ভাঙন (ইংৰাজী ভাষা: Labeo bata, বঙালী ভাষা: বাটা) হৈছে ভাৰত আৰু বাংলাদেশত পোৱা এবিধ মাছ।
এই মাছবিধ একপ্ৰকাৰৰ জনপ্ৰিয় চিকাৰী মাছ আৰু ইয়াৰ সোৱাদৰ বাবে ই অতি জনপ্ৰিয়। ইয়াৰ সৰ্বাধিক দৈৰ্ঘ্য ২৫ৰ পৰা ৩৫ ছেণ্টিমিটাৰ (৯.৮ৰ পৰা ১৪ ইঞ্চি) পৰ্যন্ত হয়। ইহঁতে প্ৰট’জ’ৱা, শেলাই আৰু সৰু সৰু মাছ খাই জীয়াই থাকে। ই এবিধ লেহেমীয়া গতিৰ মাছ, গতিকে যিকোনো সক্ৰিয় আৰু আক্ৰমণাত্মক মাছৰ সৈতে থাকিলে ই শংকিত হৈ পৰে। ভাঙন মাছৰ বয়স আৰু বৃদ্ধিৰ হাৰ মাছৰ বাকলিৰ বাৰ্ষিক আঙুঠি বিশ্লেষণ আৰু দৈৰ্ঘ্য-আবৃত্তিৰ বিতৰণৰ জৰিয়তে অধ্যয়ন কৰা হৈছে। এই মাছবিধে নিজৰ জীৱনকালৰ ১ম, ২য়, ৩য়, ৪ৰ্থ, ৫ম, ৬ষ্ঠ আৰু ৭ম বছৰৰ শেষত ক্ৰমে ১৩১, ১৯৪, ২৩৬, ২৭৭, ৩১৪, ৩৪১ আৰু ৩৬৪ মিলিমিটাৰ দৈৰ্ঘ্য লাভ কৰে। বাকলিৰ দৈৰ্ঘ্য বৃদ্ধিৰ সৈতে মাছটোৰ দৈৰ্ঘ্য বৃদ্ধিৰ এক ধ্ৰুৱক সম্পৰ্ক থাকে। প্ৰথম আৰু দ্বিতীয় বছৰত মাছটোৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক হোৱা দেখা যায় আৰু ইয়াৰ পিছত সপ্তম বছৰলৈকে ক্ৰমান্বয়ে বৃদ্ধিৰ হাৰ হ্ৰাস পায়। মতা আৰু মাইকী উভয় লিংগৰ মাছৰ বৃদ্ধিৰ হাৰ প্ৰায় একেই পোৱা গৈছে। প্ৰথম বছৰৰ মাছৰ ক্ষেত্ৰত ঋতুভিত্তিক বৃদ্ধিৰ ৰেখাটোক মূলতঃ খাদ্য গ্ৰহণৰ তীব্ৰতাই প্ৰভাৱিত কৰে, আনহাতে প্ৰাপ্তবয়স্ক মাছৰ ক্ষেত্ৰত খাদ্য গ্ৰহণৰ তীব্ৰতাৰ লগতে জননগ্ৰন্থিৰ পৰিপক্কতাই প্ৰভাৱ পেলায়।
ইয়াৰ শৰীৰটো দীঘলীয়া। ইয়াৰ পিঠিৰ অংশ পেটৰ অংশতকৈ অধিক উত্তল হয়। মুখৰ আগফালৰ জোঙা অংশটো মুখতকৈ সামান্য ওলাই থকা হয় আৰু প্ৰায়ে তাত ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে।১ ওঁঠৰ ভাঁজৰ ভিতৰত এযোৰ সৰু ক্ৰেছেন্ট আকৃতিৰ শুং লুকাই থাকে। ওঁঠত কোনো ধৰণৰ উপাস্থিৰ সমৰ্থন নাথাকে। পিঠিৰ পাখিখিলা মুখৰ জোঙা আগফাল আৰু পায়ু পাখিৰ আগফালৰ ঠিক মাজভাগৰ পৰা আৰম্ভ হয়। শ্ৰোণী পাখিখন পুচ্ছ পাখিৰ তুলনাত মুখৰ আগফালৰ অধিক ওচৰৰ পৰা উৎপত্তি হয়।২
মাছটোৰ শৰীৰৰ ওপৰৰ অংশ নীলা বা ক’লা চানেকীয়া আৰু তলৰ অংশ ৰূপালী ৰঙৰ হয়, লগতে ইয়াৰ কানফুলিৰ ঢাকনিখন পাতল কমলা ৰঙৰ হয়। প্ৰাৰম্ভিক অৱস্থাত ইয়াৰ খাদ্যৰ ভিতৰত ক্ৰাষ্টেচিয়ান আৰু পোক-পৰুৱাৰ পলু অন্তৰ্ভুক্ত থাকে। এই মাছবিধ সমগ্ৰ ভাৰত (পশ্চিমবংগ, ওড়িশা, ত্ৰিপুৰা আদি) আৰু বাংলাদেশত পোৱা যায়। পুখুৰী, নদী আৰু জান-জুৰি ইহঁতৰ প্ৰধান বাসস্থান।৩ বাংলাদেশৰ খুলনা জিলাত কৰা এক অধ্যয়নত এই প্ৰজাতিটোক বিলুপ্তপ্ৰায় বুলি পোৱা গৈছে, যদিও ব্যাপক মীন পালনৰ বাবে সামগ্ৰিকভাৱে ইয়াক ন্যূনতম চিন্তনীয় হিচাপে গণ্য কৰা হয়।
তথ্যসূত্ৰ
- ↑ Talwar, P. K.; Jhingran, Arun Gopal. (1991). Inland fishes of India and adjacent countries. Oxford & IBH Pub. Co. ISBN 9788120406391
- ↑ Rahman, A. K. Ataur. (1989). Freshwater Fishes of Bangladesh. Zoological Society of Bangladesh
- ↑ Bhuiyan, Abdul Latif. (1964). Fishes of Dacca.. Asiatic Society of Pakistan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাঙন মাছ” প্ৰবন্ধৰ সংশোধন ৬৩৩৭৫২ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।