অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বনজ উৎপাদন

বনজ উৎপাদন ভাৰতীয় বন আইন, ১৯২৭ৰ ধাৰা ২(৪)ৰ অধীনত সংজ্ঞায়িত কৰা হৈছে। ইয়াৰ আইনী সংজ্ঞাৰ ভিতৰত কাঠ, কয়লা, ৰবৰৰ কেঁচামাল, ডালচেনি, কাঠ-তেল, ৰেজিন, প্ৰাকৃতিক বাৰ্নিচ, বাকলি, লেক, শিলিখা, মহুৱা ফুল (বনাঞ্চলৰ ভিতৰত পোৱা হওক বা নহওক), গছ আৰু পাত, ফুল আৰু ফল, উদ্ভিদ (ঘাঁহ, লতা, বেত আৰু শৈবালকে ধৰি),…

হালনাগাদ: ৪ জানুৱাৰী ২০২৬ ৪২৪ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

বনজ উৎপাদন ভাৰতীয় বন আইন, ১৯২৭ৰ ধাৰা ২(৪)ৰ অধীনত সংজ্ঞায়িত কৰা হৈছে।১ ইয়াৰ আইনী সংজ্ঞাৰ ভিতৰত কাঠ, কয়লা, ৰবৰৰ কেঁচামাল, ডালচেনি, কাঠ-তেল, ৰেজিন, প্ৰাকৃতিক বাৰ্নিচ, বাকলি, লেক, শিলিখা, মহুৱা ফুল (বনাঞ্চলৰ ভিতৰত পোৱা হওক বা নহওক), গছ আৰু পাত, ফুল আৰু ফল, উদ্ভিদ (ঘাঁহ, লতা, বেত আৰু শৈবালকে ধৰি), বন্যপ্ৰাণী, ছাল, দাঁত, শিং, হাড়, কুকুৰা, ৰেচম, মৌ, মম, অন্যান্য অংশ বা জীৱ-জন্তুৰ উৎপাদিত সামগ্ৰী, আৰু ইয়াৰ ভিতৰত পিট, পৃষ্ঠৰ মাটি, শিল আৰু খনিজ পদাৰ্থ আদিও অন্তৰ্ভুক্ত হয় যেতিয়া বনাঞ্চলৰ ভিতৰত পোৱা বা অৰণ্যৰ পৰা অনা হয়।১

বনজ উৎপাদিত সামগ্ৰীক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা বনজ উৎপাদিত সামগ্ৰীক তিনি প্ৰকাৰত ভাগ কৰিব পাৰি: কাঠ, অকাঠ আৰু সৰু খনিজ। অকাঠী বনজ সামগ্ৰী [NTFP]ক সৰু বনজ উৎপাদন (MFP) বা অকাঠী বনজ উৎপাদন (NWFP) বুলিও জনা যায়। এন টি এফ পিক আৰু অধিক ভাগ কৰিব পাৰি ঔষধি আৰু সুগন্ধি উদ্ভিদ (এম এ পি), তেলৰ বীজ, আঁহ আৰু ফ্লছ, ৰেজিন, খাব পৰা উদ্ভিদ, বাঁহ, নল আৰু ঘাঁহ।

কাঠৰ সামগ্ৰী

কাঠ

ওড়িশা বন উন্নয়ন নিগমে (OFDC) কেইবাটাও ডিপোৰ পৰা ঘূৰণীয়া আৰু ফলা ৰূপত, বিভিন্ন মাত্ৰাত কাঠৰ ব্যৱসায় কৰে। প্ৰতিটো ডিপোৰ পৰা মাহেকীয়াকৈ ঘূৰণীয়া কাঠ বিক্ৰী কৰা হয়, সাধাৰণ নিলামৰ জৰিয়তে।

চন্দন কাঠ

দক্ষিণ ভাৰতৰ বনাঞ্চলত অৰ্থাৎ কেৰালা, তামিলনাডু, কৰ্ণাটক আদিত এই চন্দন গছ পোৱা যায়।

প্লাইউড

ওড়িশাৰ বোলাংগিৰ জিলাৰ ছাইন্টালাৰ ওচৰৰ কুইকেডাত থকা প্লাইউড উদ্যোগটো ১৯৮৩ চনৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়, আৰু ১৯৮৬-৮৭ চনৰ ভিতৰত বাণিজ্যিক উৎপাদন আৰম্ভ হয়; ১৯৯২-৯৩ চনলৈকে ই চলিছিল।

