ঘৰচিৰিকা বা ঘনচিৰিকা (house sparrow, বৈজ্ঞানিক নাম: Passer domesticus) হৈছে Passeridae গোত্ৰৰ বিশ্বৰ প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা সৰু আকাৰৰ চৰাই। এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত। ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়। ঘৰচিৰিকাই মূলতঃ গুটি, পোক-পতংগ আদি খাই জীয়াই থাকে। ঘৰচীয়া মেকুৰী, ফেঁচা আদি ইহঁতৰ প্ৰধান ভক্ষক (predator)।
বিৱৰণ
ঘৰচিৰিকা এবিধ সৰু আকাৰৰ চৰাই,১ সাধাৰণতে ইয়াৰ দেহৰ দৈৰ্ঘ্য ১৬ ছে: মি: হয়।২ ইয়াৰ মূৰটো ঘূৰণীয়া, ঠোঁট শকত আৰু নেজডাল চুটি,প্ৰায় ৫.২-৬.৫ ছে:মি: দৈৰ্ঘ্যৰ।১৩ ঘৰচিৰিকাৰ দেহৰ ওজন প্ৰায় ২৪-৩৯.৫ গ্ৰাম। মাইকী ঘৰচিৰিকাৰ দেহৰ ওজন মতাৰ তুলনাত কম হয়।৪৪৫ ঘৰচিৰিকাৰ দেহৰ বৰণ ঠাইভেদে মুগাৰ পৰা মটিয়াধৰণৰ হোৱা দেখা যায়। মতা আৰু মাইকী চৰাইৰ বৰণ ভিন্ন। মাইকী ঘৰচিৰিকা সাধাৰণতে পাতলীয়া বৰণৰ-মতাৰ দেহৰ ৰং গাঢ় আৰু পৃষ্ঠ অংশ ৰঙচুৱা। মতা ঘৰচিৰিকাৰ ঠোঁটৰ পৰা পিঠিলৈকে গাঢ় ধোৱা বৰণৰ আৰু মূৰৰ দুইকাষে ৰঙচুৱা মটিয়া বৰণৰ হয়।৬
টেক্স’নমি
ঘৰচিৰিকাৰ গোত্ৰ Passer আৰু এই গোত্ৰ ২৫ বিধ প্ৰজাতিৰ সমষ্টি।৭ এই প্ৰজাতিসমূহৰ বহুতো উপ-প্ৰজাতি পোৱা যায়। তাৰে উল্লেখযোগ্য বাৰ বিধ উপ-প্ৰজাতিৰ চমূ বৰ্ণনা তলত দিয়া হ’ল- বিভাগ-''domesticus
- P. d. domesticus-ইউৰোপ আৰু উত্তৰ এছিয়া৮
- P. d. balearoibericus – দক্ষিণ ফ্ৰান্স আৰু বেলেৰিক দ্বীপ-পূঞ্জ (Balearic Islands)৭
- P. d. tingitanus (Loche, 1867)-লিবিয়া, মৰ'ক্কো আৰু আলজেৰিয়া (Algeria)৯
- P. d. niloticus Nicoll and Bonhote, 1909- ইজিপ্ট আৰু৯১০
- P. d. persicus Zarudny and Kudashev, 1916- ইৰাণ আৰু আফগানিস্তান৯১১
- P. d. biblicus Hartert, 1910-পেলেষ্টাইন, তুৰ্কী, কুৱেইট৭
বিভাগ- ''indicus
- P. d. hyrcanus Zarudny and Kudashev, 1916- ইৰাণ>
- P. d. bactrianus Zarudny and Kudashev, 1916-কাজাখস্তান, ইৰান আৰু আফগানিস্তান
- P. d. parkini Whistler, 1920- কাশ্মীৰ, ভাৰত আৰু নেপাল
- P. d. indicus Jardine and Selby, 1831- ভাৰত, শ্ৰীলংকা আৰু উত্তৰ ইৰাণ৭
- P. d. hufufae Ticehurst and Cheeseman, 1924- চৌদি আৰবীয়া১২
- P. d. rufidorsalis C. L. Brehm, 1855- চুডান১০৭
বিতৰণ
ঘৰচিৰিকাৰ উৎপত্তি হৈছিল মধ্যপ্ৰাচ্যত আৰু তাৰ পৰাই সমগ্ৰ বিশ্বত ই বিয়পি পৰে।১৩ নতুন নতুন ঠাইত এই চৰাইবিধ সংযোজন কৰি (introduction) মানুহেও ঘৰচিৰিকাৰ বিস্তাৰত গুৰুত্বপূৰ্ণ অংশ লৈছে। এনে নতুনকৈ ঘৰচিৰিকা সংযোজিত কৰা স্থানবোৰ হৈছে আমেৰিকা, পশ্চিম আফ্ৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু বিশ্বৰ বিভিনন্ন দ্বীপ সমূহ।
বসতিস্থল
ঘৰচিৰিকা চৰাই মানুহৰ সৈতে বসবাস কৰাত অভ্যস্ত এবিধ প্ৰজাতি।ঘৰচিৠকাই মানুহৰ ঘৰৰ কিনাৰত বাহ সাজে।১৪১৫
আচৰণ
ঘৰচিৰিকাই জাক পাতি থাকি ভাল পায়।১৬ ইহঁতে পানী বা ধূলিত জাক পাতি গা ধোৱে আৰু সমজুৱাকৈ গান গায় (social singing)।১৭১৮ খোৱাৰ সময়ত আৰু বাঁহত সাধাৰণতে মাইকী ঘৰচিৰিকাৰ আধিপত্য বেছি থাকে।১৯২০
