ব্ৰ'ম’ টেংগাৰ চেমেৰু ৰাষ্ট্ৰীয় উদ্যান (Bromo Tengger Semeru National Park) ইণ্ডোনেছিয়াৰ পূব জাভাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। মালাং আৰু লুমাজাঙৰ পূবে পাছুৰুৱান আৰু প্ৰ'ব'লিংগোৰ দক্ষিণে আৰু পূব জাভাৰ ৰাজধানী চুৰাবায়াৰ দক্ষিণ-পূবে ই অৱস্থিত।
ই ইণ্ডোনেছিয়াৰ একমাত্ৰ সংৰক্ষিত অঞ্চল, য’ত বালিৰ সাগৰ,১ টেংগাৰ বালি সাগৰ আছে, যাৰ ওপৰত এটা প্ৰাচীন আগ্নেয়গিৰি (টেংগাৰ)ৰ কেলডেৰা আছে, য’ৰ পৰা চাৰিটা নতুন আগ্নেয়গিৰিৰ শিখৰৰ উত্থান ঘটিছে। এই অনন্য বৈশিষ্ট্যই প্ৰায় ২,১০০ মিটাৰ (৬,৯০০ ফুট) উচ্চতাত মুঠ ৫,২৫০ হেক্টৰ মাটি সামৰি লৈছে১। এই পৰ্বতমালাত জাভাৰ সৰ্বোচ্চ পৰ্বত,২ মাউণ্ট চেমেৰু (৩,৬৭৬ মিটাৰ (১২,০৬০ ফুট)), চাৰিটা হ্ৰদ আৰু ৫০খন নদীও আছে। ইয়াৰ নাম টেংগাৰীজ লোকৰ ভাষাৰ নামেৰে ৰখা হৈছে। কেলডেৰা সৃষ্টি কৰা আগ্নেয়গিৰিটোৰ বিস্ফোৰণ ৪৫,০০০ বছৰ আগতে ক্ৰাকাটাউ বিস্ফোৰণৰ দৰে এক পৰিঘটনাত ঘটিছিল।৩
১৯১৯ চনৰ পৰা টেংগাৰ বালি সাগৰ সুৰক্ষিত হৈ আহিছে। ১৯৮২ চনত ব্ৰ'ম’ টেংগাৰ চেমেৰু ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।৪
ভৌগলিক বিৱৰণ
টেংগাৰ পৰ্বতমালা
টেংগাৰ পৰ্বতমালা উদ্যানৰ ভিতৰত থকা এটা পৰ্বতমালা।৫৬ এই এলেকাটো বালিময় সমভূমিৰে আগুৰি থকা এক সক্ৰিয় আগ্নেয়গিৰিৰ স্থান।
আগ্নেয়গিৰি
টেংগাৰৰ আগ্নেয়গিৰিৰ গঠনে এনে এটা অৱস্থাৰ সৃষ্টি কৰে, য'ত এটা ডাঙৰ আৰু পুৰণি আগ্নেয়গিৰিৰ জ্বালামুখৰ ভিতৰত এটা নতুন জ্বালামুখৰ গঠন হয়। টেংগাৰ জ্বালামুখৰ ভিতৰত পাঁচটা আগ্নেয়গিৰি আছে: মাউণ্ট ব্ৰ’মো (২,৩২৯ মিটাৰ), মাউণ্ট বাটক (২,৪৭০ মিটাৰ), মাউণ্ট কুৰ্চি (২,৫৮১ মিটাৰ), মাউণ্ট ৱাটাংগান (২,৬৬১ মিটাৰ), আৰু মাউণ্ট উইড’ডাৰেন (২,৬৫০ মিটাৰ)। মাউণ্ট বাটক হৈছে একমাত্ৰ শৃংগ যিটো এতিয়া সক্ৰিয় নহয়, আৰু ই কেছুয়াৰিনা (ইণ্ডোনেছিয়ান: চেমাৰা) গছেৰে আবৃত। মাউণ্ট বাটকৰ কাষত অৱস্থিত মাউণ্ট উইডোডাৰেনত স্থানীয় লোকে পৱিত্ৰ বুলি গণ্য কৰা উইডোডাৰেন গুহা আছে।
