অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বগা ভালুক

বগা ভালুক বা ধ্ৰুৱীয় ভালুক মেৰু অঞ্চলত পোৱা এবিধ ভালুক।

হালনাগাদ: ২৯ এপ্ৰিল ২০২০ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বগা ভালুক বা ধ্ৰুৱীয় ভালুক মেৰু অঞ্চলত পোৱা এবিধ ভালুক।

বাসস্থান

এই ভালুক সুমেৰু বৃত্তত পোৱা যায়, সুমেৰু মহাসাগৰ আৰু ওচৰৰ সাগৰ তথা ভূমি সামৰি। যদিও প্ৰায়বোৰ বগা ভালুকৰে জন্ম মাটিত হয়, অথচ বেছি ভাগ বগা ভালুকেই সাগৰীয় বৰফত বাস কৰে। সাগৰীয় বৰফৰ ওপৰত থকা নীৰ্ভৰশীলতাৰ বাবেই বগা ভালুকক সাগৰীয় প্ৰাণী জ্ঞান কৰা হয়।১

বিৱৰণ

এই ভালুকৰ খাদ্যৰ ৭০%তকৈ অধিক অংশই আমিষ আৰু বগা ভালুকৰ আকাৰ প্ৰায় কডিয়াক ভালুকৰ সমানেই।২ মটা ভালুকৰ ওজন ৩৫০-৭০০ কিলোগ্ৰাম আৰু মাইকী ভালুকৰ ওজন তাৰ প্ৰায় আধা।৩ বগা ভালুক বৰ্তমানে জীৱিত, ভূমিত থকা আটাইতকৈ ডাঙৰ মাংসাহাৰী প্ৰাণীৰ অন্যতম। বগা ভালুকৰ শৰীৰ শীতল জলবায়ু, বৰফ পাৰ হোৱা, চীল চিকাৰ কৰা আদিৰ বাবে বিকশিত।৪ এই ভালুকে জীৱনৰ সৰহ ভাগ সময় সাগৰীয় বৰফত পাৰ কৰে আৰু এই ভালুকৰ বৈজ্ঞানিক নামৰ অৰ্থও "সাগৰীয় ভালুক"। এই ভালুকবোৰে নিজৰ খাদ্য- চীল, সাগৰীয় বৰফৰ কিনাৰৰপৰা চিকাৰ কৰে। যেতিয়া সাগৰীয় বৰফ নাথাকে, এই ভালুকে দেহৰ চৰ্বিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে।

জল-বায়ু পৰিৱৰ্তন আৰু বগা ভালুক

জল-বায়ু পৰিৱৰ্তনৰ বাবে ভৱিষ্যতলৈ বগা ভালুকৰ বাসস্থান ধ্বংস হোৱাৰ কথা অনুমান কৰা হয়। বিগত সময়চোৱাত উচ্চ-মাত্ৰাত কৰা চিকাৰৰ বাবে বগা ভালুকৰ অস্তিত্ব আন্তৰ্জাতিক সমাজৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছিল। পিচে, নিয়ন্ত্ৰণ আৰু ক'টাৰ ফলত, বগা ভালুকৰ সংখ্যা কম হোৱা কমিছে।৫

জন সংস্কৃতিৰ অংশ ৰূপে বগা ভালুক

সহস্ৰাধিক বৰ্ষৰপৰা সুমেৰু অঞ্চলৰ লোকসকলৰ বাবে বগা ভালুক এক গুৰুত্বপূৰ্ণ আধ্যাত্মিক, বস্তুগত আৰু সাংস্কৃতিক চৰিত্ৰ হৈ পৰিছে।৬ ইংৰাজীত বগা ভালুকক 'প'লাৰ বিয়েৰ' বা 'ধ্ৰুবীয় ভালুক' আৰু 'নানুক' আখ্যা দিয়াও দেখা যায়। ইনুইটসকলে এই প্ৰাণীক নানুক বোলে।৭

তথ্যসূত্ৰ

  1. ↑ Polar Bears. University of Michigan Press
  2. ↑ Polar bear, (Ursus maritimus). United States Fish and Wildlife service
  3. ↑ Basic Facts About Polar Bears
  4. ↑ Ursus Maritimus. University of Michigan Museum of Zoology
  5. ↑ "Why is polar bear hunting allowed?" . Retrieved 8 July 2015
  6. ↑ Definition of 'white bear'. Collins English Dictionary. HarperCollins Publishers LLC
  7. ↑ The Arctic Sounder

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগা ভালুক” প্ৰবন্ধৰ সংশোধন ২২৩৮৫৫ (২৯ এপ্ৰিল ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।