মাছ।]]

কলপাত হৈছে কলগছৰ পাত। অসমত কলপাতক কলাপাত বুলিও কোৱা হয়। এজোপা কলগছে ইয়াৰ জীৱন কালত প্ৰায় ৪০খিলা পৰ্যন্ত পাত মেলে।১ পাতবোৰ যথেষ্ট দীঘলীয়া আৰু বহল। লগতে ই নমনীয় আৰু পানীত নিভিজে বাবে ইয়াৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। ৰন্ধন কাৰ্য, বস্তু বন্ধা, খাদ্য ৰখা, বস্তু ঢকা ইত্যাদি কামত কলপাতৰ ব্যৱহাৰ হয়।২ হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্মৰ লোকে বিভিন্ন উৎসৱ পাৰ্বনত সজোৱা আৰু ৰূপকাত্মকভাৱে কলপাতৰ ব্যৱহাৰ কৰে। অসমীয়া লোকে ধৰ্মীয় বিশ্বাস অনুসৰি কলপাতক পবিত্ৰ বুলি মানে। বিশেষভাৱে আগলটি কলপাতৰ মৰ্যাদা অধিক। পৰম্পৰাগত পদ্ধতিৰে ঘৰ আদি সাঁজিলে ঘৰৰ চালত শুকান কলপাত বা কলমগুণা ব্যৱহাৰ কৰে।৩ ঐতিহাসিকভাৱে দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ লোকে লিখন সঁজুলি হিচাপে কলপাত কাগজৰ ৰূপত ব্যৱহাৰ কৰিছিল।
বৰ্ণনা
কলৰ প্ৰজাতি অনুসৰি কলপাতৰ দীঘ, প্ৰস্থ ভিন্ন হয়। চেনিচম্পা, অমৃত সাগৰ, ইত্যাদি কলৰ পাত ভীমকলৰ পাতৰ তুলনাত ঠুনুকা, ই সহজেই ফাটি যায়। এখিলা বয়স্ক কলপাতৰ গড় হিচাপত দৈঘ্য প্ৰায় ২ মিটাৰ আৰু প্ৰস্থ আধাৰ পৰা ১ মিটাৰ পৰ্যন্ত হয়। এজোপা গছত এবাৰত প্ৰায় ৮-১২খিলা পাত দেখা যায়। পাতবোৰ মমৰ দৰে পিছল, নমনীয়, আৰু চিকমিকিয়া। বৰণ পাতল বা গাঢ় সেউজীয়া। পাতৰ পিছফালে চূণৰ দৰে পদাৰ্থ থাকে।৪ ইয়াৰ মধ্য ভাগত এডাল ডাঙৰ আকাৰৰ শিৰা থাকে, তাৰ পৰা সমান্তৰাল ভাৱে শিৰবিন্যাস ওলোৱা দেখা যায়। কলপাতবোৰ সমমিত। একেবাৰে নতুন পাত খিলাৰ ঠাৰি অংশইদি আন এখিলা নতুন পাত ওলাই আহে। প্ৰথম অৱস্থাত এই পাতখিলা নুৰীয়াই থোৱাৰ দৰে দেখি। ইয়াক থোৰ বুলি কোৱা হয়। লাহে লাহে পাতখিলা মুকলি হৈ পৰে।
ব্যৱহাৰ
কলপাতত ক্লোৰোফিল থকাৰ কাৰণে ইয়াক খালে চৰ্মৰোগ নহয়, অন্ত্ৰৰ ঘা নিৰাময় হয়, লিউকোমিয়া নহয়। কলপাতত কেলচিয়াম, ভিটামিন এ, ভিটামিন চি, চাইট্ৰিক এচিড, কেৰোটিন আৰু টেনিন গুণ আছে। বৰলে কামুৰিলে, কাঁইটে বিন্ধিলে সেই ঠাইত কলপাত বটি প্ৰলেপ দিলে উপকাৰ পোৱা যায়।৫ কলপাত গৰু-ছাগলীৰ প্ৰিয় খাদ্য। ৰেচম শিল্পত কলপাতৰ ব্যৱহাৰ হয়। পলু বোৰে লেটা সাজিবৰ বাবে শুকান কলপাত দিয়া হয়।
]]
