বনকুকুৰা Pheasant পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াক প্ৰধানত: বিষুৱীয় অঞ্চলত পোৱা যায়৷ ইয়াক বৰ্তমান পোহনীয়া কুকুৰা চৰাইৰ পূৰ্বপূৰুষ বুলি গণ্য কৰা হয়৷ ১ বনকুকুৰা পোনপ্ৰথমে প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে এছিয়াত পোহনীয়া কৰাৰ প্ৰচেষ্টা চলিছিল৷ পৰৱৰ্ত্তী কালত ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে আৰু বৰ্তমান মাংস আৰু কণীৰ বাবে ইয়াক মুল উৎস বুলি গণ্য কৰে হয়৷২

বিতৰণ
বনকুকুৰা ভাৰতৰ তামিলনাডু ৰ পৰা সমগ্ৰ উত্তৰ-পূব ভাৰত, চীন, মালয়েছিয়া, ফিলিপাইন আৰু ইণ্ডোনেছিয়া পৰ্যন্ত বিস্তৃত হৈ আছে৷
টেক্স'নমি
বনকুকুৰাৰ কেইবাটাও উপ-প্ৰজাতি দেখা যায়৷ এই উপ-প্ৰজাতিসমূহ হ'ল-
- Gallus gallus gallus- ইণ্ডোনেছিয়া
- Gallus gallus bankiva -জাভা দ্বীপপূঞ্জ
- Gallus gallus jabouillei- ভিয়েটনাম
- Gallus gallus murghi -ভাৰত
- Gallus gallus spadiceus- ম্যানমাৰ
- Gallus gallus domesticus
বিৱৰণ
বনকুকুৰাৰ মতা আৰু মাইকী চৰাই দেখিবলৈ বেলগ বেলেগ হয়৷ মতা চৰাইটো মাইকীজনীতকৈ যথেষ্ট ডাঙৰ আৰু ইহঁতৰ মূৰত ডাঙৰকৈ ৰঙা বৰণৰ মূকূট থাকে৷ ইয়াৰ নেজত ক'লা বৰণৰ ডাং খাই থকা পাখি থাকে৷ আনহাতে মাইকীজনীৰ দেহ পাতল মটিয়া ধৰণৰ আৰু চাৰিওকাষৰ পৰিৱেশৰ স'তে মিলিও থাকে৷ মাইকী বনকুকুৰাৰ মূৰত কোনোধৰণৰ মুকূট নাথাকে৷
প্ৰজননৰ সময়ত মতা বনকুকুৰাই খুবেই পৰিচিত 'কু-কু-ৰুক..কু ধৰণে মাতি নিজৰ অৱস্থিতিৰ বিষয়ে জনায়৷ ই মাইকী জনীক আকৰ্ষিত কৰা আৰু অন্য মতা বনকুকুৰাক সাৱধান কৰি দিয়াত সহায় কৰে৷ ৩৪
আচৰণ
ত এজনী মাইকী বনকুকুৰা]]
মাইকী জনীৰ উপস্থিতিত খাদ্য বিচাৰি পালে মতা বনকুকুৰাই এবিধ বিশেষ ধৰণৰ মাত উলিয়ায় আৰু প্ৰদৰ্শন কৰে৷ ইয়াক 'tidbitting' বুলি কোৱা হয়৷৫ ৬তথ্য অনুসৰি যিবোৰ মতা বনকুকুৰাই ভক্ষকৰ আগমণ সম্পৰ্কত সতৰ্কমূলক মাত মাতে, ৭ সেইবোৰক মাইকী বনকুকুৰাই বেছিকৈ পছন্দ কৰে৷ ৮
বনকুকুৰা সাধাৰণতে সৰ্বভক্ষী৷ ইহঁতে পোক-পৰুৱা, গছৰ গুটি আৰু ফল-মূল ইত্যাদি খায়৷ ৯
ইহঁতে খুউব কমকৈ উৰে৷ সাধাৰণতে গছৰ কিছু ওপৰত থকা জিৰণি লোৱাৰ ঠাইলৈ যাবলৈ উৰাৰ বাহিৰে অন্য সময়ত উৰা দেখা নাযায়৷

পোহনীয়া কৰণ
মূল প্ৰবন্ধ: ঘৰুৱাকৰণ
২০১২ চনৰ জুলাই মাহত ড° এলিচ ষ্ট'ৰি (Alice Storey) য়ে ঘোষণা কৰে যে তেওঁ আৰু গৱেষকৰ দলটোৱে মাইটকণ্ড্ৰিয়েল ডি এন এৰ সহায়ত কৰা এটা গৱেষণাত ইউৰোপ, থাইলেণ্ড, ফ্লৰিডাৰ পৰা আহৰণ কৰা ৩০০০ বছৰীয়া পুৰণি নমুনা (sample)ৰ পৰা প্ৰমাণ হৈছে যে বনকুকুৰাক পোহনীয়া কৰিয়ে বৰ্তমানৰ মানুহৰ খাদ্য কুকুৰাৰ উৎপত্তি হৈছে৷ এই পোহনীয়াকৰণ প্ৰক্ৰিয়া কমেও ৫,৪০০ বছৰ পূৰ্বে আৰম্ভ হৈছিল বুলি জনা যায়৷ ২
বৰ্ণসংকৰণ
