অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বক ফুল

বক ফুল (বৈজ্ঞানিক নাম: Sesbania grandiflora; সমাৰ্থক: Aeschynomene grandiflora, Agati grandiflora; ইংৰাজী: vegetable hummingbird, agati বা hummingbird tree; বড়ো: বক বিবাৰ; তাই-আহোম: ব্লক-ঞা-না), লেগুমিনেছি (Leguminaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ গছ৷

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৫ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

বক ফুল (বৈজ্ঞানিক নাম: Sesbania grandiflora; সমাৰ্থক: Aeschynomene grandiflora, Agati grandiflora; ইংৰাজী: vegetable hummingbird, agati বা hummingbird tree; বড়ো: বক বিবাৰ; তাই-আহোম: ব্লক-ঞা-না),১২ লেগুমিনেছি (Leguminaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ গছ৷

বিৱৰণ

বক ফুল এবিধ খৰকৈ বৃদ্ধি পোৱা গছ৷ গছজোপাৰ ৩-৮ মিটাৰ পৰ্য্যন্ত ওখ হ’ব পাৰে৷ গা-গছৰ পৰা উৎপত্তি হোৱা শাখা-প্ৰশাখাবিলাক সেৰেঙা হয়৷ গছজোপাৰ বাকলি ছাই বৰণীয়া৷

ইয়াৰ পাতবোৰ ডিম্বাকৃতিৰ৷ ফুলৰ বৰণ শুধ বগা৷ সেউজ-বুলীয়া চুপহিৰ ভিতৰফালে বিকাশ লাভ কৰি থকা ডাঙৰ আকাৰৰ পাহিয়ে শামুকৰ বাকলিৰ দৰে পুংকেশৰ আৰু গৰ্ভকেশৰত উৎপত্তি হোৱা ৰেণুবিলাক আৱৰি ৰাখে৷ ১

বিস্তৃতি

বক ফুল দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ৷ এই গছ মালয়েছিয়া, ফিলিপিনছ, ব্ৰুনেইৰ পৰা উত্তৰ অষ্ট্ৰেলিয়ালৈকে প্ৰাকৃতিকভাৱে বিস্তৃত৷ ভাৰত আৰু শ্ৰীলংকাৰ বহুঠাইত ইয়াৰ খেতিও কৰা হয়৷৩ এই গছ গৰম আৰু আৰ্দ্ৰ ঠাইত সাৰুৱা মাটিত ওপজে৷

ব্যৱহাৰ

বক ফুলৰ পাতৰ ৰসত লিন’লেনিক এচিড (linolenic acid) আৰু এছপাৰ্টিক এচিড (aspartic acid) আছে বুলি জনা যায়৷ এইবাবে পাতৰ ৰসে দেহত সৰল শৰ্কৰাৰ সৈতে প্ৰ’টিন যোগ হোৱাত বাধা দি (anti-glycation) ছালৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে৷ ৪৫৬

বক ফুল দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশ যেনে ভাৰত, শ্ৰীলংকা, লাওছ, থাইলেণ্ড, ইণ্ডোনেছিয়া, ভিয়েটনাম, মালদ্বীপ, ফিলিপিনছ আদিত সিজাই বা কেঁচাকৈ খোৱা হয়৷ ৭৮ভাৰতত সাধাৰণতে আটা বা ময়দা পানীৰ সৈতে গুলি বক ফুল মিহলাই লৈ ভাজি খায়৷১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. ↑ Joshi S. G., Medicinal Plants, Medicinal plants, Oxford & IBH Publishing Co. Pvt. Ltd. bks)
  3. ↑ Kirtikar K. R. & B. D. Basu, Indian Medicinal Plants Vol-I, International Book Distributor & Publisher, Dehradun, Edition 2005, bks pp. 735–736
  4. ↑ Prasanna, G.; Saraswathi, N. T. (2013). The therapeutic role of Sesbania grandiflora as an inhibitor of Advanced Glycation Endproduct (AGE) formation and the discovery of lead compounds for managing hyperglycaemia. Planta Medica. পৃ. PN84
  5. ↑ Prasanna, Govindarajan. (2016). Linolenic acid prevents early and advanced glycation end-products (AGEs) modification of albumin. International Journal of Biological Macromolecules. পৃ. 121–125
  6. ↑ Prasanna, Govindarajan. (2015). Aspartic acid functions as carbonyl trapper to inhibit the formation of advanced glycation end products by chemical chaperone activity. Journal of Biomolecular Structure and Dynamics. পৃ. 943–951
  7. ↑ LittleBigThaiKitchen. (12 March 2012). Kaeng Khae Kai (Katurai Chilli Soup with Chicken)
  8. ↑ Thailand Illustrated Magazine

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বক ফুল” প্ৰবন্ধৰ সংশোধন ৫৪০৪১৮ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।