কলপাত বোৰ ডাঙৰ, নমনীয় আৰু পানীত নিভিজা।৬ কলপাতে খাদ্যত এক বিশেষ সৌৰভৰ সংযোগ ঘটাই; কলপাতত মেৰিয়াই ভাপত সিজোৱা খাদ্যত এক বিশেষ সুগন্ধ তথা সোৱাদৰ সংযোজন ঘটে।৭ অৱশ্যে এইদৰে খাদ্যৰ প্ৰস্তুত কৰণত ব্যৱহৃত কলপাতবোৰ খোৱা নহয়। ইয়াৰোপৰি কলাপাতে খাদ্যৰ পৰা পানী ভাগ ভাপ হৈ উৰি যোৱাত বাধা দিয়ে ফলত খাদ্যত ৰসৰ সংযোজন ঘটি থাকে। কলপাতে খাদ্য সমূহ পুৰি যোৱাত বাধা দিয়ে।৮ কলপাতৰ শিৰবিন্যাস সমান্তৰাল হোৱা বাবে আৰু ইয়াৰ নমনীয় গুণৰ বাবে লিখন সঁজুলি হিচাপে ব্যৱহাৰৰ হেতু কলপাত উপযুক্ত। কাগজৰ ব্যৱহাৰৰ পূৰ্বে, দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ লোকে লিখন সঁজুলি হিচাপে ইয়াৰ ব্যৱহাৰ কৰিছিল।৯ কলপাতৰ শিৰবিন্যাসে আখৰবোৰ লিখোঁতে শাৰী পৃথক কৰণত বিশেষ সহায় কৰিছিল। ইষ্টাৰ দ্বীপৰ ৰঙ্গৰঙ্গ লিপি বিকাশৰ ক্ষেত্ৰত কলপাতৰ এক বিশেষ ভূমিকা আছে।১০
ধৰ্মীয় গুৰুত্ব
হিন্দু লোকে পূজাৰ নৈৱদ্যাদি আগলি কলপাতত আগবঢ়াই দিয়ে। আগৰ দিনত বিয়া-সবাহ আৰু সকাম-নিকামৰ ৰভা কলপাতেৰে দিয়া হৈছিল। অসমীয়া সমাজত সদ্যোজাত কেঁচুৱাক আগলি কলপাতত শুৱাই দিয়াৰ নিয়ম আছিল। পুষ্পিতা ছোৱালীক নোৱাই ধুৱাই আইসকলে পোনপ্ৰথমে আগলি কলপাত এখনত ফল-মূল খাবলৈ দিয়ে। অসমীয়া সমাজত পিতৃ-মাতৃৰ মৃত্যু হ'লে পুত্ৰ সকলে অশৌচৰ দিনকেইটা কলপাতত শোৱা, শুকান কলপাতেৰে সজা কঠত বহাৰ নিয়ম।১১ মাঘৰ বিহুত শুকান কলপাতৰ সহায়ত মেজি ঘৰ সঁজা হয়। বাংলাদেশ, শ্ৰীলংকা তথা ভাৰতৰ কলগছ প্ৰচুৰ পৰিমাণে হোৱা অঞ্চল সমূহ যেনে দক্ষিণ ভাৰত, অসম, পশ্চিমবংগ ইত্যাদিত কলপাতৰ প্ৰচুৰ ব্যৱহাৰ হয়। ভোজ আদিৰ আয়োজন কৰিলে কলপাতত খাদ্য পৰিৱেশন কৰা হয়।
তথ্যসূত্ৰ
- ↑ Why Won't a Banana Plant's Leaves Open?. SFGate
- ↑ Nace, Trevor. (2019-03-25). Thailand Supermarket Ditches Plastic Packaging For Banana Leaves. Forbes
- ↑ Molina, A.B.; Roa, V.N.; Van den Bergh, I. Advancing banana and plantain R & D in Asia and the Pacific. পৃ. 84
- ↑ Speciality Produce. Banana leaf. '''. Special Produce
- ↑ বিকাশপেডিয়া
- ↑ Frozen Banana Leaf
- ↑ Black Cod Steamed in Banana Leaves with Thai Marinade, Frog Mom
- ↑ Banana. Hortpurdue.edu
- ↑ Sanford Steever, 'Tamil Writing', in Daniels & Bright, The World's Writing Systems, 1996, p. 426
- ↑ Barthel, Thomas S. (1971). Pre-contact Writing in Oceania. Current Trends in Linguistics. Mouton. পৃ. 1169
- ↑ ডেকাফুকন, গৌৰীপ্ৰিয়া. অসমীয়া লোক-সংস্কৃতিত কল. বিকাশপেডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলপাত” প্ৰবন্ধৰ সংশোধন ৩১৫০০২ (২১ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।