অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰঙা পাণ্ডা

ৰঙা পাণ্ডা (Red Panda, বৈজ্ঞানিক নাম-Ailurus fulgens) এবিধ সৰু আকাৰৰ গছত থকা স্তন্যপায়ী প্ৰাণী। ইয়াক সাধাৰণতে পূব হিমালয় আৰু দক্ষিণ-পশ্চিম চীনত দেখা পোৱা যায়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৬৪৪ শব্দ · ৪ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰঙা পাণ্ডা (Red Panda, বৈজ্ঞানিক নাম-Ailurus fulgens) এবিধ সৰু আকাৰৰ গছত থকা স্তন্যপায়ী প্ৰাণী। ইয়াক সাধাৰণতে পূব হিমালয় আৰু দক্ষিণ-পশ্চিম চীনত দেখা পোৱা যায়। ইয়াৰ বন্য পৰিবেশত হোৱা দ্ৰুত জনসংখ্যা হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি এই জন্তুবিধক আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত (Vulnerable) বুলি স্বীকৃতি প্ৰদান কৰা হৈছে।বৰ্তমানলৈকে ইয়াৰ দুটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে।

দৈহিক গঠন

ৰঙা পাণ্ডা
ৰঙা পাণ্ডাছবি: (Greg5030) · CC BY-SA 3.0
ৰঙা পাণ্ডাৰ লাওখোলা
ৰঙা পাণ্ডাৰ লাওখোলাছবি: Eviatar Bach · CC BY-SA 3.0

ৰঙা পাণ্ডাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৫০-৬৪ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য প্ৰায় ২৮-৫৯ ছে:মি: হয়। মতা আৰু মাইকী পাণ্ডাৰ ওজন ক্ৰমান্বয়ে ৩.৭-৬.২ কিলোগ্ৰাম আৰু ৩-৬ কিলোগ্ৰাম হয়।১২৩ ইয়াৰ সমগ্ৰ দেহ কোমল ৰঙচুৱা নোমেৰে আবৰা। দেহৰ তলৰ অংশৰ নোমৰ বৰণ ক'লা। ইয়াৰ মুখৰ বৰণ পাতল, গাল দুখন বগা বৰণীয়া। ইয়াৰ মূৰৰ আকাৰ ঘূৰণীয়া আৰু কাণ দুখন মজলীয়া আকাৰৰ, উঠঙা। নাক ক'লা আৰু চকুযোৰ গাঢ় ক'লা বৰণৰ। পাণ্ডাৰ নেজ শকত আৰু নোমাল। ইয়াৰ নেজডালত পথালিকৈ ছয়ডাল কমলা ডাঠ আঁচ থাকে। ইয়াৰ ঠেং ক'লা আৰু চুটি হয়। ইয়াৰ নোমাল ছালখনে পাণ্ডাক অত্যধিক ঠাণ্ডা পৰিবেশত দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।৪

বিস্তৃতি

Red panda sleeping
Red panda sleepingছবি: Aconcagua · CC BY-SA 3.0

পাণ্ডা কেৱল হিমালয় পৰ্বতৰ অৰণ্যতহে দেখা পোৱা যায় (endemic)। ইয়াক পশ্চিমে নেপালৰ পৰা পূবে চীনলৈকে দেখা যায়।৫ ইয়াৰ ভিতৰত তীব্বত, ভাৰতৰ ছিক্কিম, অসম আৰু ভূটান, বাৰ্মাৰ উত্তৰৰ পৰ্বতীয়া অৰণ্য, দক্ষিণ-পশ্চিম চীন, য়ুনান আদি পাণ্ডাৰ বাসস্থান হিচাপে অন্যতম। উত্তৰ অৰুণাচল প্ৰদেশতো পাণ্ডা দেখা পোৱাৰ কিছু তথ্য পোৱা যায় যদিও নিশ্চিত সূত্ৰ পাবলৈ এতিয়াও বাকী। পাণ্ডাৰ বিস্তৃতি তুলনামূলকভাৱে বিভক্ত।১ এনে এটা বিভক্ত গোট মেঘালয়তো থকাৰ প্ৰমাণ পোৱা গৈছে।৬

বাসস্থান

পাণ্ডা সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা ২,২০০-৪,৮০০ উচ্চতাত বসবাস কৰা দেখা যায়। এই জন্তুবিধে ঘাইকৈ ১০-২৫ ডিগ্ৰী ছেলছিয়াছৰ জলবায়ু পছন্দ কৰে। বাঁহ গছেৰে পৰিপূৰ্ণ হিমালয়ৰ মিশ্ৰ পৰ্ণপাতী অৰণ্যত ই বাস কৰে।১

