অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নেউল

নেউল (Mongoose) এবিধ সৰু আকাৰৰ মাংসভোজী প্ৰাণী। Herrpestidae পৰিয়ালৰ অন্তৰ্ভুক্ত এই স্তন্যপায়ী প্ৰাণীবিধ প্ৰধানকৈ ইউৰেছিয়া আৰু আফ্ৰিকা মহাদেশত বিস্তৃত হৈ আছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪০৫ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

নেউল (Mongoose) এবিধ সৰু আকাৰৰ মাংসভোজী প্ৰাণী।১ Herrpestidae পৰিয়ালৰ অন্তৰ্ভুক্ত এই স্তন্যপায়ী প্ৰাণীবিধ প্ৰধানকৈ ইউৰেছিয়া আৰু আফ্ৰিকা মহাদেশত বিস্তৃত হৈ আছে। অসমত দেখা পোৱা প্ৰধান নেউলৰ প্ৰজাতিসমূহ হৈছে জাতি নেউল (Herperstes edwardsii nyula), পাটি নেউল Herperstes javanicus auropuntatus) আৰু কেঁকোৰা খোৱা নেউল (Crab-eating Mongoose, Herpestes urva)২

বিতৰণ

ইউৰোপৰ দক্ষিণ অঞ্চল, চাহাৰাৰ বাহিৰে সমগ্ৰ আফ্ৰিকা আৰু এছিয়া মহাদেশৰ ইৰাণৰ পৰা ধৰি বৰুণ দ্বীপ (Borneo) লৈকে এই সমগ্ৰ অঞ্চলটোৱেই পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ নেউলৰ বাসস্থান। উত্তৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশত নেউল পোৱা নাযায়।

Yellow Mongoose
Yellow Mongooseছবি: Tony Hisgett from Birmingham, UK · CC BY 2.0

বিৱৰণ

Yellow-mongoose
Yellow-mongooseছবি: Julielangford · CC BY-SA 3.0

নেউল দক্ষিণ এছিয়া, আফ্ৰিকা আৰু দক্ষিণ ইউৰোপত দেখা পোৱা যায়। Puerto Rico আৰু হাৱাইৰ দ্বীপসমূহত ইয়াক নতুনকৈ যোগ দিয়া হৈছে।

সমগ্ৰ বিশ্বতে ৩৩বিধ নেউলৰ প্ৰজাতি দেখা যায়। ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰাণ ১-৪ ফুট হয়। ইয়াৰ দেহৰ ওজন ২৭০ গ্ৰামৰ পৰা ৪.১ কিলোগ্ৰাম পৰ্যন্ত হ'ব পাৰে।

ইয়াৰ কিছুমান প্ৰজাতিয়ে অকলশৰে বাস কৰে। অন্যবোৰে সৰু দলত বিভক্ত হৈ খাদ্যৰ সন্ধান কৰে।

Mongoose 1 (3309808198).jpg
ছবি: Tony Hisgett from Birmingham, UK · CC BY 2.0

আচৰণ

খাদ্য

Brown Mongoose
Brown Mongooseছবি: Kamolikarc · CC BY-SA 3.0

নেউলে সাধাৰণতে পোক-পতংগ, কেঁকোৰা, কেঁচু, জেঠী, সাপ, চৰাই, নিগনি আদি খাই জীয়াই থাকে। তদুপৰি ইহঁতে কণীও খায়।

প্ৰজনন

নেউলে প্ৰজননৰ সময়ত এটা উচ্চ কম্পনাংক বিশিষ্ট শব্দ কৰে বুলি জনা যায়। শুনাত এই শব্দটো হাঁহিৰ দৰে লাগে৷৩ ইয়াৰ পোৱালি জগোৱাৰ কোনো নিৰ্দিষ্ট সময় নাই। এবাৰত সাধাৰণতে দুটাকৈ পোৱালি জগে। এবাৰৰ প্ৰজনন কালত মাইকী নেউলে কেইবাটাও মতা নেউলৰ সৈতে সহবাস কৰা দেখা যায়।২

