অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সিংহ

সিংহ, পেন্থেৰা লিঅ' হৈছে পেন্থেৰা গণৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ইহঁত ফেলেডি পৰিয়ালৰ পাঁচ প্ৰকাৰৰ বৃহৎ মেকুৰীজাতীয় প্ৰাণীৰ অন্যতম। আফ্ৰিকীয় সিংহ বুলিলে আফ্ৰিকাৰ অৰণ্যত পোৱা কেইবা প্ৰকাৰৰ উপ-প্ৰজাতিক বুজায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সিংহ, পেন্থেৰা লিঅ' হৈছে পেন্থেৰা গণৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ইহঁত ফেলেডি পৰিয়ালৰ পাঁচ প্ৰকাৰৰ বৃহৎ মেকুৰীজাতীয় প্ৰাণীৰ অন্যতম। আফ্ৰিকীয় সিংহ বুলিলে আফ্ৰিকাৰ অৰণ্যত পোৱা কেইবা প্ৰকাৰৰ উপ-প্ৰজাতিক বুজায়। এটা পূৰ্ণবয়স্ক মতা সিংহৰ ওজন প্ৰায় 250 কিলোগ্ৰাম পৰ্যন্ত হ'ব পাৰে,১ ই বাঘৰ পিছতেই জীৱিত মেকুৰীজাতীয় প্ৰাণীৰ ভিতৰত দ্বিতীয় বৃহত্তম প্ৰাণী। বৰ্তমান আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চল আৰু এছিয়াত (বিলুপ্ত প্ৰায় অৱস্থাত ভাৰতৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত) বন্য সিংহ পোৱা যায়, বাকী উত্তৰ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম এচিয়াৰ সিংহবোৰ ঐতিহাসিক সময়তেই বিলুপ্ত হৈ গ’ল বুলি কোৱা হয়। প্ৰায় ১০ হেজাৰ বছৰ আগৰ প্লেষ্ট‌'চিন যুগলৈকে সিংহবোৰ মানুহৰ পাছতেই আটাইতকৈ বেচি বিস্তাৰিত ব়হৎ স্তন্যপায়ী স্থলচৰ প্ৰাণী। ইহঁতক আফ্ৰিকাৰ অধিকাংশ অঞ্চল, পশ্চিম ইউৰোপৰ পৰা ভাৰতলৈকে ইউৰেচিয়া আৰু ইউকোনৰ পৰা পেৰু পৰ্যন্ত আমেৰিকা যুক্তৰাষ্ট্ৰত দেখা পোৱা যায়। সিংহ একপ্ৰকাৰৰ বিপন্ন প্ৰাণী।

অৰণ্যত, মতা সিংহ কেতিয়াবা ১০ৰ পৰা ১৪ বছৰ পৰ্যন্ত জীৱাই থাকে, প্ৰভূত্ব বিস্তাৰৰ বাবে ইহঁতৰ নিজৰ মাজতে হোৱা দন্দবোৰত পোৱা আঘাতে ইহঁতৰ জীৱনকাল হ্ৰাস কৰে।২ অন্যথা ইহঁত ২০ বছৰ পৰ্যন্ত জীৱাই থাকিব পাৰে। সিংহবোৰ সাধাৰণতে ছাভানা আৰু তৃণভূমিত বাস কৰে, যদিও ইহঁতক জোপোহা আৰু অনণ্য অঞ্চলতো পোৱা যায়। অন্য মেকুৰীজাতীয় জন্তুৰ তুলনাত সিংহবোৰ যথেষ্ট সামাজিক। সিংহৰ এটা জুমত সম্বন্ধীয় মাইকী, সিহঁতৰ সন্তান আৰু কেইটামান মতা সিংহ থাকে। মাইকী সিংহবোৰে লগলাগি, ডাঙৰ আকাৰৰ খুৰাষুক্ত স্তন্যপায়ীৰ চিকাৰ কৰে। সিংহবোৰ শীৰ্খস্থানৰ উপভোক্তা, যদিও ইহঁতক অপমাৰ্জক বুলিবও পাৰি। সাধাৰণতে সিংহই মানুহৰ চিকাৰ নকৰে, কিন্তু কেতিয়াবা কিছুমানে কৰে। ইহঁতে প্ৰধানকৈ দিনৰ ভাগত শুৱে, প্ৰাথমিকভাৱে ৰাতি সক্ৰিয় হয় (নিশাচৰ) আৰু কেতিয়াবা সন্ধাও চিকাৰ কৰে।৩৪

সিংহৰ উচ্চস্তৰৰ লিংগীয় বৈষমতা আছে, কেশৰৰ দ্বাৰা মতাবোৰক সহজে চিনাক্ত কৰিব পাৰি। মানৱ সংস্কৃতিত সিংহৰ মুখাবয়বৰ ছবিৰ বহুল ব্যৱহাৰ কৰা হয়, ভাস্কৰ্য, চিত্ৰকলা, ৰাষ্ট্ৰীয় পতাকা আৰু চলচিত্ৰ তথা সাহিত্য ক্ষেত্ৰতো ব্যৱহৃত হয়।

তথ্যসূত্ৰ

  1. ↑ Nowak, Ronald M. (1999). Walker's Mammals of the World. Johns Hopkins University Press. ISBN 0-8018-5789-9
  2. ↑ Smuts, G. L. (1982). Lion. Macmillan South Africa. পৃ. 231. ISBN 0-86954-122-6
  3. ↑ Lions' nocturnal chorus. Earth-touch.com. Retrieved on 31 July 2013
  4. ↑ African Lion Panthera leo. Phoenix Zoo Fact Sheet

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণীমাংসভোজী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিংহ” প্ৰবন্ধৰ সংশোধন ৬৩১১৪৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।