আচৰণ

ৰঙা পাণ্ডাই নিজৰ একোটা এলেকা অধিকাৰ কৰি লয় (territorial)। সাধাৰণতে ই অকলশৰীয়াকৈ থাকে-কেৱল প্ৰজননৰ সময়তহেযোৰ পাতে। কেতিয়াবা হুইছেলৰ দৰে কিছু শব্দ কৰাৰ বাহিৰে বাকী সময়ত ই নীৱৱে থাকে। ইয়াক সাধাৰণতে নিশাচৰ বুলি জনা যায়। ই গছৰ ডালত বা খোৰোঙত দিনৰ ভাগত শুই থাকে আৰু আন্ধাৰ নমাৰ লগে লগে সক্ৰিয় হৈ উঠে। গৰমৰ দিনত ই ঠেং ওলমাই গছৰ ডালত জিৰণি লয় আৰু ঠাণ্ডা হ'লে ঘোৰখাই নেজডাল মুখত দি ৰাখে।১ পাণ্ডা উষ্ণতাৰ পৰিৱৰ্তনৰ প্ৰতি খুবেই সজাগ বুলি জনা যায়। ১৭-২৫ ডিগ্ৰী ইয়াৰ বাবে আটাইতকৈ উপযোগী উষ্ণতা বুলি তথ্য পোৱা গৈছে। ই ২৫ ডিগ্ৰীৰ ওপৰৰ উষ্ণতা সহ্য কৰিব নোৱাৰে বুলিও জনা যায়।

Red panda standing
Red panda standingছবি: DANIEL WONG from Newark, CA, USA · CC BY-SA 2.0

খাদ্য

ৰঙা পাণ্ডা গছত বগোৱাত খু্বেই পাকৈত আৰু ই প্ৰধানকৈ গছৰ পাত খাই জীয়াই থাকে। বাঁহগছৰ বিভিন্ন অংশ ইয়াৰ প্ৰিয় খাদ্য। তদুপৰি ই সৰু আকাৰৰ স্তন্যপায়ী প্ৰাণী, চৰাই, কণী, ফুল, ফল আদিও খায়। কৃত্ৰিম পৰিবেশত পাণ্ডাই চৰাই, ফুল, গুটি আদি আহাৰ হিচাপে গ্ৰহণ কৰা দেখা যায়।

প্ৰজনন

Red panda tending its cub
Red panda tending its cubছবি: Rainer Halama · CC BY-SA 3.0

পাণ্ডাই ১৮ মাহ বয়সৰ পৰা প্ৰজননৰ বাবে উপযুক্ত হৈ উঠে। অৱশ্যে ই ২-৩ বছৰ বয়সতহে প্ৰকৃততে পূৰ্ণবয়স্ক হয়। প্ৰজনন কাল জানুৱাৰীৰ পৰা মাৰ্চমাহলৈকে বুলি জনা গৈছে। কেৱল প্ৰজননকালত হে পূৰ্ণবয়স্ক পাণ্ডাইযোৰ পাতে। মতা-মাইকী উভয়ে একাধিক জন্তুৰ স'তে প্ৰজনন কৰে।৭

ৰঙা পাণ্ডাৰ গড় আয়ুস ৮-১০ বছৰ বুলি তথ্য পোৱা গৈছে। অৱশ্যে কৃত্ৰিম পৰিৱেশত ই ১৫ বছৰ বয়সলৈকে জীয়াই থাকিব পাৰে।

সংকট

, Italy]]

The primary threats to red pandas are direct harvest from the wild, live or dead, competition with domestic livestock resulting in habitat degradation, and Deforestation resulting in habitat loss or fragmentation. The relative importance of these factors is different in each region, and is not well understood.

Deforestation can inhibit the spread of red pandas and exacerbate the natural population subdivision by Topography and পৰিস্থিতি বিজ্ঞান, leading to severe fragmentation of the remaining wild population.৮

সংৰক্ষণ

.]]

The red panda is listed in CITES Appendix I.The species has been classified as vulnerable in the আই ইউ চি এন ৰঙা তালিকা since 2008 because the global population is estimated at about 10,000 individuals, with a decreasing population trend; only about half of the total area of potential habitat of 142000 বৰ্গ কি.মি. is actually being used by the species. Due to their shy and secretive nature, and their largely nocturnal habits, observation of red pandas is difficult. Therefore, population figures in the wild are determined by population density estimates and not direct counts.

Worldwide population estimates range from fewer than 2,500 individuals৭ to between 16,000 and 20,000 individuals.৬

, Germany]]

তথ্যসূত্ৰ

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Roberts, M. S.; Gittleman, J. L. (1984). Ailurus fulgens. Mammalian Species. পৃ. 1–8
  2. ↑ আৰ্কাইভ কপি
  3. ↑ Burnie D and Wilson DE (Eds.), Animal: The Definitive Visual Guide to the World's Wildlife. DK Adult (2005), ISBN 0789477645
  4. ↑ Pocock, R.I. (1941). Fauna of British India, including Ceylon and Burma. Mammalia. – Volume 2.. Taylor and Francis, Ltd., London. পৃ. 250–264
  5. ↑ Glatston 1994:20
  6. ↑ Choudhury, A. (2001). An overview of the status and conservation of the red panda Ailurus fulgens in India, with reference to its global status. Oryx. Flora & Fauna International. পৃ. 250–259
  7. ↑ R. M., Nowak. (1999). Walker’s Mammals of the World. Johns Hopkins University Press. পৃ. 695–696. ISBN 0-8018-5789-9
  8. ↑ Yonzon, P. B., Hunter Jr., M. L. (1991). Conservation of the red panda Ailurus fulgens. Biological Conservation. পৃ. 85

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণীতৃণভোজী প্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙা পাণ্ডা” প্ৰবন্ধৰ সংশোধন ৬২৪১৬০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।