ঘৰচিৰিকাৰ মাত সাধাৰণতে চুটি আৰু নোৰোৱাকৈ মতা চি-ৰ-ৰ-প (chirrup), চি-ল-প (tschilp), বা ফি-লি-ল-প (Philip) ধৰণৰ হয়। জাকত থকা বা বাঁহ সাজি থকা চৰায়ে ইটোৱে সিটোৰ সতে যোগাযোগ কৰিবলৈ, মতা ঘৰচিৰিকাই বিশেষ স্থানত নিজৰ আধিপত্য প্ৰকাশ কৰিবলৈ আৰু মাইকী ঘৰচিৰিকাক আকৰ্ষিত কৰিবলৈ মাতে। প্ৰজননৰ সময়ত ইয়াৰ তীব্ৰতা বৃদ্ধি পায়।২১২২২৩ পূৰ্ণবয়স্ক ঘৰচিৰিকাই সাধাৰণতে বিভিন্ন গুটি খায়। নগৰ অঞ্চলত খাদ্যৰ বাবে মানুহৰ ওপৰত ইঁহত নিৰ্ভৰশীল হৈ পৰে।২৪২৫ তদুপৰি ইহঁতে বিভিন্ন পোক-পতংগ, কেঁচু, ভেকুলী বা জেঠী আদিও খায় পোৱালি চৰাইক জন্মৰ পোন্ধৰ দিনলৈকে খুউৱা হয়২৬
ঘৰচিৰিকা একগামী, অৰ্থাৎ এহাল চৰায়ে আজীৱনযোৰ পাতি বাস কৰে।২৭ ইহঁতে বিভিন্ন ঠাইত বাঁহ সাজে, যেনে-গছৰ খোৰোং, ঘৰৰ বিভিন্ন সুৰুঙা আদিত। সাধাৰণতে এবাৰত চাৰিৰ পৰা পাচোঁটাকৈ কণী পাৰে। বছৰত ইহঁতে চাৰিৰ পৰা সাতবাৰ পৰ্য্যন্ত কণী পাৰিব পাৰে। কণীবোৰ দেখাত বগা বা নীল-বগা বা সেউজ-বগা ধৰণৰ হয়- তাত মুগা বা মটিয়া দাগ থাকে। ২৮এটা কণীৰ দৈৰ্ঘ্য ২০-২২ মি:মি: আৰু প্ৰস্থ ১৪-১৬ মি:মি:আৰু ওজন ২.৯ গ্ৰাম হোৱা দেখা যায়।২৯
ঘৰচিৰিকাৰ পোৱালি সাধাৰণতে ১১-২৩ দিনলৈকে বাহত থাকে।৩০ এই সময়ত পিতৃ-মাতৃয়ে দুয়ো মিলি পোৱালিক খাদ্য খুৱায়। জন্মৰ চাৰি দিনৰ পিছত পোৱালিয়ে চকু মেলে আৰু আঠ দিনৰ পিছত প্ৰথম পাখি গজে।২৮৩০
ঘৰচিৰিকাৰ মুখ্য ভক্ষক হৈছে মেকুৰী, মাংসভোজী চৰাই আৰু কেৰ্কেটুৱা।
স্থিতি তথা সংৰক্ষণ
ঘৰচিৰিকাৰ বহুল বিস্তৃতি তথা জনসংখ্যাৰ বাবে ইয়াক আই ইউ চি এন ৰঙা তালিকাত Least Concern হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে শেহতীয়া তথ্য অনুসৰি ঘৰচিৰিকাৰ জনসংখ্যা বিশ্বৰ বিভিন্ন অঞ্চলত দ্ৰুতগতিত হ্ৰাস পাইছে।৩১৩২৩৩
অন্যান্য উৎস
- Anderson, Ted R. (2006). Biology of the Ubiquitous House Sparrow: from Genes to Populations. Oxford University Press. ISBN 0-19-530411-X
- Barrows, Walter B. (1889). The English Sparrow (Passer domesticus) in North America, Especially in its Relations to Agriculture. United States Department of Agriculture, Division of Economic Ornithology and Mammalology Bulletin. Government Printing Office
- Birkhead, Tim. (2012). Bird Sense: What It's Like to Be a Bird. Walker & Company. ISBN 978-0-8027-7966-3
- Blakers, M.; Davies, S. J. J. F.; Reilly, P. N. (1984). The Atlas of Australian Birds. Melbourne University Press. ISBN 0-522-84285-2
- Brisson, Mathurin Jacques. (1760). Ornithologie ou Méthode contenant la division des oiseaux en Ordres, Sections, Genres, Especes & leurs Variétés: a Laquelle on a joint une Description exacte de chaque Espece, avec les Citations des Auteurs qui en ont traité, les Noms qu'ils leur ont donnés, ceux que leur ont donnés les différentes Nations, & les Noms vulgaires. Bauche
- Carver, Craig M. (1987). American Regional Dialects: a Word Geography. University of Michigan Press. ISBN 978-0-472-10076-7
- Cocker, Mark. (2005). Birds Britannica. Chatto & Windus. ISBN 0701169079
- Clement, Peter; Harris, Alan; Davis, John. (1993). Finches and Sparrows: an Identification Guide. Christopher Helm. ISBN 0-7136-8017-2
- Cramp, S.; Perrins, C. M., eds. (1994). The Birds of the Western Palearctic. Volume 8, Crows to Finches. Oxford University Press