অকাঠী বনজ সামগ্ৰী

অকাঠী বা অনাকাঠী বনজ উৎপাদন (NTFP) মানুহ আৰু জীৱ-জন্তুৰ ব্যৱহাৰৰ বাবে প্ৰাকৃতিক বনাঞ্চলৰ পৰা আহৰণ কৰা কাঠৰ বাহিৰে আন সকলো জৈৱিক সামগ্ৰীক বুজায়।

কেন্দুৰ পাত

উৰিষ্যা ভাৰতৰ ভিতৰতে কেন্দুপাতৰ তৃতীয় বৃহত্তম উৎপাদনকাৰী দেশ। উৰিষ্যাত কেন্দু পাতৰ স্বকীয়তা হ’ল ইয়াৰ পাতৰ ৰং, টেক্সচাৰ, আকাৰ আৰু পাতৰ নিৰ্দিষ্ট নিপোটল অৱস্থা।

বাঁহ

প্ৰাকৃতিক বনাঞ্চলৰ পৰা বাঁহ সংগ্ৰহ আৰু বিপণন হয় অ’এফডিচিৰ দ্বাৰা নহয় আৰএমপি (কেঁচামাল ক্ৰয়কাৰী)ৰ জৰিয়তে বাঁহ সংগ্ৰহ আৰু ব্যৱসায় নিয়ন্ত্ৰণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি হয়।

শাল বীজ

১৯৭৩ চনৰ পৰাই শালৰ বীজ ৰাষ্ট্ৰীয়কৃত সামগ্ৰী আৰু ই উৰিষ্যাত প্ৰধানকৈ উপলব্ধ ছাল (Shorea robursta) গছৰ পৰা পোৱা অন্যতম গুৰুত্বপূৰ্ণ উৎপাদন।

মৌ

অ’এফডিচিয়ে প্ৰাকৃতিক অৰণ্যৰ পৰা মৌ সংগ্ৰহ, প্ৰক্ৰিয়াকৰণ আৰু ব্যৱসায়ৰ সৈতে জড়িত আৰু গুণগত মানৰ বিশুদ্ধ আৰু প্ৰকৃত হোৱাৰ নিশ্চয়তা প্ৰদান কৰে।

ঔষধি উদ্ভিদ

ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঔষধি উদ্ভিদ ব’ৰ্ডৰ আৰ্থিক সাহায্যত বৰ্তমান উৰিষ্যাত প্ৰচাৰমূলক কাম-কাজৰ বাবে ১৬টা প্ৰকল্প চলি আছে।

ৰবৰ

২০০৩ চনৰ পৰা অ’এফডিচিয়ে বাৰিপাড়া আৰু ভুৱনেশ্বৰ জ’নত ৰবৰ বাগিচা আৰু প্ৰক্ৰিয়াকৰণ ইউনিট স্থাপন কৰি আহিছে।অ’এফডিচিয়ে পূৰ্ণবয়স্ক গছৰ পৰা ৰবৰ উলিয়াই বিপণন কৰি আছে।

আচাৰ আৰু স্কোয়াচ

অ’এফডিচিয়ে উচ্চমানৰ, সুস্বাদু আচাৰ যেনে আমৰ আচাৰ, মিক্সড আচাৰ – সংৰক্ষক দ্ৰব্যৰ পৰা মুক্ত আচাৰ প্ৰস্তুত আৰু বিপণন কৰি আছে।

কাজু আৰু মছলা

অ’এফডিচি লিমিটেডে ১৮৭০৪.৯৯ হেক্টৰ এলেকাত কাজু বাগিচা পালন কৰিছে। ১৯৭৮-৭৯ চনৰ পৰা ১৯৯২-৯৩ চনলৈকে ভুৱনেশ্বৰ আৰু বেৰহামপুৰ সংমণ্ডলত। ইয়াৰে ১১,০৫৩.৯৯ হেক্টৰ এলেকাত বিশুদ্ধ কাজু বাগিচা।

তথ্যসূত্ৰ

  1. ↑ THE INDIAN FOREST ACT, 1927. envfor.nic.in

সম্পৰ্কিত শ্ৰেণী

বনাঞ্চল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনজ উৎপাদন” প্ৰবন্ধৰ সংশোধন ৫৬৭৬৩৪ (৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।