অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কপৌ ফুল

কপৌ ফুল অসমৰ জাতীয় ফুল | কপৌ ফুল (Foxtail Orchid, বৈজ্ঞানিক নাম: Rhynchostylis retusa) হৈছে এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।

হালনাগাদ: ৮ নৱেম্বৰ ২০২৫ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

কপৌ ফুল অসমৰ জাতীয় ফুল | কপৌ ফুল (Foxtail Orchid, বৈজ্ঞানিক নাম: Rhynchostylis retusa) হৈছে এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।

বিতৰণ

এই উদ্ভিদটো মুকলি অৰণ্যত বা বনাঞ্চলৰ প্ৰান্তত 300 - উচ্চতাত গছৰ ডালত গজা Epiphyte। ইয়াক ভূটান, কম্বোডিয়া, চীন (গুইজৌ, ইউনান), ভাৰত, ইণ্ডোনেছিয়া, লাউচ, মলেছিয়াত পোৱা যায়। ম্যানমাৰ, নেপাল, ফিলিপাইন, ছিংগাপুৰ, শ্ৰীলংকা, থাইলেণ্ড, আৰু ভিয়েটনাম.১

ভাৰতত এই উদ্ভিদ উত্তৰ-পূব, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত বেছিকৈ দেখা যায়। অন্ধ্ৰ প্ৰদেশত এই উদ্ভিদক তেলেগু নাম চিন্তাৰানামু বুলি কোৱা হয়। জৈৱ-পাইৰেচিৰ বাবে, ভাৰতত এই উদ্ভিদ বিলুপ্ত হোৱাৰ পথত। ৰাইকোষ্টাইলিছ ৰেটুছা ভাৰতত অৰুণাচল প্ৰদেশ আৰু অসমৰ লগতে শ্ৰীলংকাৰ উভা প্ৰদেশৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি লাভ কৰিছে।

কপৌফুল
কপৌফুলছবি: Nayan j Nath · CC BY-SA 4.0

স্থানীয় নাম সমূহ

এজোপা কপৌফুল
এজোপা কপৌফুলছবি: ৰাজদ্বীপ ৰাজবংশী · CC BY-SA 4.0
  • ব্লাণ্ট ৰাইনক'ষ্টাইলিচ (Blunt Rhynchostylis)
  • ছিনটাৰানামু (Chintaranamu)
  • ফক্সটেইল অৰ্কিড (Foxtail orchid)
  • কপৌ ফুল (kapau phool)
  • যুৱান হুই লান (Zuan Hui Lan)
  • আই য়া ৰেচ (Ai Ya Res (Thai))

বিভিন্ন ভাষাত নাম

  • অসমীয়া, বাংলা: কপৌ ফুল
  • মাৰাঠী: সোচেতী বেণী (सीतेची वेणी)
  • হিন্দী: দ্ৰৌপদী মালা (द्रौपदी माला)
  • নেপালী: ঘোগে গাবা (घोगे गावा)

বিস্তৃতি

কপৌ ফুল, ওচৰৰ পৰা
কপৌ ফুল, ওচৰৰ পৰাছবি: Vtbijoy · CC BY-SA 3.0

এই অৰ্কিড অৰ্ধ পৰ্ণপাতী আৰু নিম্ন উচ্চতাৰ শুকান পৰ্ণপাতী অৰণ্য সমূহত ভূ-ভাগৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা আৰম্ভ কৰি প্ৰায় ১৩০০ মিটাৰ লৈকে পোৱা যায়। ইহঁতৰ ভৌগোলিক বিস্তৃতি বাংলাদেশ, বেনিন, ম্যানমাৰ, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, লাউচ, মালয়েছিয়া, নেপাল, ফিলিপাইন, ছিংগাপুৰ, শ্ৰীলংকা, থাইলেণ্ড আৰু ভিয়েটনামলৈকে বিয়পি আছে।২৩

