অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

শেৱালি ফুল

শেৱালি ফুল হ’ল নিক্টান্থেস (Nyctanthes) ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইলেণ্ডৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ্গৰ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰি প্ৰদেশৰ ৰাষ্ট্ৰীয় ফুল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৫ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

শেৱালি ফুল হ’ল নিক্টান্থেস (Nyctanthes) ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইলেণ্ডৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ্গৰ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰি প্ৰদেশৰ ৰাষ্ট্ৰীয় ফুল। শেৱালি ফুলৰ গা-গছজোপা নৰম ধূসৰ ছাল বা বাকলি বিশিষ্ট আৰু এই গছ ১০ মিটাৰ পৰ্যন্ত দীঘল হব পাৰে। গছডালৰ পাতসমূহ ৬-৭ চেণ্টিমিটাৰ দীঘল। ইয়াৰ ফল চেপেটা আৰু বাদামী হৃদপিণ্ড আকৃতিৰ। ফলৰ ব্যাস প্ৰায় ২ চেণ্টিমিটাৰ আৰু এটি দুই ভাগত বিভক্ত। প্ৰতিটো ভাগত এটাকে বীজ থাকে। ১ এই ফুল শৰৎ ঋতুকালত ফুলা দেখা যায়। ফুলসমূহ ৰাতি ফুলি ৰাতিপুৱা গছৰপৰা সৰি পৰে।

নাম আৰু প্ৰতীক

বৈজ্ঞানিক নাম:'Nyctanthes arbor-tristis'সাধাৰণ নাম: শেৱালি ফুল

লেটিন ভাষা Nyctanthes-ৰ অৰ্থ হ’ল “সন্ধিয়া ফুলা” আৰু arbor-tristis-ৰ অৰ্থ হ’ল “বিষণ্ন গছ”। সন্ধিয়া ফুলা আৰু ৰাতিপুৱা সৰি পৰা কাৰণে কেতিয়াবা ইয়াক "tree of sorrow" বা "দুখৰ গছ"-বুলিও কোৱা হয়। এইখন শেৱালী ফুলৰ গছ ৰোমান্টিক চৰিত্ৰৰ আভাষ দিয়ে।২

প্ৰচলিত নাম

, ভাৰত]]

  • অসমীয়াত শেৱালি
  • ইংৰাজীত নাইট-ফ্লাৱাৰিং জেছমিন (Night-flowering Jasmine)
  • নেপালীত পাৰিজাত ফুল (पारिजात फूल) বা ছিংগাৰেই (Singgarei)
  • বাংলাত শেফালী বা শিউলি
  • হিন্দীত পাৰিজাত (पारिजात), প্ৰাজক্তা (प्राजक्ता), হৰশৃংগাৰ (हरशृंगार)
  • তেলুগুত পাৰিজাথম (పారిజాతము) বা পাগাডামাল্লে (పగడమల్లి)
  • কানাড়াত পাৰিজাত (ಪಾರಿಜಾತ) বা গ'লি (ಗೋಳಿ)
  • মাৰাঠীত পাৰিজাত (पारिजात), পাৰিজাতক (पारिजातक) বা প্ৰাজক্তা (प्राजक्त)
  • তামিলত পাভাজা মল্লি (பவழ மல்லி)
  • মালায়ালামত পাভিজা মল্লি
  • ওড়িয়াত শেফালী (ଶେଫାଳି) বা গঙ্গশিউলী (ଗଙ୍ଗଶିଉଳୀ)
  • সিংহলত শেপালীকা (සේපාලිකා)
  • অবধী, ভোজপুৰী আদি ভাষাত হৰসিংগাৰ (हरसिंगार)
  • পঞ্জাবীত হাৰ সিংগাৰ (ਹਾਰ ਸਿੰਗਾਰ)
  • গুজৰাটীত পাৰিজাত (પારિજાત)
  • কোংকণীত পাৰিজত (पारिजत)
  • সংস্কৃতত পাৰিজাত (पारिजात)

প্ৰতীক

শেৱালি ফুল ভাৰতৰ পশ্চিমবংগ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰিৰ ৰাষ্ট্ৰীয় ফুল।

ব্যৱহাৰ

প্ৰাচীন কালৰে পৰা ই মেলেৰিয়াসদৃশ জ্বৰৰ ঔষধ হিচাপে ভাৰতবৰ্ষত ব্যৱহাৰ হৈ আহিছে৩। এই ফুল হালধীয়া ৰঙ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। ইয়াৰ ফুলসমূহ শুকুৱাই বহুদিনলৈ সংৰক্ষণ কৰি পিছত প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও ইয়াক চুলি, শালমন, মূৰৰ বিষ-ঘূৰণী, পেটৰ কৃমি ইত্যাদিৰ বেমাৰত ব্যৱহাৰ কৰা হয়৪।

তথ্যসূত্ৰ

  1. ↑ Nyctanthes arbor tristis?
  2. ↑ শেৱালী ফুল
  3. ↑ journals.plos.org/plosone/article?id=10.1371/jou link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
  4. ↑ as.vikaspedia.in/health/ousadh/9859b89ae9f0-9ac9

সম্পৰ্কিত শ্ৰেণী

ফুলঔষধি উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শেৱালি ফুল” প্ৰবন্ধৰ সংশোধন ৫৪০৪১৪ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।