বৰবালি বগুৱা (Wood Sandpiper, বৈজ্ঞানিক নাম-Tringa glareola) এবিধ সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি। ই 'wader' গোটৰ অন্তৰ্ভুক্ত।
বিৱৰণ
বৰবালি বগুৱাৰ ঠৌঁট চুটি, ঠেং দীঘল আৰু হালধীয়া আৰু পিঠি অংশ মটিয়া হোৱা দেখা যায়। ১২
বিতৰণ
বৰবালি বগুৱাই প্ৰধানত: ইউৰোপ আৰু এছিয়াৰ বিভিন্ন জলাশয় সমূহত প্ৰজনন কৰে। ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰে বুলিও জনা যায়। তদুপৰি অক্টোবৰ আৰু মে মাহত ইয়াক বিভিন্ন প্ৰশান্ত মহাসাগৰীয় দ্বীপ সমূ্হতো দেখা পোৱা যায়। ৩
বাসস্থান
বৰবালি বগুৱা এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে প্ৰব্ৰজনকাৰী আৰু স্থানীয় চৰাই হিচাপে বিভিন্ন জলাশয় সমূহত চৰা দেখা পোৱা যায়।
আচৰণ


খাদ্য
বৰবালি বগুৱাই অগভীৰ পানী বা বোকাত ঠোঁট গুজি খাদ্যবস্তু বিচাৰি খায়। পোক-পতংগ আৰু অন্যান্য সৰু জলজ প্ৰাণীয়েই ইয়াৰ প্ৰধান খাদ্য।
প্ৰজনন
ই পানীৰ কাষৰ গছত বা কেতিয়াবা মাটিত বাহ সাজি পোৱালি জগায়। ১ মাৰ্চৰ পৰা মে মাহৰ ভিতৰত ই কণী পাৰে। এবাৰত সাধৰণতে চাৰিটা কণী পাৰে। কণীবোৰ শেঁতা সেউজীয়া বৰণৰ হয়।
স্থিতি তথা সংৰক্ষণ
বৰবালি বগুৱাৰ বহুল বিস্তৃতিৰ প্ৰতি লক্ষ্য ৰাখি আই. ইউ. চি. এন. এ ইয়াক সংকটৰ পৰা মুক্ত (Least Concern) বুলি স্বীকৃতি দিছে। ৪
লগতে চাওক
- Hayman, Peter; Marchant, John & Prater, Tony (1986): Shorebirds: an identification guide to the waders of the world. Houghton Mifflin, Boston. ISBN 0-395-60237-8
- Pereira, Sérgio Luiz & Baker, Alan J. (2005): Multiple Gene Evidence for Parallel Evolution and Retention of Ancestral Morphological States in the Shanks (Charadriiformes: Scolopacidae). Condor'107'(3): 514–526. DOI:10.1650/0010-5422(2005)107[0514:MGEFPE]2.0.CO; 2 PDF fulltext
- VanderWerf, Eric A. (2006): Observations on the birds of Kwajalein Atoll, including six new species records for the Marshall Islands. Micronesica'38'(2): 221–237. PDF fulltext
- VanderWerf, Eric A.; Wiles, Gary J.; Marshall, Ann P. & Knecht, Melia (2006): Observations of migrants and other birds in Palau, April–May 2005, including the first Micronesian record of a Richard's Pipit. Micronesica'39'(1): 11–29. PDF fulltext
- Wiles, Gary J.; Worthington, David J.; Beck, Robert E. Jr.; Pratt, H. Douglas; Aguon, Celestino F. & Pyle, Robert L. (2000): Noteworthy Bird Records for Micronesia, with a Summary of Raptor Sightings in the Mariana Islands, 1988–1999. Micronesica'32'(2): 257–284. PDF fulltext
- Pizzey, Graham and Knight, Frank: The Field Guide to the Birds of Australia. HarperCollins, Sydney. 2012.
বাহ্যিক সংযোগ
- Wood Sandpiper – Species text in The Atlas of Southern African Birds.
- Oriental Bird Images: Wood Sandpiper Selected photos
- Ageing and sexing (PDF; 1.8 MB) by Javier Blasco-Zumeta & Gerd-Michael Heinze
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰবালি বগুৱা” প্ৰবন্ধৰ সংশোধন ৫৪০৫৮৯ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।