অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মধুপুৰ ৰাষ্ট্ৰীয় উদ্যান

মধুপুৰ ৰাষ্ট্ৰীয় উদ্যান (Madhupur National Park) হৈছে বাংলাদেশৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান। ই দেশখনৰ প্ৰাচীন ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত অন্যতম।

হালনাগাদ: ১১ জুলাই ২০২৬ ৩৭৮ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মধুপুৰ ৰাষ্ট্ৰীয় উদ্যান (Madhupur National Park) হৈছে বাংলাদেশৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান। ই দেশখনৰ প্ৰাচীন১ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত অন্যতম।

বিৱৰণ

মধুপুৰ ৰাষ্ট্ৰীয় উদ্যান প্ৰায় ৮,৪৩৬ হেক্টৰ (২০,৮৫০ একৰ) এলেকাজুৰি বিস্তৃত। ১৯৬২ চনত পাকিস্তান চৰকাৰে এই বনাঞ্চলখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰিছিল যদিও, ১৯৪৭ চনৰ বাংলাদেশ বন্যপ্ৰাণী (সংৰক্ষণ) সংশোধনী আইন অনুসৰি, ১৯৮২ চনতহে ইয়াক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। উদ্যানখন বাংলাদেশৰ উত্তৰ অঞ্চলৰ টাঙ্গাইল জিলাৰ মধুপুৰ উপজিলাত অৱস্থিত।২ ৰাজধানী চহৰ ঢাকাৰ পৰা ই প্ৰায় ১২৫ কিলোমিটাৰ (৭৮ মাইল) দূৰৈত অৱস্থিত। স্থানীয় ভূ-প্ৰকৃতি মূলতঃ সমতল-শিখৰযুক্ত শৈলশিৰাৰে গঠিত।৩

জলবায়ু

সাধাৰণতে উদ্যানখনৰ জলবায়ু মধ্যমীয়া। মে’ মাহত ৩৭ ডিগ্ৰী চেলছিয়াছলৈ উষ্ণতা বৃদ্ধি পায় আৰু জানুৱাৰী মাহত ন্যূনতম ১০ ডিগ্ৰী চেলছিয়াছলৈ নামি যায়। উদ্যানখনে প্ৰতি বছৰে জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে গ্ৰীষ্মমণ্ডলীয় মৌচুমী উপভোগ কৰে। ইয়াৰ মাটি ঠাইভেদে পলসুৱা, বোকা আৰু বালিচহীয়া হয়। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ১৫ মিটাৰ (৪৯ ফুট)।৩

জৈৱ বৈচিত্ৰ্য

উদ্ভিদকুল

সমতল ভূখণ্ড হোৱাৰ বাবে হাবিখনৰ মাজেৰে খোজকাঢ়ি যোৱাটো সহজ। প্ৰায় ৪০% বনাঞ্চল শাল (Shorea robusta) গছৰ দ্বাৰা আচ্ছাদিত। মধুপুৰৰ বনাঞ্চলক সমগ্ৰ বাংলাদেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ শাল অৰণ্য বুলি গণ্য কৰা হয়। শাল গছৰ লগতে আন কিছুমান গছো হয়, যেনে- ডিলেনিয়া পেণ্টাগাইনা (Dillenia pentagyna), লেগাৰষ্ট্ৰ'মিয়া পাৰ্ভিফ্ল'ৰা (Lagerstroemia parviflora), এডিনা কৰ্ডিফ'লিয়া (Adina cordifolia), মিলিউছা ভেলুটিনা (Miliusa velutina), লেনিয়া গ্ৰেণ্ডিছ (Lannea grandis), এলবিজিয়া এছপিপি. (Albizia spp.), বগা কাঞ্চন (Bauhinia variegata), অমৰা (Spondias mangifera), পলাশ (Butea frondosa) আৰু হিজল (Barringtonia acutangula)। তলৰ গছবোৰ জোপোহা জাতীয়, য’ত ইউপাটৰিয়ান অড’ৰেটাম (Eupatoriun odoratum), পেনিচেটাম চেট’ছাম (Pennisetum setosum), এছপাৰাগাছ ৰেচেম’ছাছ (Asparagus racemosus) আৰু সৰ্পগন্ধা (Rauvolfia serpentina) আদি অন্তৰ্ভুক্ত। উদ্যান অঞ্চলত চেগুন (Tectona grandis), কেছিয়া ছিয়ামিয়া (Cassia siamea), নুনী (Morus spp.), অৰ্জুন গছ (Terminalia arjuna) আৰু জামু (Syzygium cumini)ৰ বাগিচা কৰা হৈছিল।৩ উদ্যানখনত ১৭৬টা উদ্ভিদ প্ৰজাতি চিনাক্ত কৰা হৈছে, য’ত আছে ৭৩টা বৃক্ষ প্ৰজাতি, ২২টা গুল্ম প্ৰজাতি, ২৭টা আৰোহী-লতা, ৪৫টা ঔষধি উদ্ভিদ, ৮টা তৃণ আৰু ১টা তাল প্ৰজাতি।১

প্ৰাণীকুল

বহু আগৰে পৰা মধুপুৰ বনাঞ্চল বন্যপ্ৰাণীৰ ক্ষেত্ৰত চহকী আছিল আৰু বাঘৰ বাবে বিখ্যাত আছিল। বাঘ, এতিয়া অঞ্চলটোৰ এক বিলুপ্ত প্ৰাণী।৩ বৰ্তমান এই উদ্যানখনত সৰ্বমুঠ ১৯০টা প্ৰাণীৰ প্ৰজাতি আছে, য'ত ২১টা স্তন্যপায়ী প্ৰাণী, ১৪০টা চৰাই, আৰু ২৯টা সাপ অন্তৰ্ভুক্ত।১

মানৱ বসতি

ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ ভিতৰত আৰু আশে-পাশে এক বিশাল মানৱ বসতি আছে। ১৯৬৮ চনত, গাৰো জনজাতিৰ প্ৰায় ৪৫০০ লোকক উদ্যানখনৰ ভিতৰত বসতি স্থাপনৰ বাবে অনুমতি দিয়া হৈছিল। ১৯৮৯ চনত, অঞ্চলটোৰ মানৱ জনসংখ্যা আছিল প্ৰায় ১৪,০০০। মূলতঃ ভৈয়ামত ধানৰ খেতি কৰা হয় আৰু ওখ মাটিত ব্যৱসায়িক শস্য হিচাপে আনাৰস আৰু কচুৰ খেতি কৰা হয়।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Banglapedia. Madhupur National Park. www.en.banglapedia.org
  2. ↑ সবুজ সঞ্জীবনী টাঙ্গাইলেৰ মধুপুৰ জাতীয় উদ্যান. bd-pratidin.com
  3. ↑ Green, Michael J.B. (1990). IUCN directory SouthAsian Protected Areas. IUCN Publication. পৃ. 20. ISBN 2-8317-0030-2

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ৰাষ্ট্ৰীয় উদ্যানবাংলাদেশৰ অৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুপুৰ ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৬১৬৭০০ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।