ভাৰতত এই উদ্ভিদ ঘাইকৈ উত্তৰ পূৰ্বাঞ্চল, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশত পোৱা যায়। বায়'-পাইৰেছীৰ কবলত পৰি এই উদ্ভিদ এতিয়া ভাৰতত লুপ্ত হোৱাৰ পথত। কপৌ ফুলক অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হিচাপে মান্যতা দিয়া হৈছে।

যত্ন

এই উদ্ভিদৰ বাবে সম পৰিমাণত জলযোগান আৰু গোটেই বছৰত সম পৰিমাণত সাৰৰ প্ৰয়োগৰ প্ৰয়োজন।২ যদিহে পাত বোৰ বেছিকৈ তিতি থাকে তেতিয়াহলে মৰি যোৱাৰ সম্ভাৱনা থাকে। ইহঁতে পৰোক্ষ পোহৰ পছন্দ কৰে। ফুল সাধাৰণতে বসন্তৰ শেষৰ ফালে ফুলে।৪

ব্যৱহাৰ

অসমত পোৱা কপৌ ফুলৰ এজোপা গছ, ফুলৰ সৈতে
অসমত পোৱা কপৌ ফুলৰ এজোপা গছ, ফুলৰ সৈতেছবি: Bishnu Saikia · CC BY 3.0

ঔষধিয় গুণৰ বাবে এই উদ্ভিদ কটা-ছিঙা, ঘা আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। কাণ পকিলে বা কাণৰ বিষ হ'লে বিষ নিৰাময়ৰ বাবে কপৌফুলৰ কেঁচা পাতৰৰস এক-দুইটোপাল ব্যৱহাৰ কৰা হয়।

অসমত এই অৰ্কিড খুব জনপ্ৰিয় আৰু অসমীয়া ব'হাগ বিহুৰ লগত ওতঃপ্ৰোত সমন্ধ আছে। বিহু নাচিবৰ বাবে বিহুৱতীৰ মূৰৰ খোপাত কপৌ ফুল ব্যৱহাৰ হয়। ডেকা- গাভৰু সকলে ইয়াক প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰে। লগতে এই অৰ্কিডক উৰ্বৰতা আৰু সুখ সমৃদ্ধিৰ চিহ্ন হিচাপেও প্ৰক্ষেপ কৰা যায়। স্থানীয় লোকৰ বিবাহ অনুষ্ঠানতো এই অৰ্কিডৰ ফুল ব্যৱহাৰ হয়। জনজীৱনৰ লগত ইয়াৰ ওতঃপ্ৰোত সমন্ধ আৰু গুৰুত্বৰ বাবে ইয়াক প্ৰায়ভাগ অসমীয়া পৰিয়ালৰ চৌহদত ৰোপণ কৰা দেখা যায় আৰু লগতে ই অসমৰ ৰাজ্যিক ফুল হিচাপেও মান্যতা প্ৰাপ্ত।

তথ্যসূত্ৰ

  1. ↑ ব্লুম, বিজড্ৰ. 286. 1825 |author=Xinqi Chen |author2=জেফ্ৰি জে উড |work=চীনৰ উদ্ভিদ |publisher=মিছৌৰী উদ্ভিদ উদ্যান, চেণ্ট লুইচ, এম অ' আৰু হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি হাৰ্বাৰিয়া, কেম্ব্ৰিজ, এম এ |access-date=28 এপ্ৰিল 2018} }
  2. ↑ "Rhynchostylis Retusa" . Orchid Blooming. Retrieved on 2013-03-18
  3. ↑ "Distribution - Rhynchostylis retusa". Tropicos.org. Retrieved on 2013-03-18
  4. ↑ (1998-01-20). "Rhynchostylis page". Orchid Species.com. Retrieved on 2013-03-18

সম্পৰ্কিত শ্ৰেণী

অৰ্কিডঅসমৰ ৰাজ্যিক প্ৰতীকফুলঅসমত পোৱা অৰ্কিডসমূহঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কপৌ ফুল” প্ৰবন্ধৰ সংশোধন ৫৪৮৭৬২ (৮ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।