- Davies, Nick B. (2000). Cuckoos, Cowbirds, and Other Cheats. T. & A. D. Poyser. ISBN 0-85661-135-2
- Glutz von Blotzheim, U. N.; Bauer, K. M. (1997). ((Handbuch der Vögel Mitteleuropas)), Band 14-I; Passeriformes (5. Teil). AULA-Verlag. ISBN 3-923527-00-4
- Haverschmidt, François. (1949). The Life of the White Stork. E. J. Brill
- Houlihan, Patrick E.; Goodman, Steven M. (1986). The Natural History of Egypt, Volume I: The Birds of Ancient Egypt. Aris & Philips. ISBN 0-85668-283-7
- Hume, Allan O.; Oates, Eugene William. (1890). The Nests and Eggs of Indian Birds. R. H. Porter
- Jobling, James A. (2009). Helm Dictionary of Scientific Bird Names. Christopher Helm. ISBN 1-4081-2501-3
- Lever, Christopher. (2005). Naturalised Birds of the World. T. & A. D. Poyser. ISBN 0-7136-7006-1
- Linnaeus, Carolus. (1758). ((Systema Naturae|Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis)). Laurentius Salvius
- Lockwood, W. B. (1984). The Oxford Book of British Bird Names. Oxford University Press. ISBN 0-19-214155-4
- Mackworth-Praed, C. W.; Grant, C. H. B. (1955). African Handbook of Birds. Series 1: Birds of Eastern and North Eastern Africa. Longmans, Green, and Co.
- Morris, F. O.; Tegetmeier, W. B. (1896). A Natural History of the Nests and Eggs of British Birds
- Mullarney, Killian; Svensson, Lars; Zetterstrom, Dan. (1999). ((Collins Bird Guide)). HarperCollins. ISBN 0-00-219728-6
- Oberholser, Harry C. (1974). The Bird Life of Texas. University of Texas Press. ISBN 0-292-70711-8
- Ogilvie-Grant, W. R. (1912). Catalogue of the Collection of Birds' Eggs in the British Museum (Natural History) Volume V: Carinatæ (Passeriformes completed). Taylor and Francis
- Restall, Robin; Rodner, Clemencia; Lentino, Miguel. (2007). The Birds of Northern South America: An Identification Guide. Yale University Press. ISBN 978-0-300-10862-0
- Roberts, Tom J. (1992). The Birds of Pakistan. Volume 2: Passeriformes: Pittas to Buntings. Oxford University Press. ISBN 0-19-577405-1
- Sibley, Charles Gald; Monroe, Burt Leavelle. (1990). Distribution and Taxonomy of Birds of the World. Yale University Press. ISBN 0-300-04969-2
- Snow, David; Perrins, Christopher M., editors. (1998). ((The Birds of the Western Palearctic)). Oxford University Press. ISBN 0-19-854099-X
- Summers-Smith, J. Denis. (1963). The House Sparrow. New Naturalist. Collins. ISBN <!-- none -->
- Summers-Smith, J. Denis. (1988). The Sparrows. T. & A. D. Poyser. ISBN 0-85661-048-8
- Summers-Smith, J. Denis. (1992). In Search of Sparrows. T. & A. D. Poyser. ISBN 0-85661-073-9
- Summers-Smith, J. Denis. (2005). On Sparrows and Man: A Love-Hate Relationship. ISBN 0-9525383-2-6
- Swainson, William. (1885). Provincial Names and Folk Lore of British Birds. Trübner and Co.
