অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ফুটুকী টুনি

ফুটুকী টুনি, ( Scaly-breasted Munia বা Spotted Munia, বৈজ্ঞানিক নাম-Lonchura punctulata) এটা ঘনচিৰিকাৰ আকাৰৰ চৰাইৰ প্ৰজাতি। ই এছিয়াৰ স্থানীয় চৰাই। ইয়াৰ বুকু আৰু পেট অংশত থকা ফুটুকীয়া ৰঙৰ বাবেই ইয়াক ফুটুকী টুনি বুলি কোৱা হয়। এই প্ৰজাতিৰ এঘাৰটা উপ-প্ৰজাতি থকা বুলি জনা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৮১ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ফুটুকী টুনি, ( Scaly-breasted Munia বা Spotted Munia, বৈজ্ঞানিক নাম-Lonchura punctulata) এটা ঘৰচিৰিকাৰ আকাৰৰ চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)। ই এছিয়াৰ স্থানীয় চৰাই। ইয়াৰ বুকু আৰু পেট অংশত থকা ফুটুকীয়া ৰঙৰ বাবেই ইয়াক ফুটুকী টুনি বুলি কোৱা হয়। এই প্ৰজাতিৰ এঘাৰটা উপ-প্ৰজাতি থকা বুলি জনা যায়।

টেক্স'নমি

ফুটুকী টুনিৰ প্ৰথম বৰ্ণনা ১৭৫৮ চনত প্ৰকাশিত কেৰ'লাছ লিনিয়াছ (Carl Linnaeus)ৰ 'চিষ্টেমা নেচুৰী(Systema Naturae)' নামৰ গ্ৰন্থখনত পোৱা যায়। এই গ্ৰন্থখনিত ফুটুকী টুনিৰ বৈজ্ঞানিক নাম-Loxia punctulata বুলি উল্লেখ কৰা হৈছিল। ১

বৰ্ত্তমানলৈকে ফুটুকী টুনিৰ মুঠ এঘাৰ (১১)টা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে-

বিৱৰণ

পোৱালি ফুটুকী টুনিৰ দেহৰ তলৰ অংশ মটিয়া বৰণৰ হয়
পোৱালি ফুটুকী টুনিৰ দেহৰ তলৰ অংশ মটিয়া বৰণৰ হয়ছবি: J.M.Garg · CC BY-SA 3.0

ফুটুকী টুনিৰ দেহৰ দৈৰ্ঘ্য সাধাৰণতে ১১-১২ ছে:মি: আৰু ওজন ১২-১৬ গ্ৰাম হয়। পূৰ্ণবয়স্ক ফুটুকী টুনিৰ ঠোঁটটো চুটি আৰু জোঙা হয়। ইয়াৰ দেহৰ ওপৰৰ অংশ মটিয়া আৰু মূৰটো গাঢ় মটীয়া হোৱা দেখা যায়। ইয়াৰ বুকু অংশত ডাঠ আঁচেৰে ফুটুকীয়া হয়। মতা-মাইকী উভয়ে দেখাত প্ৰায় একে। অৱশ্যে মতা ফুটুকী টুনিৰ ডিঙি আৰু বুকু অংশৰ আঁচবোৰ মাইকীজনীতকৈ বেছি ডাঠ ৰঙৰ হয়।২

পোৱালি ফুটুকী টুনিৰ দেহৰ ওপৰৰ অংশ পাতল মটিয়া ৰঙৰ হয়। ইহঁতৰ মূৰ অংশ পূৰ্ণবয়স্ক চৰাইৰ দৰে গাঢ় ৰঙৰ হয়।২৩ অৱশ্যে ঠাইভেদে ইয়াৰ দেহৰ ৰঙ তথা সজ্জাৰো কিছু পৰিৱৰ্ত্তন হোৱা দেখা পোৱা যায়।

বিতৰণ

pages=267–268}}</ref>) has established in parts of eastern Australia such as Queensland
pages=267–268}}</ref>) has established in parts of eastern Australia such as Queenslandছবি: Vicki Nunn · Public domain

ফুটুকী টুনি বহু ধৰণৰ বাসস্থানতে পোৱা যায় যদিও ইয়াক প্ৰধানকৈ জলাশয়ৰ দাঁতিকাষৰীয়া তথা ঘাঁহনি অঞ্চলত অধিক দেখা পোৱা যায়। ভাৰতত ইয়াক ঘাইকৈ খেতি-পথাৰত ধান খোৱাৰ বাবে অপবাদ দিয়া হয়। এই চৰাইবিধ সমতল ভূমিত অধিক দেখা যায় যদিও হিমালয়ৰ পাদদেশতো ই সমানেই বিস্তৃত। এনে অঞ্চলসমূহৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ২,৫০০ মিটাৰ পৰ্যন্ত হ'ব পাৰে।

