প্ৰাইমেট হৈছে Primates (; লেটিন ভাষা: "prime, প্ৰথম স্থান") বৰ্গৰ অন্তৰ্গত স্তন্যপায়ী প্ৰাণী।১ জীৱবৈজ্ঞানিক বৰ্গীকৰণত, প্ৰাইমেট বুলিলে দুটা প্ৰধান শৃংখল, strepsirrhines আৰু haplorhinesক বুজায়। হাবিত বাস কৰা কিছুমান পূৰ্ৱজৰ পৰা প্ৰাইমেটৰ উদ্ভৱ হৈছিল; বহু প্ৰাইমেটৰে ত্ৰি-অক্ষীয় পৰিৱেশত খাপ খাব পৰা বৈশিষ্ট থাকে। বহু প্ৰাইমেট এতিয়াও আংশিকভাৱে বায়বীয়।
সকলো মহাদেশতেই বসবাস কৰা মানুহক বাদ দি, অধিকাংশ প্ৰাইমেট আমেৰিকা যুক্তৰাষ্ট্ৰ, আফ্ৰিকা আৰু এছিয়াৰ গ্ৰীষ্মপ্ৰধান বা উপ-গ্ৰীষ্মপ্ৰধান অঞ্চলত বাস কৰে। ইহঁত মাত্ৰ 30 g ওজনৰ Madame Berthe's mouse lemurৰ পৰা, 200 কিলোগ্ৰামত কৈও অধিক বৃহৎকায় Eastern gorilla পৰ্যন্ত হব পাৰে। জীৱাশ্মৰ সাক্ষৰ ভিত্তিত, প্ৰায় ৫৫.৮ নিযুত বছৰ আগতেই Teilhardina গণৰ প্ৰাইমেত আছিল বুলি ঠাৱৰ কৰা হৈছে।২
পৰম্পৰাগতভাৱে প্ৰাইমেট বৰ্গক দুটা প্ৰধান গোটত ভাগ কৰা হয়: প্ৰছিমিয়ান আৰু এণ্ঠপইড (ছিমিয়ান)। প্ৰছিমিয়ানৰ বৈশিষ্টবোৰ সিহঁতৰ পূৰ্ৱজৰ সৈতে বহু সাদৃশ্য থাকে। মাডাগাস্কাৰৰ লেমুৰ, লৰিছইড, আৰু টাৰছিয়াৰৰ হৈছে প্ৰছিমিয়ান, আৰু বান্দৰ, বনমানুহ আৰু হমিনিবোৰ ছিমিয়ানৰ অন্তৰ্গত প্ৰাণী।
ছিমিয়ানক আকৌ দুটা ভাগ কৰা হয়: কেটাৰাইন (ঠেক নাকৰ) আফ্ৰিকা আৰু দক্শিণ এছিয়াৰ বান্দৰ আৰু বনমানুহবোৰ আৰু প্লেটিৰাইন ("বহল নাকৰ") বা দক্ষিণ আৰু মধ্য আমেৰিকাৰ নিউ ৱৰ্ল্ড মাংকিবোৰ। কেপোচিন, হৌলাৰ আৰু স্কোৱাৰেল মাংকি নিউ ৱৰ্ল্ড মাংকিৰ অন্তৰ্গত। অল্ড ৱৰ্ল্জ মাংকি (যেনে বেবুন আৰু মেকাকবোৰ), গিবন আৰু বনমানুহবোৰ কেটাৰাইনৰ অন্তৰ্গত। জীৱাশ্মৰ সাক্ষ্য মতে ইউৰোপত কেটাৰাইনৰ অন্য বহুত প্ৰজাতি আছিল যদিও, কেৱল মানুহবোৰেই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু পূৱ এছিয়া বাহিৰলৈ সফলতাৰে বিস্তাৰিত হোৱা একমাত্ৰ কেটাৰাইন। বৰ্তমানেও প্ৰাইমেটৰ বহু নতুন নতুন প্ৰজাতিৰ আবিস্কাৰ হৈ আছে।
প্ৰাইমেটবোৰ বায়বীয় (গছত থকা) যদিও বহু প্ৰজাতি স্থলত বাস কৰে, কিন্ত সকলোৱেই গছত বগাবলৈ সক্ষম। ইহঁতে গছত উলমি, দুভৰি বা চাৰি ঠেঙৰ দ্বাৰা খোজকাঢ়ি চলাচল কৰে।
অন্য স্তন্যপায়ীতকৈ প্ৰাইমেটৰ মস্তিষ্ক ডাঙৰ। কিছুমানৰ তিনি-ৰঙী দৰ্শন বিকশিত হৈছে। অধিকাংশৰে বুঢ়া আঙুলি থাকে আৰু কিছুমানৰ নেজ থাকে। ইহঁকৰ লিংগিয় বৈষমতা দেখা যায়; দেহৰ ওজন, কৃন্তক দাঁতৰ আকাৰ, আৰু বৰণৰ পাৰ্থক্য থাকে। ইহঁতৰ বিকাশৰ হাৰ অন্য স্তন্যপায়ীৰ তুলনাত মন্থৰ আৰু জন্মৰ পাছতহে পূৰ্ণ বিকশিত হয় যদিও জীৱন কাল দীঘলীয়া। প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি পূৰ্ণ বয়স্ক বোৰ, অকলশৰে থাকে, যোৰা পাতি থাকে বা বহু সদস্য একেলগে লগ লাগি সমাজ পাতি বসবাস কৰে।
বৰ্গীকৰণ
তলৰ ক্লেড'বৃক্ষত জীৱিত প্ৰাইমেটৰ এটা সম্ভাৱ্য শ্ৰেণীবিভাজন ক্ৰম দেখুওৱা হৈছে,৩৪ সাধাৰণ (পৰম্পৰাগত) নাম ব্যৱহাৰ কৰা গোটসমূহ সোঁফালে দেখুওৱা হৈছে৷
তথ্যসূত্ৰ
- ↑ Primate. Merriam-Webster Online Dictionary. Merriam-Webster
- ↑ O'Leary, M. A.; and others. (2013). The placental mammal ancestor and the post–K-Pg radiation of placentals. Science. পৃ. 662–667
- ↑ Cartmill, M.; Smith, F. H. (2011). The Human Lineage. John Wiley & Sons. ISBN 978-1-118-21145-8
- ↑ Groves, C. P. (2001). Primate Taxonomy. Smithsonian Institution Press. ISBN 1-56098-872-X
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাইমেট” প্ৰবন্ধৰ সংশোধন ৬৩১৩৫২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।