ভোট-জলকীয়া (Bhut jolokia, IPA: [ˈbʱʊt.zɔˌlɔkiˌja]) এবিধ গুল্মজাতীয় উদ্ভিদ। ই বাংলাদেশৰ নাগা মৰিচৰ ওচৰ-সম্বন্ধীয়। ইয়াক বিহ-জলকীয়া, নগা-জলকীয়া, ৰাজা-মৰিচ ইত্যাদি নামেৰেও জনা যায়। ই এক প্ৰকাৰৰ আন্তঃপ্ৰজাতিৰ বৰ্ণসংকৰ জলকীয়া। ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মণিপুৰত ইয়াৰ খেতি কৰা হয়।১২ ই Capsicum chinense আৰু Capsicum frutescens-ৰ বৰ্ণসংকৰ।৩
২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত বিশ্বৰ সকলোতকৈ জলা জলকীয়া হিচাপে “গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড্ছ”ত ভোট-জলকীয়াই স্থান লাভ কৰে। শ শ বছৰ আগৰে পৰাই ভোট-জলকীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ মাজত সকলোতকৈ জলা জলকীয়া হিচাপে জনপ্ৰিয়। ভোট-জলকীয়াৰ বিষয়ে বিখ্যাত “Time” আলোচনীতো বিশ্বৰ সবাতোকৈ জলা জলকীয়াৰূপে আলোচনা প্ৰকাশ হৈছে। “Time” আলোচনীখনত (২৫ জুন – ২জুলাই,২০০৭) প্ৰকাশিত ছাইমন ৰবিনছনৰ Chili Pepper: Global Warming নামৰ নিবন্ধত ভোট-জলকীয়াৰ গুণাগুণ, ব্যৱহাৰ আৰু ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত ইয়াৰ জনপ্ৰিয়তাৰ বিশদ বিৱৰণ প্ৰকাশ পাইছে। পকা ভোট-জলকীয়াত অতিমাত্ৰা কেপছেইচিন থকাৰ বাবে ইয়াক স্পৰ্শ কৰিলেই হাত ভম্ভমাই উঠে। নিউ মেক্সিকোত HPLC পদ্ধতিৰ দ্বাৰা ভোট-জলকীয়াৰ জলা ১,০০১,৩০৪ SHU বুলি নিৰ্ণীত হোৱাৰ পাছতেই ১৯৯৪ চনৰ পৰা গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড্ছত খোপনি পোতা কেলিফ’ৰ্নিয়াৰ ৰেড ছাভিনাৰ (৫৭৭,০০০ SHU) স্থান ভোট-জলকীয়াই দখল কৰিলে। ড॰ বছলেণ্ডে ভোট-জলকীয়াক অসমৰ থলুৱা জাত বুলিয়েই সদৰি কৰিছে। আন্তঃৰাষ্ট্ৰীয় বীজৰ বজাৰত একো একোটা ভোট-জলকীয়া বীজৰ মূল্য প্ৰায় ২০ টকা (১০টা গুটিৰ এটা পেকেটৰ মূল্য ৫ আমেৰিকান ডলাৰ) পৰ্যন্ত৷৪
শ্ৰেণীবিভাজন
অসমত অঞ্চলভেদে ভোট-জলকীয়াক বিভিন্ন নামেৰে জনা যায়। যেনে— বিহ-জলকীয়া, ৰাজা-মৰিচ ইত্যাদি। প্ৰতিটো নামেই অত্যধিক জলাৰ ইংগিত দিয়ে। আদিভূমি দক্ষিণ আমেৰিকাৰপৰা এই জলকীয়া বৰ্তমান বিশ্বৰ চুকে-কোণে বিস্তৃত হৈ আছে। ইয়াৰ প্ৰধান কাৰণ হ’ল বিভিন্ন জলবায়ুত অতি সহজেই এই খেতি কৰিব পৰা যায়। নিউ মেক্সিকোৰ Chile Pepper Institute-ৰ সঞ্চালক ড॰ পল বছলেণ্ডৰ (Dr. Paul Bosland) দৃষ্টিত— “সম্ভৱতঃ ইয়েই আছিল বিশ্বৰ প্ৰথম বিশ্বায়িত উদ্ভিদ” (It was probably the very first plant that was globalized)। অসমত অঞ্চল আৰু বতৰভেদে ভোট-জলকীয়াৰ গোন্ধ আৰু জলাৰ পৰিমাণ কম-বেছি হোৱা দেখা যায়। ড॰ বছলেণ্ডে ভোট-জলকীয়াক প্ৰকৃতিত সৃষ্ট, অসমৰ থলুৱা, আন্তঃপ্ৰজাতিৰ হাইব্ৰিড (Interspecific hybrid) বুলি উল্লেখ কৰিছে।৪
আন্তঃৰাষ্ট্ৰীয় বজাৰত ভোট-জলকীয়াৰ চাহিদা
নানান ঔষধি আৰু ব্যৱহাৰিক উপযোগিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ভোট-জলকীয়াৰ চাহিদা যথেষ্ট বেছি। জলাৰ মাত্ৰা অত্যধিক বাবে অলিঅ’ৰেছিন কেপচিকাম (Oleoresin capsicum) আৰু কেপছেইচিন উৎপাদনৰ বাবে অতি উপযুক্ত উৎস। শুকান ভোট-জলকীয়াৰ গাঢ় ৰঙা ছালখন ‘অলিঅ’ৰেছিন পেপৰিকা’ৰ (Oleoresin paprika) উপযুক্ত উৎস হিচাপেও ব্যৱহাৰ হয়। ভোট-জলকীয়াৰ চাহিদা বিশ্বৰ বজাৰত শুকান জলকীয়া (Whole dry pod), ফ্লে’ক্স (flakes) আৰু পাউডাৰ হিচাপেই অধিক। থাইলেণ্ড, ছিংগাপুৰ আদিত শুকান ভোট-জলকীয়াৰ চাহিদা যথেষ্ট বেছি। ৪
তথ্যসূত্ৰ
- ↑ Shaline L. Lopez. (2007). NMSU is home to the world's hottest chile pepper
- ↑ (2007). 'Ghost chile' burns away stomach ills - Diet & Nutrition - MSNBC.com:. Associated Press
- ↑ Paul W. Bosland and Jit B. Baral. (2007). 'Bhut Jolokia'—The World's Hottest Known Chile Pepper is a Putative Naturally Occurring Interspecific Hybrid. Horticultural Science. পৃ. 222–4
- ↑ ড॰ দীপালী মজুমদাৰ. (২০০৭). ভোট জলকীয়াৰ বিশ্ব অভিলেখ. প্ৰান্তিক. পৃ. ৩৪ - ৩৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভোট-জলকীয়া” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৩২ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।