এই গোত্ৰৰ আন তিনিটা প্ৰজাতি হ'ল- শ্ৰীলংকাৰ বনকুকুৰা (Gallus lafayetii), মুগা বনকুকুৰা ( Grey Junglefowl, (Gallus sonneratii)) আৰু সেউজীয়া বনকুকুৰা ( Green Junglefowl (Gallus varius))৷ এই তিনিটা প্ৰজাতিয়ে বনকুকুৰাৰ সৈতে হাইব্ৰিড প্ৰজাতি গঠন নকৰে৷ গতিকে ঘৰচীয়া কুকুৰাৰ একমাত্ৰ ইয়াৰ পৰাই উৎপত্তি হৈছে বুলি কোৱা হয়৷ ১
লগতে চাওক
- Database entry includes justification for why this species is of least concern
- Ancestors of chickens studied for conservation; 7 Aug, 2008; The Economic Times, Times of India
বাহ্যিক সংযোগ
- ARKive - images and movies of the Red Junglefowl (Gallus gallus)
- BirdLife Species Factsheet
- IUCN Red List
- Reference guide to the four species of the genus Gallus, commonly known as junglefowl. Contains information and photographs of the each of the species
- Red Junglefowl
- Gallus bankiva (illustration) in Sir William Jardine, The natural history of gallinaceous birds: Vol. I., publ. W.H. Lizars, and Stirling and Kenney, 1834 at Google Books.
তথ্যসূত্ৰ
- ↑ Eriksson, Jonas; Larson, Greger; Gunnarsson, Ulrika. (23 January 2008). Identification of the Yellow Skin Gene Reveals a Hybrid Origin of the Domestic Chicken. PLoS Genetics. PLoS Genet. পৃ. e10
- ↑ Investigating the Global Dispersal of Chickens in Prehistory Using Ancient Mitochondrial DNA Signatures, Alice A. Storey et al; PLoS ONE, July 2012, Volume 7, Issue 7, e39171; accessed 6 August 2012
- ↑ Collias, N. E. (1987). The vocal repertoire of the Red Junglefowl: A spectrographic classification and the code of communication. The Condor. পৃ. 510–524
- ↑ Evans, C. S.; Macedonia, J. M.; Marler, P. (1993). Effects of apparent size and speed on the response of chickens, Gallus gallus, to computer-generated simulations of aerial predators. Animal Behaviour. পৃ. 1–11
- ↑ (2006-11-15). Animal Behaviour Lab Dr Chris Evans. Galliform.bhs.mq.edu.au
- ↑ Home. Galliform.bhs.mq.edu.au
- ↑ আৰ্কাইভ কপি
- ↑ (2008-08-15). Macquarie University - Centre for the Integrative Study of Animal Behaviour. Galliform.bhs.mq.edu.au
- ↑ Arshad MI, M Zakaria, AS Sajap, A Ismail. (2000). Food and feeding habits of Red Junglefowl. Pakistan J. Bio. Sci.. পৃ. 1024–1026
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনকুকুৰা” প্ৰবন্ধৰ সংশোধন ৬২৪৩৬৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।