অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান

মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান (Mount Rinjani National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ উত্তৰ লম্বক ৰিজেন্সিৰ অন্তৰ্গত লম্বক দ্বীপত অৱস্থিত। প্ৰায় ৪১,৩৩০ হেক্টৰ (১০২,১০০ একৰ) এলেকাজুৰি বিস্তৃত, এই উদ্যানখন পাহাৰীয়া অঞ্চলত অৱস্থিত।

হালনাগাদ: ২৭ আগষ্ট ২০২৫ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান (Mount Rinjani National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ উত্তৰ লম্বক ৰিজেন্সিৰ অন্তৰ্গত লম্বক দ্বীপত অৱস্থিত। প্ৰায় ৪১,৩৩০ হেক্টৰ (১০২,১০০ একৰ) এলেকাজুৰি বিস্তৃত, এই উদ্যানখন পাহাৰীয়া অঞ্চলত অৱস্থিত।১ ইণ্ডোনেছিয়াৰ তৃতীয় সৰ্বোচ্চ আগ্নেয়গিৰি, মাউণ্ট ৰিঞ্জানী (গুনুং ৰিঞ্জানী) এই ৰাষ্ট্ৰীয় উদ্যানতে অৱস্থিত, যাৰ উচ্চতা ৩,৭২৬ মিটাৰ (১২,২২৪ ফুট)। এই আগ্নেয়গিৰিটোৰ নাম অনুসৰিয়েই উদ্যানখনৰ নামো মাউণ্ট ৰিঞ্জানী হয়।২

উদ্ভিদকুল আৰু প্ৰাণীকুল

এই ৰাষ্ট্ৰীয় উদ্যানত কিছুমান বিপন্ন উদ্ভিদ প্ৰজাতি সুৰক্ষিত কৰি ৰখা হৈছে, যেনে: প্টেৰ’স্পাৰমাম জাভানিকাম (Pterospermum javanicum),২ ছুইটেনিয়া মেক্ৰ’ফাইলা (Swietenia macrophylla), ফিকাচ ছুপাৰবা (Ficus superba), টুনা সুৰনি (Toona sureni), ভেণ্ডা (Vanda sp.), উছনেয়া (Usnea sp.) আৰু এনাফেলিছ (Anaphalis sp.) আদি।

এই ৰাষ্ট্ৰীয় উদ্যানখনত কেইবাটাও বিলুপ্তপ্ৰায় প্ৰাণী পোৱা যায়, যাৰ ভিতৰত সুণ্ডাৰ শৰপহু (Rusa timorensis), সুগৰী পহু (Muntiacus muntjak), সুণ্ডাৰ কেঁটেলাপহু (Hystrix javanica), চুৰিলি বান্দৰ (Presbytis), হেলমেটযুক্ত ফ্ৰাইয়াৰবাৰ্ড (Philemon buceroides), কেইবাটাও কʼকাটু (Cacatua) আৰু শল্কাকাৰ-মুকুটযুক্ত মৌপিয়া (Sugomel lombokium) আদি উল্লেখযোগ্য।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ An incredible journey to Gunung Rinjani in Lombok. Times of India
  2. ↑ Ministry of Forestry of Indonesia: "Gunung Rinjani National Park", retrieved 3 December 2013

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৩৫১৫৯ (২৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।