আগ্নেয়গিৰিৰ ভিতৰৰ পাঁচটা জ্বালামুখৰ চাৰিওফালে টেংগাৰ বালি সাগৰ নামৰ বিশাল বালিৰ অঞ্চল আছে, যিটো পাছলৈ বৃহত্তৰ টেংগাৰ জ্বালামুখৰ ঠেক ক্ৰেটাৰ বেৰেৰে আগুৰি আছে আৰু ইয়াৰ উচ্চতাৰ পাৰ্থক্য প্ৰায় ২০০–৬০০ মিটাৰ (৬৬০–১,৯৭০ ফুট)। টেংগাৰ জ্বালামুখৰ চাৰিওফালে থকা আন পৰ্বতসমূহ হ'ল: মাউণ্ট পানাঞ্জাকান (২,৭৭০ মিটাৰ), মাউণ্ট চেমোৰ’লাভাং (২,২২৭ মিটাৰ), মাউণ্ট লিংকাৰ (২,২৭৮ মিটাৰ), মাউণ্ট পুণ্ডক লেম্বু (২,৬৩৫ মিটাৰ), মাউণ্ট জাণ্টুৰ (২,৭০৫ মিটাৰ), মাউণ্ট ইডাৰ-ইডাৰ (২,৫২৭ মিটাৰ) আৰু মাউণ্ট মুংগল (২,৪৮০ মিটাৰ)। টেংগাৰৰ সমগ্ৰ আগ্নেয়গিৰিৰ কমপ্লেক্সটো চাবলৈ মাউণ্ট পানঞ্জকানৰ শৃংগটোৱেই আটাইতকৈ জনপ্ৰিয় ঠাই।৭
ৰাষ্ট্ৰীয় উদ্যানখনৰ আৰু দক্ষিণ দিশত চেমেৰু গ্ৰুপ বা জাম্বাংগন গ্ৰুপ নামৰ আন এটা আগ্নেয়গিৰিৰ এলেকা আছে। এই অঞ্চলত জাভাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট চেমেৰু (৩,৬৭৬ মিটাৰ) আছে। এই অঞ্চলৰ ভিতৰৰ অন্যান্য পৰ্বতসমূহ হ'ল মাউণ্ট লানাং (২,৩১৩ মিটাৰ), মাউণ্ট আয়েক-আয়েক (২,৮১৯ মিটাৰ), মাউণ্ট পাংগোনান চিলিক (২,৮৩৩ মিটাৰ), মাউণ্ট কেডুউং (২,৩৩৪ মিটাৰ), মাউণ্ট জাম্বাংগান (৩,০২০ মিটাৰ), মাউণ্ট গেনটং (১,৯৫১ মিটাৰ), মাউণ্ট কেপোলো (৩,০৩৫ মিটাৰ), আৰু মাউণ্ট মালাং (২,৪০১ মিটাৰ)। চেমেৰু বনাঞ্চলত বহুতো নদী আছে, যিবোৰ চেমেৰু পৰ্বতৰ পৰা অহা পূৰ্বৰ লাভা ৰেখা। চেমেৰু গোটটোক অতি উৎপাদনশীল বুলি গণ্য কৰা হয়, ইয়াৰ ফলত লাভা, আগ্নেয়গিৰিৰ ছাই, গৰম ধোঁৱাৰ দৰে আগ্নেয়গিৰিৰ পদাৰ্থ উৎপন্ন কৰি চাৰিওফালৰ অঞ্চললৈ বিয়পি পৰে। তলৰ অঞ্চলটো সাৰুৱা ধাননি পথাৰেৰে আগুৰি আছে।
বতৰ
ব্ৰ’ম’ টেংগাৰ চেমেৰুৰ জলবায়ু ঠাণ্ডা, বিশেষকৈ শীতকালত। গ্ৰীষ্মকালত প্ৰচণ্ড বৰষুণ হয়, আনহাতে শীতকালত বৰষুণ কম বা একেবাৰেই নাথাকে। শীতকালত ৰাতিৰ উষ্ণতা সাধাৰণতে শূন্য ডিগ্ৰী চেলছিয়াছৰ তললৈ নামি যায়, য’ত হিম আৰু লঘু বৰফৰ সম্ভাৱনা থাকে। ইয়াক উপগ্ৰীষ্মমণ্ডলীয় হাইলেণ্ড জলবায়ু হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
পৰিস্থিতিতন্ত্ৰ
উচ্চতা আৰু উষ্ণতাৰ পাৰ্থক্য অনুসৰি অঞ্চলটোৰ ভিতৰৰ বনাঞ্চলসমূহক তিনিটা মণ্ডলত ভাগ কৰিব পাৰি:
উপ-পাৰ্বত্য অঞ্চল (৭৫০ – ১৫০০ মিটাৰ)