Banded Mongoose
Banded Mongooseছবি: D. Gordon E. Robertson · CC BY-SA 3.0
Ruddy mongoose
Ruddy mongooseছবি: ChrisHodgesUK · CC BY-SA 3.0
Yellow Mongoose
Yellow Mongooseছবি: Ivanhoe · CC BY-SA 3.0
Black mongoose
Black mongooseছবি: Sfbergo · CC BY-SA 3.0

শ্ৰেণীবিভাজন

  • FAMILY HERPESTIDAE
    • গোত্ৰ Marsh mongoose (Atilax)
    • Marsh mongoose Atilax paludinosus
    • গোত্ৰ Bdeogale
    • Bushy-tailed mongoose, Bdeogale crassicauda
    • Jackson's mongoose, Bdeogale jacksoni
    • Black-footed mongoose, Bdeogale nigripes
    • গোত্ৰ Crossarchus
    • Alexander's kusimanse, Crossarchus alexandri
    • Angolan kusimanse, Crossarchus ansorgei
    • Common kusimanse, Crossarchus obscurus
    • Flat-headed kusimanse, Crossarchus platycephalus
    • গোত্ৰ Cynictis
    • Yellow mongoose, Cynictis penicillata
    • গোত্ৰ Dologale
    • Pousargues's Mongoose, Dologale dybowskii
    • গোত্ৰ Galerella
    • Angolan slender mongoose, Galerella flavescens
    • Somali slender mongoose, Galerella ochracea
    • Cape gray mongoose, Galerella pulverulenta
    • Slender mongoose, Galerella sanguinea
    • গোত্ৰ Helogale
    • Ethiopian dwarf mongoose, Helogale hirtula
    • Common dwarf mongoose, Helogale parvula
    • গোত্ৰ Herpestes
    • Short-tailed mongoose, Herpestes brachyurus
    • Indian gray mongoose, Herpestes edwardsii
    • Indian brown mongoose, Herpestes fuscus
    • Egyptian mongoose, Herpestes ichneumon
    • Small Asian mongooseHerpestes javanicus
    • Long-nosed mongoose, Herpestes naso
    • Collared mongoose, Herpestes semitorquatus
    • Ruddy mongoose, Herpestes smithii
    • Crab-eating mongoose, Herpestes urva
    • Stripe-necked mongoose, Herpestes vitticollis
    • গোত্ৰ Ichneumia
    • White-tailed mongoose, Ichneumia albicauda
    • গোত্ৰ Liberiictus
    • Liberian mongoose, Liberiictis kuhni
    • গোত্ৰ Mungos
    • Gambian mongoose, Mungos gambianus
    • Banded mongoose, Mungos mungo
    • গোত্ৰ Paracynictis
    • Selous' mongoose, Paracynictis selousi
    • গোত্ৰ Rhynchogale
    • Meller's mongoose, Rhynchogale melleri
    • গোত্ৰ Suricata
    • Meerkat, Suricata suricatta

লগতে চাওক

  • Rasa, Anne. (1986). Mongoose Watch: A Family Observed. Anchor Press/Doubleday & Co. ISBN 9780385231756 Translation of Die perfekte Familie.
  • Hinton, H. E.; Dunn, A. M. S. (1967). Mongooses: Their Natural History and Behaviour. University of California Press

তথ্যসূত্ৰ

  1. ↑ Vaughan, Terry A.; James M. Ryan; Nicholas J. Czaplewski (2010). Mammalogy. Jones & Bartlett Learning. p. 300. ISBN 0-7637-6299-7
  2. ↑ কীৰ্তিনাথ মহন্ত. (২০১৩). অৰণ্য জীৱনৰ ৰোমাঞ্চকৰ কাহিনী. বনলতা. পৃ. ১৪৫-১৪৯
  3. ↑ www.buzzle.com/articles/mongoose-facts.html

সম্পৰ্কিত শ্ৰেণী

মাংসভোজীজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেউল” প্ৰবন্ধৰ সংশোধন ৬৩১৭২১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।