আচৰণ

ফুটুকি টুনিয়ে শতাধিক চৰাইৰ বৃহৎ জাকত বাস কৰে। ইয়াৰ মাতটো চুটি হুইছেলৰ দৰে,কিটি-কিটি-কিটি যেন শুনা যায়। অৱশ্যে ইহঁতে বিপদৰ সংকেত (alarm) দিবৰ সময়ত কিচিৰ মিচিৰ কৈ তীক্ষ্ণ মাত এটা উলিয়ায়।৩৪

খাদ্য

A foraging group
A foraging groupছবি: W.A. Djatmiko (Wie146) · CC BY-SA 4.0

ফুটুকি টুনিয়ে সাধাৰণতে গুটি খায়। অৱশ্যে গুটিৰ উপৰিও ই সৰু বেৰীজাতীয় ফল যেনে Lantana ৫ আদিও খোৱা দেখা যায়।

প্ৰজনন

ফুটুকি টুনিয়ে গ্ৰীষ্মকালত প্ৰজনন কৰে। ইয়াৰ প্ৰজননকাল বাৰিষাকালত অৰ্থাৎ জুনৰ পৰা আগষ্টৰ ভিতৰত আৰম্ভ হয়। অৱশ্যে ঠাইভেদে ইয়াৰ পৰিৱৰ্ত্তন হোৱাও দেখা যায়। ইয়াৰ বাহটো ঘাঁ-পাতেৰে বনোৱা আৰু ঘূৰণীয়া আকাৰৰ হয়। ইহঁতে সাধাৰণতে গছ বা ঘৰৰ মুধচৰ সুৰুঙাত বাঁহ সাজে।৬

ফুটুকি টুনিয়ে সাধাৰণতে ৪-৬ টাকৈ কণী পাৰে। বাহ সজা আৰু উমনি দিয়া আদি কামত মতা-মাইকী দুয়ো অংশ লয়। কণী পৰাৰ ১০-১৬ দিনৰ উমনিৰ পিছত পোৱালি জগে।৭৮ তিনি সপ্তাহমানৰ ভিতৰত পোৱালিৰ পাখি গজে। ইহঁতে জন্মৰ সাতমাহৰ পিছতে পূৰ্ণবয়স্ক অৱস্থা পায়।৯১০

''Lonchura punctulata''
Lonchura punctulataছবি: Didier Descouens · CC BY-SA 4.0

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Linnaeus, Carl. (1758). Systema Naturae per Regna Tria Naturae, Secundum Classes, Ordines, Genera, Species, cum Characteribus, Differentiis, Synonymis, Locis. Tomus I. Editio decima, reformata. Laurentius Salvius. পৃ. 145
  2. ↑ Rasmussen PC and JC Anderton. (2005). Birds of South Asia. The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃ. 673. ISBN 84-87334-66-0
  3. ↑ Restall, Robin. (1997). Munias and Mannikins. Yale University Press. পৃ. 97–105. ISBN 0-300-07109-4
  4. ↑ Moynihan, M & M F Hall. (1954). Hostile, Sexual, and Other Social Behaviour Patterns of the Spice Finch (Lonchura punctulata) in Captivity. Behaviour. পৃ. 33–76
  5. ↑ Mehta, P. (1997). Spotted Munia Lonchura punctulata feeding on scat?. Newsletter for Birdwatchers. পৃ. 16
  6. ↑ Sharma RC; Bhatt D; Sharma RK. (2004). Breeding success of the tropical Spotted Munia Lonchura punctulata in urbanized and forest habitats. Ornithological Science. পৃ. 113–117
  7. ↑ Ali, S and Ripley, SD. (1999). Handbook of the Birds of India and Pakistan. Volume 10. Oxford University Press. পৃ. 119–121. ISBN 0-19-563708-9
  8. ↑ Lamba, BS. (1974). Nest construction technique of the Spotted Munia, Lonchura punctulata'. J. Bombay Nat. Hist. Soc.''. পৃ. 613–616
  9. ↑ Burton, M., R. Burton. (2002). International Wildlife Encyclopedia. Marshal Cavendish
  10. ↑ Roy, Beckham. Spice Finch – Lonchura punctulata. efinch.com

সম্পৰ্কিত শ্ৰেণী

শালিকাজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুটুকী টুনি” প্ৰবন্ধৰ সংশোধন ৬৩১০৪৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।