
শামুক হৈছে মোলাস্কা (mollusca) প্ৰজাতিৰ এবিধ কোমল দেহী প্ৰাণী। এই প্ৰাণী বিধ গ্যাষ্ট্ৰোপোডা (Gastropoda) শ্ৰেণীৰ অন্তৰ্ভুক্ত। শামুকবোৰ সাধাৰণতে এটা কঠিন খোলাৰ মাজত সোমাই থাকে। সাধাণতে শামুক বুলিলে স্থলচৰ, সামুদ্ৰিক আৰু মিঠাপানীৰ শামুককে বুজায়।
মৰুভূমি, নদ-নদী, বদ্ধজলাশয়, জলাশয়, নলা, খাল, বিল, সমুদ্ৰ উপকূলসহ অনেক স্থানত শামুক দেখা যায়। স্থলচৰ শামুকৰ বেছি ভাগেই মানুহৰ দ্বাৰা পৰিচিত। এই সমূহ শামুক, শামুক জগত খনৰ ভিতৰতে সংখ্যা লঘু। আনহাতে সংখ্যা আৰু বৈচিত্ৰ্যৰ দিশৰ পৰা চাবলৈ গ'লে সামুদ্ৰিক শামুক প্ৰচুৰ পৰিমাণে উপলবদ্ধ। বেছিভাগ শামুকেই তৃণভোজী; অৱশ্যে কিছু সামুদ্ৰিক শামুকৰ প্ৰজাতি সৰ্বভক্ষী অথবা মাংসভোজী।
শামুকৰ বহুতো মানৱীয় প্ৰাসংগিকতা আছে। প্ৰধানতঃ খাদ্য আৰু ৰোগ প্ৰসমনৰ কাৰণে, খেতিয়কে কীট-পতঙ্গ ভক্ষণৰ বাবে শামুক ব্যৱহাৰ কৰাৰ উপৰিও, সমুদ্ৰিক শামুকৰ খোলাৰে বিভিন্ন সৌন্দৰ্য্য বৰ্ধক সামগ্ৰী তৈয়াৰ কৰা হয়, গহনা আদি প্ৰস্তুত কৰা হয়।
কিছুমান শামুকে হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয়। এইবোৰক পালমোনাটা বুলি কোৱা হয়। অন্য কিছুমান প্ৰজাতিৰ শামুকে দেহত থকা ফুলৰ সহায়ত শ্বাস-প্ৰশ্বাস লয়, আৰু এইবোৰ প্যাৰাফিলেটিক দলৰ অন্তৰ্ভুক্ত।১ স্থলচৰ শামুকৰ মূৰত দুযোৰ কৰ্ষিকা থাকে। প্ৰয়োজনত শামুকে এই কৰ্ষিকা যোৰৰে শুঙিব পাৰে বহু সময়ত শামুকে এই কৰ্ষিকাযোৰ সংকুচিত কৰি ৰাখে। কৰ্ষিকাত এযোৰ চকু থাকে। জলজ শামুকৰ এযোৰ অনুপযোগী কৰ্ষিকা থাকে যাৰ ভিতৰ ফালে চকু থাকে। শামুকৰ খোলাটো স্পাইৰেল আকাৰৰ।
খাদ্য
শামুকে সাধাৰণতে ৰাতি খাদ্য গ্ৰহণ কৰে।২ ইহঁতে মূলত গেলা-পঁচা জৈৱিক আহাৰ গ্ৰহণ কৰা দেখা যায়।২ খাদ্যৰ তালিকাত ভেঁকুৰ, লাইকেন, মচ্, পোক-পতংগ, জন্তুৰ মঙহ আদি প্ৰধান।২ কিছুমান শামুকে আনকি অন্য শামুকো খাদ্য হিচাপে গ্ৰহণ কৰে।২
জৈৱ বৈচিত্ৰ অনুসৰি প্ৰকাৰ
- স্থলচৰ শামুক
- পানী শামুক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শামুক” প্ৰবন্ধৰ সংশোধন ৩৭৯০৮৮ (২২ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।