ভেলু গছ (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Tetrameles nudiflora) টেট্ৰামেলেচিয়া পৰিয়ালৰ অন্তৰ্গত টেট্ৰামেলিছ গণৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই এবিধ ডাঙৰ পৰ্ণপাতী উদ্ভিদ। ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়া, মালেছিয়া আৰু উত্তৰ অষ্ট্ৰেলিয়ালৈকে সমগ্ৰ দক্ষিণ এছিয়াত এই উদ্ভিদ পোৱা যায়।
শ্ৰেণীবিভাজন
১৮৪৪ চনত ৰবাৰ্ট ব্ৰাউনে জাভাত সংগ্ৰহ কৰা নমুনাৰ আধাৰত টেট্ৰামেলিছ নুডিফ্ল'ৰাৰ (Tetrameles nudiflora) বিষয়ে বৰ্ণনা কৰিছিল।১ ই হৈছে টেট্ৰামেলেছ (Tetrameles) গণৰ একমাত্ৰ প্ৰজাতি,২ আৰু অক্টোমেলিছ ছুমাট্ৰানাৰ (Octomeles sumatrana) সৈতে মিলি টেট্ৰামেলেচিয়া (Tetramelaceae) পৰিয়ালৰ একমাত্ৰ দুটা প্ৰজাতি। পূৰ্বতে এই উদ্ভিদ দুবিধক ডাটিস্কেচিয়াত (Datiscaceae) শ্ৰেণীভুক্ত কৰা হৈছিল যদিও জিনীয়ভাৱে সেই পৰিয়ালৰ আন সদস্যসকলৰ সৈতে প্ৰাকৃতিক ক্লেড গঠন কৰা দেখা পোৱা নগৈছিল।৩
বিৱৰণ
ভেলু গছ একলিংগী পুষ্প ধাৰণ কৰা এবিধ ডাঙৰ উদ্ভিদ। ই ৪৫ মিটাৰতকৈও ওখ আৰু ১০ মিটাৰতকৈও অধিক বিস্তৃত হ'ব পাৰে।৪ বৃহৎ আকাৰৰ কাণ্ডৰ গুৰিৰফালে দেৱালৰ দৰে শিপা থাকে,২ আৰু বাকলি ধূসৰ আৰু প্ৰায়ে চিকচিকিয়া। গছজোপাৰ কাণ্ড বা ডালত প্ৰায়ে ডাঙৰ ডাঙৰ খোৰোং থাকে। ই এবিধ পৰ্ণপাতী উদ্ভিদ, অষ্ট্ৰেলিয়াত অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত আৰু ভিয়েটনামত সাধাৰণতে জানুৱাৰী–এপ্ৰিল মাহৰ ইয়াৰ পাতবোৰ সৰি যায়।১ এই প্ৰজাতিৰ নামটো প্ৰাচীন গ্ৰীক টেট্ৰা "চাৰি" আৰু মেলছ "অংশ"ৰ পৰা উদ্ভৱ হৈছে, আৰু ইয়াৰ দ্বাৰা ফুলত চাৰিটা পাহি থকা বুলি বুজোৱা হয়। এই প্ৰজাতিৰ নামটো লেটিন ভাষাৰ nudiflora অৰ্থাৎ "উলংগ ফুল" শব্দৰ পৰা লোৱা হৈছে।৪
বিতৰণ

ভেলু গছ উপগ্ৰীষ্মমণ্ডলীয় আৰু গ্ৰীষ্মমণ্ডলীয় বনাঞ্চল বিশেষকৈ ভাৰত আৰু শ্ৰীলংকা, বাংলাদেশ, ভূটান, ম্যানমাৰ, চীন, লাউচ, কম্বোডিয়া, থাইলেণ্ড, আৰু ভিয়েটনাম, মালয়েছিয়া, ইণ্ডোনেছিয়াৰ পৰা আৰু উত্তৰ কুইন্সলেণ্ড (অষ্ট্ৰেলিয়া)ৰ কেপ ইয়ৰ্ক উপদ্বীপলৈকে পোৱা যায়।২
ভাৰতৰ কেৰালাৰ থাটেকাড পক্ষী অভয়াৰণ্য (Thattekad Bird Sanctuary) আৰু অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত বিশেষভাৱে বৃহৎ সংখ্যাক ভেলু গছ পোৱা যায়। ম্যানমাৰত ইয়াংগন বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰায় ৬০ মিটাৰ (২০০ ফুট) উচ্চতাৰ এজোপা পুৰণি ভেলু গছৰ নমুনা সংৰক্ষিত কৰি থোৱা হৈছে।
তথ্যসূত্ৰ
- ↑ F.A. Zich; B.P.M Hyland; T. Whiffen. (2020). Tetrameles nudiflora. Australian Tropical Rainforest Plants, Edition 8. Commonwealth Scientific and Industrial Research Organisation (CSIRO)
- ↑ Tetrameles. Flora of China
- ↑ Schaefer, Hanno; Renner, Susanne S. (2011). Phylogenetic relationships in the order Cucurbitales and a new classification of the gourd family (Cucurbitaceae). Taxon. পৃ. 122–38
- ↑ Elliot, Rodger W.; Jones, David L.; Blake, Trevor. (2010). Encyclopaedia of Australian Plants Suitable for Cultivation: Volume 9 – Sp-Z. Lothian Press. পৃ. 224. ISBN 978-0-7344-0974-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেলু গছ” প্ৰবন্ধৰ সংশোধন ৪২৮০৫৫ (৫ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।