যায়। কিছুমান প্ৰজাতিৰ বাদুলিয়ে শীতৰ সময়চোৱা গুহা, ঘৰৰ চিলিং আদিত লুকাই থাকে। এই নিষ্ক্ৰিয় সময়চোৱাৰ বাবে ইহঁতে বেছি খাদ্য গ্ৰহণ কৰি শৰীৰত চৰ্বী জমা কৰি লয়। ৮

বাদুলি
বাদুলিছবি: Suyash Dwivedi · CC BY-SA 4.0
বাদুলি
বাদুলিছবি: Suyash Dwivedi · CC BY-SA 4.0

প্ৰজনন

বাদুলিৰ প্ৰজনন প্ৰক্ৰিয়া বৈশিষ্টপূৰ্ণ। জলবায়ু আৰু খাদ্যসম্ভাৰৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতে নিজৰ প্ৰজনন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰে। গৰ্ভধাৰণৰ বাবে পৰিৱেশ অনুকূল নহ'লে মাতা বাদুলিজনীয়ে গৰ্ভ সঞ্চাৰৰ বাবে উপযুক্ত সময় নোহোৱালৈকে বীৰ্য সাঁচি ৰাখিব পাৰে। তদুপৰি পোৱালি দিয়াৰ ক্ষেত্ৰটো উপযুক্ত পৰিবেশৰ বাবে পোৱালি দিয়াৰ সময় আগুৱাব বা পিছুৱাব পাৰে৯। বাদুলিয়ে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে। কিছুমান প্ৰজাতিয়ে দুই-তিনিটালৈকেও পোৱালি দিয়ে। অন্য স্তন্যপায়ী প্ৰাণীৰ নিচিনাকৈ পোৱালি ডাঙৰ নোহোৱালৈকে মাকে খোৱা-বোৱাৰ যতন লয়। সৰু পোৱালিয়ে সাধাৰণতে মাকৰ গাখীৰ খায়। সৰু বাদুলি বোৰ ৭-৮ সপ্তাহ মানতে উৰিব পৰা হয়। বৰ বাদুলিবোৰ প্ৰায় চাৰিমাহ মানতহে উৰিব পৰা হয়। বাদুলি প্ৰায় ২০ বছৰ কাল জীয়াই থাকে১০।

খাদ্য

বাদুলিৰ প্ৰজাতিভেদে খাদ্যাভ্যাসৰ তাৰতম্য আছে। ইহঁতে নিজৰ দেহৰ ওজনৰ ৫০% খাদ্য খাব পাৰে। প্ৰধান খাদ্যৰ ভিতৰত ফল, ফুলৰ মৌ, কীট-পতংগ, মেৰুদণ্ডী সৰু প্ৰাণী, অন্য প্ৰাণীৰ তেজ আদি১১। নিশাচৰ পতংগৰ ভিতৰত- মহ-ডাঁহ, মথ, পঁইতাচোৰা আদিয়েই প্ৰধান। বাদুলিয়ে খ্ৰীপ্ৰভাৱে পতংগ ধৰিব পাৰে। এটা ৰাতিত ইহঁতে ৩,০০০ পৰা ৭,০০০ টালৈকে মহ ধৰি খাব পাৰে১২। মেৰুদণ্ডী প্ৰাণীৰ ভিতৰত ভেকুলী, মাছ, মকৰা, চৰাই, বাদুলি আদি সাধাৰণতে ধৰি খায়। সাধাৰণতে বৰবাদুলিবোৰে (Megabats) ফল, ফুলৰ মৌ আদি খায়। সৰু বাদুলিবোৰে (Microbats) কীট-পতংগ, মেৰুদণ্ডী সৰু প্ৰাণী, অন্য প্ৰাণীৰ তেজ ফল, ফুলৰ মৌ, আদি খায়।

