অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বৃহৎ উইণ্ডমিল

বৃহৎ উইণ্ডমিল (Great Windmill, বৈজ্ঞানিক নাম-Byasa dasarada) ভাৰতবৰ্ষকে ধৰি অন্যান্য কিছু দক্ষিণ-পশ্চিম এছিয়াৰ দেশত দেখা পোৱা 'Byasa' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ পখিলাৰ প্ৰজাতি৷ ই এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)৷

হালনাগাদ: ৩ জানুৱাৰী ২০২৪ ২৫০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বৃহৎ উইণ্ডমিল (Great Windmill, বৈজ্ঞানিক নাম-Byasa dasarada) ভাৰতবৰ্ষকে ধৰি অন্যান্য কিছু দক্ষিণ-পশ্চিম এছিয়াৰ দেশত দেখা পোৱা 'Byasa' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ পখিলাৰ প্ৰজাতি৷ ই এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)৷

বিৱৰণ

পশ্চিমবংগৰ দাৰ্জিলিঙত এটা বৃহৎ উইণ্ডমিল পখিলা
পশ্চিমবংগৰ দাৰ্জিলিঙত এটা বৃহৎ উইণ্ডমিল পখিলাছবি: J.M.Garg · CC BY-SA 3.0

বৃহৎ উইণ্ডমিল পখিলাৰ পাখিৰ দৈৰ্ঘ্য ১০০-১৪০ মিমি৷ ইয়াৰ দেহত বগা ফোঁট কিছুমান থকা দেখা যায়৷ মতা আৰু মাইকী উভয়ে দেখিবলৈ প্ৰায় একে৷ অৱশ্যে মাইকী বৃহৎ উইণ্ডমিল পখিলাৰ পিছফালৰ পাখি (hindwing) ডাঙৰকৈ বগা দাগ থকা দেখা পোৱা যায়৷

টেক্সন'মি

, ভাৰত.]]

বৃহৎ উইণ্ডমিল পখিলাৰ পাঁচবিধ উপ-প্ৰজাতি দেখা পোৱা যায়৷ এইবোৰৰ ভিতৰত তলৰ তিনিবিধ ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায়-

  • B. d. dasarada (Frederic Moore)-ছিক্কিমৰ পৰা অসমলৈকে
  • B. d. ravana (Frederic Moore)- কাশ্মীৰৰ পৰা কুমায়ুনলৈকে৷
  • B. d. barata (Walter Rothschild)-ম্যানমাৰ

বিতৰণ

উত্তৰ ভাৰত, নেপাল, ভূটান, ম্যানমাৰ, উত্তৰ-দক্ষিণ চীন আদি দেশত এই পখিলাবিধ বিস্তৃত হৈ আছে৷

আচৰণ

বৃহৎ উইণ্ডমিল পখিলাই সাধাৰণতে কাঠনিত বাস কৰে৷ ই মুকলি অঞ্চলৰ মাজেদি লাহেকৈ উৰি যোৱা দেখা যায়৷ ই সাধাৰণতে সাগৰপৃষ্ঠৰ পৰা ৪০০০-৯০০০ ফুটৰ উচ্চতাত বাস কৰে৷

জীৱনচক্ৰ

পলু

বৃহৎ উইণ্ডমিল পখিলাৰ গাৰ বৰণ সাধাৰণতে মুগা বৰণীয়া হয় আৰু তাত ক'লা বৰণীয়া আঁচ কিছুমান থকা দেখা যায়৷

লেটা

এই পখিলাবিধৰ লেটাৰ বৰণ সেউজ-হালধীয়া আৰু নীলা আঁচ থকা হয়৷ ইয়াৰ পিছফালে কমলা বৰণৰ এটা আগবাঢ়ি থকা অংশ থাকে৷

পোষক উদ্ভিদ

বৃহৎ উইণ্ডমিল পখিলাৰ পলুৱে ঘাইকৈ Aristolochia griffithiউদ্ভিদক পোষক হিচাপে বাচি লয়৷

তথ্যসুত্ৰ

  • Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
  • Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

সম্পৰ্কিত শ্ৰেণী

পখিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃহৎ উইণ্ডমিল” প্ৰবন্ধৰ সংশোধন ৪০০২৮৯ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।