অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বাবৰি শাক

বাবৰি শাক (Garland chrysanthemum, crown daisy, chrysanthemum greens, edible chrysanthemum, chop suey green, Japanese-green; বৈজ্ঞানিক নাম: Glebionis coronaria) হৈছে সপুষ্পক উদ্ভিদ গণৰ এচটাৰ প্ৰজাতিৰ এবিধ তৃণ জাতীয় উদ্ভিদ। বাবৰি শাক বেলিফুল পৰিয়ালৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৬ ৩৪১ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বাবৰি শাক (Garland chrysanthemum, crown daisy, chrysanthemum greens, edible chrysanthemum, chop suey green, Japanese-green; বৈজ্ঞানিক নামকৰণ পদ্ধতি: Glebionis coronaria) হৈছে সপুষ্পক উদ্ভিদ গণৰ এচটাৰ প্ৰজাতিৰ এবিধ তৃণ জাতীয় উদ্ভিদ। বাবৰি শাক বেলি ফুল পৰিয়ালৰ অন্তৰ্ভুক্ত।১২৩৪৫

বিৱৰণ

বাবৰি শাকৰ গছ ১০০ৰ পৰা ১২০ চেণ্টিমিটাৰ পৰ্যন্ত দীঘল হয়। কাণ্ডবোৰ থিয় আৰু কুমলীয়া। সাৰুৱা মাটিত প্ৰচুৰ পৰিমাণে ডাল-পাত গজি জোপোহা হয়। ইয়াৰ পাতবোৰ খাঁজ কটা।৬ পুলি অৱস্থাত কমকৈ আৰু ডাঙৰ হ'লে খাঁজবোৰ বেছি স্পষ্ট হয়। ফুলৰ ৰঙ সাধাৰণতে হালধীয়া, কিছুমান হালধীয়া কেন্দ্ৰ বিশিষ্ট বগা পাহীৰ ফুল ফুলাও দেখা যায়। ডেইজি আৰু চন্দ্ৰমল্লিকা ফুলৰ সৈতে ইয়াৰ ফুলবোৰৰ যথেষ্ট মিল দেখা যায়। ফুলৰ মধ্য অংশত এটা চকৰি থাকে, চকৰিৰ চাৰিওফালে পাপৰিবোৰ লাগি থাকে। পাপৰিসহ একোটা ফুলৰ ব্যাস ৪-৫ চেণ্টিমিটাৰ পৰ্যন্ত হয়। ফুলৰ বীজবোৰ ক্ষুদ্ৰ আকাৰৰ।

বিস্তৃতি

বাবৰি শাকৰ উৎপত্তি ভূমধ্যসাগৰীয় অঞ্চল৭ আৰু পূব এচিয়া। ইউৰোপ, উত্তৰ আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন দেশত বাবৰি শাকৰ বিস্তৃতি দেখা যায়। জাপান, কোৰিয়া, ভিয়েটনাম, থাইলেণ্ড, ভাৰত, উত্তৰ আমেৰিকা আদি অঞ্চলত বাবৰি শাকৰ খেতি কৰা হয়।৮৯ ভাৰতৰ দিল্লী, কৰ্ণাটক, নাগপুৰ, উত্তৰ-পূৱ অঞ্চল যেনে পশ্চিমবংগ, অসমত এই শাকৰ খেতি সীমাবদ্ধ হৈ পৰিছে।

খাদ্য হিচাপে বাবৰি শাক

শাক হিচাপে বাবৰি এবিধ পুষ্টিকৰ খাদ্য। বাবৰি শাকৰ সহায়ত বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন বনাব পৰা যায়। অসমত প্ৰধানকৈ বাবৰি শাক আলু, মাছ বা কণীৰ সৈতে ভাজি খোৱা হয়। বাবৰি শাকত বিভিন্ন প্ৰকাৰৰ খাদ্যপ্ৰাণ থকা বাবে এই শাকৰ আঞ্জা স্বাস্থ্যৰ বাবে উপকাৰী। চীনত ভাজি, জাপান আৰু কোৰিয়াত বাবৰি শাকৰ চুপ বনাই খোৱা হয়। সাধাৰণতে ফুল ফুলাৰ পিছত বাবৰি শাক খাবৰ বাবে ব্যৱহাৰ কৰা নহয়। এই শাকৰ ফুল আৰু পাতৰ এটা বিশেষ গোন্ধ আছে এই ফুল আৰু পাত শুকুৱাই ইয়াক গৰম পানীত উতলাই চীন দেশত এই পানীয় জ্বৰ বা ইনফ্লুৱেঞ্জা ৰোগীক খাবলৈ দিয়ে। বাবৰি শাকে তেজৰ কলেষ্টৰেলৰ মাত্ৰা কামত সহায় কৰে। চিফিলিচ আৰু গনোৰিয়া ৰোগৰ বাবেও বাবৰি শাক উপকাৰী। বাবৰিশাক কৃমি নাশক। এই শাকবিধৰ খাবৰ বাবে যোগ্য অংশত যথেষ্ট পৰিমাণে খনিজ, ভিটামিন সহ পটাছিয়াম (৬১০ মিগ্ৰা/১০০ গ্ৰাম) আৰু প্ৰতি ১০০ গ্ৰাম শাকত ৩.৪ কেৰোটিন থাকে। ইয়াৰ উপৰিও, উদ্ভিদ বিধত বিভিন্ন এণ্টিঅক্সিডেণ্ট (কাণ্ড, পাত আৰু মূল কলাত) থাকে যাৰ মানৱ স্বাস্থ্যৰ বাবে সম্ভাৱ্য দীৰ্ঘম্যাদী লাভালাভ আছে। অৱশ্যে বাবৰি শাকৰ বিষাক্ত (ডিঅক্সিন) গুণো পোৱা গৈছে। চি. কৰোনাৰিয়াম ভাৰ. স্পাটিওচমে এক লাভজনক মানৱ অন্ত্ৰৰ বেক্টেৰিয়া লেক্টোবেচিলাছ কেচি-ৰ বিকাশ প্ৰতিহত কৰে।১০

তথ্যসূত্ৰ

  1. ↑ Botanic Garden and Botanical Museum Berlin-Dahlem. Details for: Astereae. Euro+Med PlantBase. Freie Universität Berlin
  2. ↑ National Herbarium of New South Wales. Genus Kippistia. New South Wales FloraOnline. Royal Botanic Gardens, Sydney
  3. ↑ Polyarrhena Cass.. African Plants Database. South African National Biodiversity Institute, the Conservatoire et Jardin botaniques de la Ville de Genève and Tela Botanica
  4. ↑ Lessing, Christian Friedrich. 1831. Linnaea 6: 127–128 in Latin
  5. ↑ Tropicos, Myriactis Less.
  6. ↑ Flora of North America, Glebionis coronaria (Linnaeus) Cassini ex Spach, 1841. Crown daisy, garland chrysanthemum
  7. ↑ Altervista Flora Italiana, Glebionis coronaria (L.) Spach includes photos and European distribution map
  8. ↑ Flora of China, Glebionis coronaria (Linnaeus) Cassini ex Spach, 1841. 茼蒿 tong hao
  9. ↑ Biota of North America Program 2014 county distribution map
  10. ↑ Teixeira da Silva, J. A., et al. (2005). Important secondary metabolites and essential oils of species within the Anthemideae (Asteraceae). Journal of Herbs, Spices & Medicinal Plants 11(1), 1-4

সম্পৰ্কিত শ্ৰেণী

তৃণশাকঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাবৰি শাক” প্ৰবন্ধৰ সংশোধন ৬৩৪৭১৮ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।