উপকাৰিতা

বাদুলিৰ বিষ্ঠা (guano) উদ্ভিদৰ বাবে এবিধ উৎকৃষ্ট সাৰ ৰূপে পৰিগণিত হৈছে। সেয়ে বাদুলি বাস কৰা গুহা আদিৰপৰা বহুল পৰিমাণে ইয়াৰ বিষ্ঠা সংগ্ৰহ কৰি খেতি পথাৰত যোগান ধৰা হয়১৩। বাদুলিয়ে পৰিবেশৰ ভাৰসাম্যতা বজাই ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ফলভক্ষী বাদুলিবোৰে ফল খোৱাৰ পাছত অ'ত-ত'ত সিঁচৰিত কৰি পেলাই দিয়াৰ ফলত এক বহল ভিত্তিত উদ্ভিদৰ বংশবৃদ্ধি হয়। আনহাতে ফুলৰ মৌ খাওঁতে এপাহ ফুলৰ পৰাগৰেণুবোৰ আন এপাহ ফুলৰ গৰ্ভমুণ্ডলৈ স্থানানন্তৰিত কৰি বাদুলিয়ে ফুলৰ পৰাগযোগ হোৱাত সহায় কৰে। পতংভোজী বাদুলিবোৰো পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত ভূমিকা অপৰিসীম। অতি উচ্চহাৰত বংশবৃদ্ধি হোৱা অনিষ্টকাৰী কীট-পতংগৰ সংখ্যা কমাই ৰখাত বাদুলিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

স্থিতি তথা সংৰক্ষণ

বৰ্তমান বন্য আবাসভূমি ধ্বংসৰ ফলত অন্য বন্যপ্ৰাণীবোৰৰ যি ভাবুকিৰ সৃষ্টি হৈছে, তাৰ কবলত বাদুলিও পৰিছে। বাদুলিৰ আশ্ৰয়স্থলৰ সংকোচন, খাদ্যাভাব,প্ৰাকৃতিক দুৰ্যোগ ফলত মৃত্যু, মানুহৰ দ্বাৰা বধ আদি কাৰণসমূহৰ বাবে পূৰ্বতে বিস্তৃতি থকা বহুতো অঞ্চলৰপৰা বাদুলি নোহোৱা হৈছে। বৰবাদুলিৰ আশ্ৰয়স্থান ওখ গছবোৰ কটাৰ ফলত সমূহীয়াভাবে বহুতো বাদুলিয়ে আশ্ৰয় স্থান হেৰুৱাইছে। পাহাৰ আদি কাটি ধ্বংস কৰা ফলতো বহুতো গুহাবাসী বাদুলি বিলুপ্তি তথা আবাসভূমি হেৰুৱাৰ কবলত পৰিছে। কেতিয়াবা সামূহিক জীৰণিস্থলত যদি এটা বা দুটা বাদুলি বধ কৰা হয় তেতিয়া জাকটোৱে ভয় খাই অন্য ঠাইলৈ প্ৰব্ৰজন কৰিব লগীয়া হয়। এনে প্ৰব্ৰজনত সুবিধাজনক ঠাই নাপালে অনেক বাদুলিৰ মৃত্যু হ'ব পাৰে। বৰ্তমান সেয়ে পৃথিৱীৰ বহুতো দেশত বাদুলি সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছে। তদুপৰি বাদুলি সংৰক্ষণৰ বাবে বহুতো স্বেচ্ছাসেৱী সংগঠনে প্ৰচেষ্টা চলোৱা দেখা গৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Tudge, Colin (2000). The Variety of Life. Oxford University Press. ISBN 0-19-860426-2
  2. ↑ "Bats of the World". Bat Conservation Trust. Retrieved January 2011
  3. ↑ Grzimek's Animal Life Encyclopedia: Vol 13 Mammals II (2nd ed.). 2003. p. 311. ISBN 0-7876-5362-4
  4. ↑ আৰ্কাইভ কপি
  5. ↑ "Bumblebee bat (Craseonycteris thonglongyai)". EDGE Species. Retrieved 2008-04-10
  6. ↑ Kitti's Hog-Nosed Bat: Craseonycteridae - Physical Characteristics - Bats, Bumblebee, Species, Inches, Brown, and Tips
  7. ↑ ARKive - Golden-capped fruit bat videos, photos and facts - Acerodon jubatus
  8. ↑ www.angelfire.com/pa2/STONEMANGUITARS/bat.html
  9. ↑ www.nottingham.ac.uk/burn/Bradley.pdf{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
  10. ↑ www.life.umd.edu/faculty/wilkinson/Brunet-Rossin
  11. ↑ Johnson, Sylvia. Bats. Minneapolis: Lerner Publications Company, 1985
  12. ↑ www.ces.ncsu.edu/forestry/pdf/www/www21.pdf{{Dea link|date=April 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
  13. ↑ Shebar, Sharon. Bats. New York: Franklin Watts, 1990

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণীসৰ্বভোজীঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাদুলি” প্ৰবন্ধৰ সংশোধন ৬৩৭৪২৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।