এই অঞ্চলটোক গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ইয়াক চেমেৰু, পূব চেমেৰু (বাৰ্নো), আৰু পশ্চিম চেমেৰু (পাটোক পিচিছ)ৰ দক্ষিণ অঞ্চলত পোৱা যায়। এই অঞ্চলত ফেগাচিয়া, ম'ৰেচিয়া, এনাকাৰ্ডিয়াচিয়া, ষ্টেৰকুলিয়াচিয়া আৰু ৰুবিয়াচিয়া পৰিয়ালৰ উদ্ভিদৰ প্ৰধান। ইয়াৰ উপৰিও লিয়ানা গছ, যেনে কেলামাছ, পাইপাৰ, এছপ্লেনিয়াম, আৰু বেগোনিয়া প্ৰজাতিৰ এবিধ গছ আৰু আৰাচিয়া, প'এচিয়া আৰু জিঞ্জিবেৰাচিয়া পৰিয়ালৰ অন্যান্য উদ্ভিদো আছে। এই অঞ্চলত ২২৫টা প্ৰজাতিৰ অৰ্কিডো আছে।
মণ্টান অঞ্চল (১,৫০০ – ২,৪৪০ মিটাৰ)
এই অঞ্চলত উদ্ভিদৰ জীৱন বহু পৰিমাণে হ্ৰাস পায়। এই অঞ্চলত গজা প্ৰজাতিৰ অধিকাংশই অগ্ৰণী প্ৰজাতি। ইয়াৰ উপৰিও কিছুমান কাঠৰ উদ্ভিদ যেনে চেমাৰা (Casuarina junghuhniana), মেণ্টিংগি গুনুং (Vaccinium varingifolium), কেমলেণ্ডিংগান গুনুং (Albizia lophantha), বক বাকলি (Acacia decurrens) আৰু তলৰ গছ, যেনে জাভানিজ এডেলৱেইছ বা চেণ্ডুৰো (Anaphalis longifongila আৰু Anaphalis javanica), ইম্পেৰাটা চিলিণ্ড্ৰিকা, Pteris sp., Themeda sp. আৰু চেণ্টেলা এছিয়াটিকা।

টেংগাৰ কেলডেৰাৰ টেংগাৰ বালি সাগৰ এক বিশেষ পৰিৱেশ তন্ত্ৰ। মাউণ্ট ব্ৰ’ম’ৰ কাৰ্যকলাপৰ পৰা বালিৰ আগ্নেয়গিৰিৰ পলসেৰে এই অঞ্চলটো আৱৰি আছে। ফলত সৃষ্টি হোৱা অঞ্চলটো ইণ্ডোনেছিয়াৰ একমাত্ৰ মৰুভূমিৰ দৰে অঞ্চল বুলি জনা যায়। ১৯১৯ চনৰ পৰাই টেংগাৰ বালি সাগৰ সুৰক্ষিত হৈ আহিছে।
তথ্যসূত্ৰ
- ↑ Ministry of Forestry: Bromo Tengger Semeru National Park
- ↑ Global Volcanism Program: Mount Semeru
- ↑ Bromo Volcano (Tengger Caldera)
- ↑ Letter of Statement of the Agrarian Minister No.736/Mentan/X/1982
- ↑ The dark, otherworldy landscapes of Tengger Massif, Indonesia. When on Earth
- ↑ (June 2, 2011). Indonesia's mountains of fire. Lonely Planet
- ↑ (2015-05-26). Bromo Tengger Semeru National Park. Tanah Rimba, Art and Culture Service
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰ’ম’ টেংগাৰ চেমেৰু ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৮৪৪৬২ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।