অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ক

ক অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ প্ৰথম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক'ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে। 'ক'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ক' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ক'-ক এনেদৰে লিখা যায়।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ক অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ প্ৰথম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক'ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।১ 'ক'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ক' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ক'-ক এনেদৰে লিখা যায়।২

স্বৰবৰ্ণৰ লগত যোগ হ'লে

Bengali Vowel Signs.png
ছবি: Trinanjon · CC BY-SA 3.0
স্বৰবৰ্ণ'ক'ৰ লগত যোগ হ'লে
অক
আকা
ইকি
ঈকী
উকু
ঊকূ
ঋকৃ
একে
ঐকৈ
ওকো
ঔকৌ

যুক্তবৰ্ণ (ক যোগ)

পৃথকৰূপতযুক্তৰূপশব্দ
ক্ + কক্কবৃক্ক
ক্ + টক্টঅক্টোবৰ
ক্ + তক্তভক্ত, ৰক্ত
ক্ + মক্মৰুক্মিণী
ক্ + যক্যবাক্য, চাণক্য
ক্ + ৰক্ৰবক্ৰ, শুক্ৰ
ক + লক্লক্লেশ, শুক্ল, শুক্লা
ক্ + ষক্ষক্ষমা, বৃক্ষ
ক্ + ষ + ণক্ষ্ণতীক্ষ্ণ
ক্ + ষ + মক্ষ্মসূক্ষ্ম
ক্ + ষ + যক্ষ্যভক্ষ্য
ক্ + সক্সবাক্স, ৰিক্সা

'ক'ৰে আৰম্ভ শব্দৰ উদাহৰণ

ইউনিক’ড

অসমীয়া কৰ বাবে ইউনোক'ডত কোনো পৃথক স্থান নাই, সেয়েহে অসমীয়া ৱিকিপিডিয়াকে ধৰি বহুতো অন্য ৱেবছাইট আদিয়ে "বেংগালি লেটাৰ ক" (BENGALI LETTER KA)কে অসমীয়া কৰ বাবে ব্যৱহাৰ কৰিছে। এই 'ক'ৰ ক'ড হ'ল U+0995।৩ যদিও এই আখৰৰ নাম ইউনিকোডে মাজতে "বেংগালি আছামিজ ক" কৰিছিল, পিচে এই আখৰৰ নাম পুনৰ বেংগালি লেটাৰ ক কৰা হ'ল।৪৫ গুৱাহাটী বাপ্টিষ্ট গিৰ্জাৰ পেষ্টৰ আজিজুল হকৰ মতে অসম চৰকাৰে দুই বিপৰীত দাবী কৰি চিঠি দিয়াৰ বাবে এনে হ'ল।৬

চিহ্নইউনিক’ডক’ড নম্বৰইউনিক’ডত বিৱৰণ৭
কU+0995BENGALI LETTER KA

তথ্যসূত্ৰ

  1. ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
  2. ↑ World Braille Usage, UNESCO, 2013
  3. ↑ Character map
  4. ↑ www.xobdo.org/article/unicode-script-languages ৰ মতে সকলো বেংগলি আখৰৰ নাম বেংলি আছামিজ লেটাৰ কৰা হৈছিল।
  5. ↑ timesofindia.indiatimes.com/india/In-the-east-a- ৰ মতে সকলো বেংগলি আখৰৰ নাম বেংলি আছামিজ লেটাৰ কৰা হৈছিল।
  6. ↑ timesofindia.indiatimes.com/india/In-the-east-a-
  7. ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ব্যঞ্জনবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক” প্ৰবন্ধৰ সংশোধন ৫৯৩৬৫৩ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।