মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান (Mount Ciremai National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ চিৰেবন চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৈত দক্ষিণ দিশত অৱস্থিত। উদ্যানখন চিৰেবনৰ দক্ষিণে, কুনিংগন ৰিজেন্সি আৰু মাজালেংকা ৰিজেন্সিলৈকে বিস্তৃত। উদ্যানখনে পশ্চিম জাভাৰ সৰ্বোচ্চ শৃংগ তথা সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট চেৰেমাইক আগুৰি আছে। শিক্ষাৰ্থীৰ দল, পদযাত্ৰীৰ দল আদিয়ে প্ৰায়েই শৃংগটো বগাই যায়। যদিও এই ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়।

উদ্যানখনত বিভিন্ন ধৰণৰ থলুৱা বা বিলুপ্তপ্ৰায় উদ্ভিদ আৰু প্ৰাণী পোৱা যায়১ যাৰ ভিতৰত তলত দিয়াবোৰ অন্তৰ্ভুক্ত:
- উদ্ভিদকুল: সৰল গছ (Pinus merkusii), Castanopsis javanica (স্থানীয়ভাৱে ছানিণ্টেন নামেৰে জনাজাত), ৰাণ্ডু টিয়াং (Fragraera blumii), নাংছি (Villubrunes rubescens), মাকাৰাংগা (Macaranga denticulata), পাছাং (Lithocarpus sundaicus), ইলেঅ’কাৰ্পাছ (Elaeocarpus stipularis), বিভিন্ন প্ৰজাতিৰ ডিমৰু গছ (Ficus), Ardisia cymosa, আৰু Platea latifolia,
- প্ৰাণীকুল: নাহৰফুটুকী বাঘ, সুগৰী পহু (Muntiacus muntjak বা Javan muntjac), বান্দৰ (Javan surili), জাভাৰ হক-ঈগল আৰু বিভিন্ন প্ৰজাতিৰ অজগৰ।
মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যানখনে এই অঞ্চলৰ কেইবাটাও নদী অৱবাহিকাৰ জলস্ৰোত হিচাপেও কাম কৰে, ইয়াৰে দুটা প্ৰধান অৱবাহিকা হ’ল চিমানুক নদী অৱবাহিকা আৰু চিছাংগাৰুং নদী অৱবাহিকা। উভয়ৰে মূল নদী দুটা জাভা সাগৰত গৈ মিলিত হয়।২৩
লগতে চাওক
- ইণ্ডোনেছিয়াৰ ভূগোল
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ These are listed in the Official Letter issued by the Forestry Minister, No SK 424/Menhut-II/2004 issued on 19 October 2004 noted in the External links section below
- ↑ Hidayat, Rahmat. (2023). Pemanfaatan Jasa Lingkungan Air di Hulu Daerah Aliran Sungai Cisanggarung Taman Nasional Gunung Ciremai Berbasis Masyarakat. Universitas Gadjah Mada - Electronic Theses & Dissertations
- ↑ Pemanfaatan Air • Balai TN Gunung Ciremai. Balai TN Gunung Ciremai
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৬৩৯১৫ (১৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।