- Todd, Kim. (2012). Sparrow. Animal. Reaktion Books. ISBN 978-1-86189-875-3
- Turcotte, William H.; Watts, David L. (1999). Birds of Mississippi. University Press of Mississippi. ISBN 1-57806-110-5
- Vincent, Kate E. (2005). Investigating the causes of the decline of the urban House Sparrow Passer domesticus population in Britain
- Wilkinson, John Gardner. (1847). The manners and customs of the ancient Egyptians. John Murray
বহিঃসংযোগ
- Media related to the House Sparrow at the Internet Bird Collection
- House Sparrow at the Royal Society for the Protection of Birds website
- Indian Sparrow and House Sparrow at Birds of Kazakhstan
- World Sparrow Day
- Guide to House Sparrow ageing and sexing
তথ্যসূত্ৰ
- ↑ House Sparrow. All About Birds. Cornell Lab of Ornithology
- ↑ Summers-Smith 1988, পৃ. 116–117
- ↑ Clement Harris Davis, পৃ. 443
- ↑ Summers-Smith 1988, পৃ. 118–121
- ↑ Felemban, Hassan M. (1997). Morphological differences among populations of House Sparrows from different altitudes in Saudi Arabia. The Wilson Bulletin. পৃ. 539–544
- ↑ Clement Harris Davis, পৃ. 444
- ↑ Summers-Smith, J. Denis. (2009). Handbook of the Birds of the World. Volume 14: Bush-shrikes to Old World Sparrows. Lynx Edicions. ISBN 978-84-96553-50-7
- ↑ Summers-Smith 1988, পৃ. 121–122
- ↑ Summers-Smith 1988, পৃ. 126–128
- ↑ Mackworth-Praed Grant 1955, পৃ. 870–871
- ↑ Cramp Perrins 1994, পৃ. 289
- ↑ Vaurie, Charles. (1956). Systematic notes on Palearctic birds. No. 24, Ploceidae, the genera Passer, Petronia, and Montifringilla. American Museum Novitates
- ↑ Anderson 2006, পৃ. 5, 9–12
- ↑ Hobbs, J. N. (1955). House Sparrow breeding away from Man. The Emu. পৃ. 202
- ↑ Wodzicki, Kazimierz. (May 1956). Breeding of the House Sparrow away from Man in New Zealand. Emu. পৃ. 146–147
- ↑ Anderson 2006, পৃ. 247
- ↑ Summers-Smith 1988, পৃ. 139–142
- ↑ McGillivray, W. Bruce. (1980). Communal Nesting in the House Sparrow. Journal of Field Ornithology. পৃ. 371–372
- ↑ Johnston, Richard F. (1969). Aggressive Foraging Behavior in House Sparrows. The Auk. পৃ. 558–559
- ↑ Kalinoski, Ronald. (1975). Intra- and Interspecific Aggression in House Finches and House Sparrows. The Condor. পৃ. 375–384
- ↑ Summers-Smith 1963, পৃ. 26–30
- ↑ Cramp Perrins 1994, পৃ. 291
- ↑ Summers-Smith 1963, পৃ. 101
- ↑ Summers-Smith 1988, পৃ. 159–161
- ↑ Gavett, Ann P.; Wakeley, James S. (1986). Diets of House Sparrows in Urban and Rural Habitats. The Wilson Bulletin
- ↑ Vincent 2005, পৃ. 2–3
- ↑ Anderson 2006, পৃ. 141–142
- ↑ Lowther, Peter E.; Cink, Calvin L. (2006). House Sparrow (Passer domesticus). The Birds of North America Online
- ↑ BTO Bird facts: House Sparrow. British Trust for Ornithology
- ↑ Glutz von Blotzheim Bauer 1997, পৃ. 60ff
- ↑ (13 June 2005). Even sparrows don't want to live in cities anymore. Times of India
- ↑ Daniels, R. J. Ranjit. (2008). Can we save the sparrow?. Current Science. পৃ. 1527–1528
- ↑ De Laet, J.; Summers-Smith, J. D. (2007). The status of the urban house sparrow Passer domesticus in north-western Europe: a review. Journal of Ornithology. পৃ. 275–278
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘৰচিৰিকা” প্ৰবন্ধৰ সংশোধন ৬৩২২৩১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।