মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যান (Mount Gede Pangrango National Park) ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন মাউণ্ট গেডে আৰু মাউণ্ট পাংৰাংগো নামৰ আগ্নেয়গিৰি দুটাৰ কেন্দ্ৰত আছে। ইয়াৰ আয়তন ১৫০ বৰ্গ কিলোমিটাৰ।১
ইতিমধ্যে বিদ্যমান সংৰক্ষণ ক্ষেত্ৰসমূহ যেনে, চিবোডাছ উদ্ভিদ উদ্যান, চিমুংকাট নেচাৰ ৰিজাৰ্ভ, চিটুগুনুং বিনোদনমূলক উদ্যান, আৰু মাউণ্ট গেডে পাংৰাংগো নেচাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা এই ৰাষ্ট্ৰীয় উদ্যান বিকশিত হৈছে আৰু যোৱা শতিকাত ই এক গুৰুত্বপূৰ্ণ জৈৱিক আৰু সংৰক্ষণ গৱেষণাৰ স্থান হৈ পৰিছে।১ ১৯৭৭ চনত ইউনেস্ক'ই ইয়াক বিশ্ব জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ নেটৱৰ্কৰ অংশ হিচাপে ঘোষণা কৰে।২
ভৌগোলিক বিৱৰণ আৰু পৰিস্থিতি বিজ্ঞান

মাউণ্ট গেডে (২,৯৫৮ মিটাৰ) আৰু পান্গ্ৰাঙ্গো (৩,০১৯ মিটাৰ) হৈছে যমজ আগ্নেয়গিৰি। দুয়োটাৰে শিখৰক কান্দাং বাদাক (২,৪০০ মিটাৰ) নামেৰে জনাজাত এটা ওখ জীন বান্ধৰ দ্বাৰা সংযুক্ত কৰা হৈছে। পাহাৰৰ ঢালবোৰ অতি থিয় আৰু দ্ৰুতগতিত বৈ যোৱা জলধাৰা কাটি পেলোৱা হয়। ই গভীৰ উপত্যকা আৰু দীঘল পাহাৰীয়া শিখৰ নিৰ্মাণ কৰে।
নিম্ন আৰু ওপৰৰ মণ্টেন আৰু চাবআলপাইন অৰণ্যসমূহ উদ্যানৰ ভিতৰত আছে আৰু ইয়াৰ বিষয়ে ভালদৰে অধ্যয়ন কৰা হৈছে। মাউণ্ট গেডেৰ উত্তৰে জাভানিজ এডলৱেইছ (এনাফালিছ জাভানিচা)ৰ এখন পথাৰ আছে। উদ্যানখনত বৃহৎ সংখ্যক এনে প্ৰজাতি আছে যিবোৰ কেৱল ইয়াৰ সীমাৰ ভিতৰতহে পোৱা যায়; অৱশ্যে, এয়া বহু বছৰ ধৰি হোৱা অসমান গৱেষণাৰ ফল হ'ব পাৰে।১
মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যানে অঞ্চলটোৰ চাৰিখন নদী অৱবাহিকাৰ বাবে জলবিভাজিকা হিচাপে কাম কৰে, যাৰ ভিতৰত তিনিটা হ'ল চিচাডেন নদী অৱবাহিকা, চিলিউং নদী অৱবাহিকা আৰু চিটাৰাম নদী অৱবাহিকা। এইবোৰৰ সকলো মুখ্য উপনদী জাভাৰ উত্তৰ উপকূলৰ ফালে বৈ গৈ অৱশেষত জাভা সাগৰত পৰে। আনহাতে, চিমন্দিৰি নদী অৱবাহিকাৰ মুখ্য উপনদী জাভাৰ দক্ষিণ উপকূলৰ ফালে বৈ গৈ ভাৰত মহাসাগৰত লীন হয়।
উদ্ভিদ আৰু প্ৰাণী
জাভাত পোৱা ৪৫০বিধ চৰাইৰ প্ৰজাতিৰ ভিতৰৰ ২৫১বিধ চৰাই গুনুং গেডে-পাংৰাংগোত বসবাস কৰে। ইয়াৰ ভিতৰত জাভান হক-ঈগল আৰু জাভান স্ক'প্ছ আউলক দৰে বিলুপ্তপ্ৰায় প্ৰজাতি আছে।২
উদ্যানখনত বিলুপ্তপ্ৰায় স্তন্যপায়ী প্ৰজাতিৰ ভিতৰত কেইবাটাও বান্দৰ প্ৰজাতি আছে। সেইবোৰ হ'ল - ৰূপালী হলৌ বান্দৰ, জাভাৰ চুৰিলি আৰু জাভাৰ লুটুং। অন্যান্য স্তন্যপায়ী প্ৰাণীবোৰৰ ভিতৰত আছে জাভাৰ নাহৰফুটুকী বাঘ, লেপাৰ্ড কেট, সুগৰী পহু, জাভা মাউচ ডিয়েৰ, সুমাত্ৰান ৰাংকুকুৰ, মালয় কেটেলাপহু, সুন্দা দুৰ্গন্ধযুক্ত বেজাৰ, হালধীয়া ডিঙিৰ মাৰ্টেন, আৰু বাৰ্টেলছ ৰেট।২
পৰ্যটন

দৰ্শনাৰ্থীসকলে সাধাৰণতে উদ্যানখনৰ চাৰিখন প্ৰৱেশ দুৱাৰৰ ভিতৰৰ এটাৰ দ্বাৰাহে উদ্যানখনত প্ৰৱেশ কৰে। চিবোডা, গুনুং পুট্ৰি, আৰু চেলাবিণ্টানা গেট - সকলোৱে শৃংগলৈ যোৱাৰ প্ৰৱেশ পথ দিয়ে; ছিটু গুনুং গেটখনে মূলতঃ পৰিয়ালৰ বিনোদনৰ বাবে আঁতৰাই ৰখা হ্ৰদৰ অঞ্চল এটাত প্ৰৱেশ কৰাৰ সুযোগ দিয়ে। চিবোদাছ গেট হৈছে আটাইতকৈ জনপ্ৰিয় প্ৰৱেশদ্বাৰ আৰু ই উদ্যানখনৰ মুখ্য কাৰ্যালয়ৰ স্থান। গাড়ীৰে জাকাৰ্টাৰ পৰা অঞ্চলটোলৈ সাধাৰণতে চিবোডাছ বোটানিকেল গাৰ্ডেনৰ মাজেৰে দুঘণ্টাৰ যাত্ৰা।
লগতে চাওক
বাহ্যিক সংযোগসমূহ
তথ্যসূত্ৰ
- ↑ Whitten, Tony and Jane. (1992). Wild Indonesia: The Wildlife and Scenery of the Indonesian Archipelago. New Holland. পৃ. 127–28. ISBN 1-85368-128-8
- ↑ Ministry of Forestry: Gunung Gede Pangrango National Park, retrieved 23 July 2010
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৬৩১৪৩৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।