অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মাছৰোকা

মাছৰোকা (Kingfisher) সাধাৰনতে উজ্জ্বল বৰণৰ সৰুৰ পৰা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ভাৰতবৰ্ষত তাৰে ১২ টা স্থানীয় তথা এটা পৰিভ্ৰমী প্ৰজাতি পোৱা যায়৷ এই গোষ্ঠীৰ সকলোবোৰ প্ৰজাতিৰে বৈশিষ্ট্য হ’ল, বৃহৎ মুণ্ড, দীঘলীয়া আৰু জোঙা আকৃতিৰ ঠোঁট তথা…

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৩৩১ শব্দ · ২ মিনিট সংগৃহীত ৩৯
সংশোধনৰ পৰামৰ্শ

মাছৰোকা (Kingfisher) সাধাৰনতে উজ্জ্বল বৰণৰ সৰুৰ পৰা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ভাৰতবৰ্ষত তাৰে ১২ টা স্থানীয় তথা এটা পৰিভ্ৰমী প্ৰজাতি পোৱা যায়৷ এই গোষ্ঠীৰ সকলোবোৰ প্ৰজাতিৰে বৈশিষ্ট্য হ’ল, বৃহৎ মুণ্ড, দীঘলীয়া আৰু জোঙা আকৃতিৰ ঠোঁট তথা চুটী নেজ৷ প্ৰায়বোৰ প্ৰজাতিৰে গাৰ বৰণ উজ্জ্বল হয় আৰু মতা-মাইকীৰ মাজত বিশেষ পাৰ্থক্য থকা দেখা নাযায়৷ মাছৰোকাই মাছৰ পৰা আৰম্ভ কৰি কেঁকোৰা, বিভিন্ন পোক-পৰুৱা তথা অন্য চৰাইৰ পোৱালীও চিকাৰ কৰে৷

ক্ৰমবিবৰ্তন

মাছৰোকা চৰাই পোনপ্ৰথমে দক্ষিণ-পূব এছিয়াৰ বৰ্ষাৰণ্য তথা প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহত উদ্ভৱ হৈছিল বুলি জনা যায়৷১

বসতি স্থান

মাছৰোকা চৰায়ে বৰ্ষাৰণ্য, পৰ্ণপাতী অৰণ্য, চাভানা, মেনগ্ৰুভ, জলাশয় আদিত বসবাস কৰে৷

দৈহিক গঠন

মাছৰোকাৰ বিভিন্ন প্ৰজাতি সমূহৰ দৈহিক আকৃতি প্ৰায় একে যদিও আকাৰ ভিন্ন হয়৷ এই গোষ্ঠীৰ আটাইতকৈ সৰু গোত্ৰ (genus) হ'ল চেইক্স (Ceyx), যাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১০ ছে.মি. আৰু আটাইতকৈ ডাঙৰ গোত্ৰ ছেৰিলিনে (Cerylinae)৷ এই গোত্ৰৰ অন্তৰ্গত মাছোৰকা প্ৰজাতিৰ দেহৰ দৈৰ্ঘ্য ৪৮ ছে.মি. পৰ্য্যন্ত হ’ব পাৰে৷

মাছৰোকা
মাছৰোকাছবি: Anupom sarmah · CC BY-SA 3.0

আচৰণ

মাছৰোকা চৰায়ে সধাৰণতে সক্ৰিয়ভাৱে নিজা টেৰিটৰী (territory) ৰক্ষা কৰি চলে৷ প্ৰায়বোৰ প্ৰজাতি একগামী (monogamous) যদিও কিছুমান প্ৰজাতিৰ মাজত সহযোগিতামূলক প্ৰজননো দেখা যায়৷ এই ব্যৱস্থাত প্ৰজননকাৰী চৰাই যোৰৰ উপৰিও অন্য সহায়কাৰীয়ে পোৱালিৰ যত্ন লোৱাত সহায় কৰে৷

এই বৰ্গৰ অন্তৰ্ভুক্ত অন্যান্য প্ৰজাতিবোৰৰ দৰেই মাছৰোকায়ো মাটিত গাঁত খান্দি বাহ সাজে৷ সাধাৰণতে জলাশয়ৰ পাৰত কোনো কোনো প্ৰজাতিয়ে গছৰ খোৰোঙ তথা উঁইহাঁফলুৰ বাহ তো বাঁহ সাজে৷ মতা-মাইকী উভয়ে বাহ সজাত অংশগ্ৰহণ কৰে৷ বাহবোৰে সাধাৰণতে সুৰংগৰ শেষত এটা কক্ষৰ দৰে আকৃতি লয়৷ এনে সুৰংগৰ দৈৰ্ঘ্য বেলেগ বেলেগ হব পাৰে৷ আটাইতকৈ দীঘল সুৰংগৰ বাহ বিয়াগোম মাছৰোকা (Giant Kingfisher)-ৰ ক্ষেত্ৰত পোৱা গৈছে৷ ইয়াৰ দৈৰ্ঘ্য হ’ল প্ৰায় ৮.৫ মিটাৰ৷

মাছৰোকাৰ কণী চিকচিকিয়া বগা বৰণৰ হয়৷ বিভিন্ন প্ৰজাতিৰ পোৱালিৰ সংখ্যাও ভিন্ন হয়৷

স্থিতি তথা সংৰক্ষণ

বিভিন্ন কাৰণত মাছৰোকাৰ ভালেসংখ্যক প্ৰজাতি বিপদগামী (threatened) বুলি গণ্য কৰা হয়৷ সংৰক্ষণৰ মূল বাধা হিচাপে বসতিস্হল ধ্বংস তথা পৰিৱেশ বিনষ্টকাৰী প্ৰক্ৰিয়া সমূহকে দায়ী কৰা হয়৷

অসমীয়া সংস্কৃতিত মাছৰোকা

সাধাৰণতে সমাজত যি কোনো দোষণীয় কামৰ ক্ষেত্ৰত আগতে কোনো সৰু সুৰা ক্ষেত্ৰত দোষণীয় কাম কৰাৰ উদাহৰণ থকা ব্যক্তিকে (যেনে চুৰি) বিনা দোষত হ'লেও দোষী সাব্যস্ত কৰা হয়। তেনে ক্ষেত্ৰত ব্যক্তিজনে নিজৰ আক্ষেপ ব্যক্ত কৰি জতুৱা ঠাঁচত "সকলো চৰায়ে মাছ খায়, মাছৰোকাৰ নাম হয়" বুলি ক'ব পাৰে।

তথ্যসূত্ৰ

  1. ↑ Fry (1992) 6–11

সম্পৰ্কিত শ্ৰেণী

মাছৰোকাজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাছৰোকা” প্ৰবন্ধৰ সংশোধন ৫৪০৬১০ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।