অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সেন্দূৰী বান্দৰ

সেন্দূৰী বান্দৰ (Stump-tailed Macaque) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা বান্দৰৰ এবিধ প্ৰজাতি। ইয়াৰ গাৰ বৰণ গাঢ় খয়েৰী বৰণৰ। নেজ অত্যন্ত চুটি আৰু নোমহীন। নেজৰ এই বৈশিষ্ট্যৰ বাবেই এই প্ৰজাতিবিধৰ ইংৰাজী নাম Stump-tailed হয়। সেন্দূৰী বান্দৰৰ মুখখন নোমহীন আৰু তাত কিছুমান ক'লা ক'লা দাগ দেখা পোৱা যায়।

হালনাগাদ: ৩ অক্টোবৰ ২০২৫ ৩৩৩ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সেন্দূৰী বান্দৰ (Stump-tailed Macaque) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা বান্দৰৰ এবিধ প্ৰজাতি। ইয়াৰ গাৰ বৰণ গাঢ় খয়েৰী বৰণৰ। নেজ অত্যন্ত চুটি আৰু নোমহীন। নেজৰ এই বৈশিষ্ট্যৰ বাবেই এই প্ৰজাতিবিধৰ ইংৰাজী নাম Stump-tailed হয়। সেন্দূৰী বান্দৰৰ মুখখন নোমহীন আৰু তাত কিছুমান ক'লা ক'লা দাগ দেখা পোৱা যায়। এই ক'লা দাগবোৰৰ মাজে মাজে পৰিলক্ষিত হোৱা ৰঙা দাগবোৰৰ বাবে এই প্ৰজাতিৰ অসমীয়া নাম সেন্দূৰী বান্দৰ হয়।১

দৈহিক গঠন

সেন্দূৰী বান্দৰৰ সমগ্ৰ দেহটো ডাঠ, দীঘল, মটীয়া বৰণৰ নোমেৰে আবৃত। কিন্তু ইয়াৰ মুখখন আৰু চুটি নেজডাল নোমহীন। ইয়াৰ কপালৰ ফালে মূৰৰ অলপ অংশত নোম নাথাকে নাইবা বৰ কম নোম থাকে। ইয়াৰ দেহৰ পশ্চাৎ অংশৰ ছাল ৰঙা আৰু চেলাউৰিৰ ওপৰ অংশ বগা। পোৱালি জন্মতে বগা ৰঙৰ হয় আৰু ডাঙৰ হোৱাৰ লগে লগে গাৰ বৰণ ডাঠ হৈ আহে। মতা প্ৰাণীবোৰ মাইকীত কৈ আকৰত যথেষ্ট ডাঙৰ হয়। মতা প্ৰাণীৰ দেহৰ দৈৰ্ঘ্য ৫১.৭-৬৫ ছে: মি: আৰু ওজন প্ৰায় ৯.৭-১০.২ কি: গ্ৰা: হয়, আনহাতে মাইকীৰ দেহৰ দৈৰ্ঘ্য ৪৮-৫৮ ছে: মি: আৰু ওজন ৭.৫-৯.১ কি: গ্ৰা:২

বসতিস্থল

সেন্দূৰী বান্দৰ সাধাৰণতে গভীৰ চিৰসেউজীয়া অৰণ্যত পোৱা যায়।৩। অৰণ্যৰ ভূমিভাগত ইহঁতে দল বান্ধি ঘূৰি ফুৰে। বৰ্ষাৰণ্য, পৰ্ণপাতী অৰণ্য আৰু সেমেকা গছ-বন থকা হাবিৰ লগতে অন্যান্য পাহাৰীয়া অঞ্চলতো ইয়াক দেখা যায়। ভাৰতবৰ্ষত এই প্ৰজাতিটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত পোৱা যায়।৪ মূল বসতিস্থল অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা।৫ অসমৰ যোৰহাট জিলাত অৱস্থিত হোলোঙাপাৰ গিবন অভয়াৰণ্যত এই বান্দৰ প্ৰজাতিবিধ সহজে প্ৰত্যক্ষ কৰিব পাৰি।

আচৰণ

সেন্দুৰী বান্দৰ বা খৰানেজীয়া বান্দৰ
সেন্দুৰী বান্দৰ বা খৰানেজীয়া বান্দৰছবি: কুমুদ ঘোষ · CC BY 4.0

সেন্দূৰী বান্দৰ মেকাক গোষ্ঠীৰ বান্দৰ হোৱাৰ বাবে ই সকলো ধৰণৰ আহাৰ গ্ৰহণ কৰে। ইহঁতে প্ৰধানত: ফল-মূল খাই জীয়াই থাকে। মাজে সময়ে ই গছৰ গুটি, পাত, শিপা, কেঁকোৰা, ভেকুলী, চৰাইৰ কণী, কীট-পতংগ আদিও খায়।৩

সেন্দূৰী বান্দৰে দল-বান্ধি বাস কৰে। একোটা দলত ৫-৬০টা পৰ্য্যন্ত বান্দৰ থাকিব পাৰে।৬ মতা প্ৰাণী প্ৰজননক্ষম হোৱাৰ লগে লগে পুৰণা দল এৰি নতুন দলৰ সদস্য হয়৭

সেন্দূৰী বান্দৰৰ গড় আয়ুস ৩০ বছৰ। এই প্ৰাণীবিধৰ প্ৰজননৰ হাৰ অন্য বান্দৰৰ প্ৰজাতিৰ তুলনাত কম। এবছৰ বা দুবছৰৰ মূৰে মূৰে এটাকৈ পোৱালিৰ জন্ম হয়। মাইকী প্ৰাণী চাৰি বছৰ বয়সত প্ৰজননক্ষম হয়৮।

স্থিতি তথা সংৰক্ষণ

এই প্ৰাণীবিধক আই. ইউ. চি. এন. ৰ তালিকাত বিপথগামী (Vulnerable) বুলি ঘোষণা কৰা হৈছে। ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনঅনুসৰি সেন্দূৰী বান্দৰ ১ নং তালিকাভুক্ত প্ৰাণী। এই প্ৰাণীবিধক ধৰা, মৰা বা কিনা-বেচা কৰা অথবা ঘৰত আৱদ্ধ কৰি ৰখা আইন মতে দণ্ডনীয় অপৰাধ।

তথ্যসূত্ৰ

  1. ↑ "অসমৰ প্ৰাইমেট', সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন
  2. ↑ Rowe N. 1996. The pictorial guide to the living primates. East Hampton (NY): Pogonias Pr. 263 p
  3. ↑ Cawthon Lang KA. (2005-10-04). Primate Factsheets: Stump-tailed macaque (Macaca arctoides) Taxonomy, Morphology, & Ecology
  4. ↑ Choudhury, A.U. (1988) Priority ratings for conservation of Indian primates. Oryx 22: 89-94
  5. ↑ Choudhury, A.U. (2002) Status and conservation of the stump-tailed macaque Macaca arctoides in India. Primate Report 63: 63-72
  6. ↑ Rowe N. 1996. The pictorial guide to the living primates. East Hampton (NY): Pogonias Pr. 263 p
  7. ↑ Fooden J. 1990. The bear macaque, Macaca arctoides: a systematic review. J Hum Evol 19(6/7): 607-86
  8. ↑ Brereton AR. 1992. Alternative reproductive tactics in stumptail macaques (Macaca arctoides). Folia Primatol 59(4): 208-12

সম্পৰ্কিত শ্ৰেণী

বান্দৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সেন্দূৰী বান্দৰ” প্ৰবন্ধৰ সংশোধন ৫৪১৪৬১ (৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।