বামুণী হাঁহ (Tufted Duck, বৈজ্ঞানিক নাম: Aythya fuligula) এটা মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি।
বিৱৰণ
পূৰ্ণবয়স্ক মতা বামুণী হাঁহৰ দেহটো ক'লা, কেৱল কাষৰ ডেউকা অংশ বগা আৰু ঠোঁট নীলা-মুগা বৰণৰ হয়। ইয়াৰ মূৰত এটা স্পষ্ট লগুণ (head tuft)ৰ দৰে অংশ থাকে আৰু এইবাবেই ইয়াক অসমীয়াত বামুণী হাঁহ আৰু ইংৰাজীত 'Tufted duck' বুলি কোৱা হয়। পূৰ্ণবয়স্ক মাইকী বামুণী হাঁহৰ দেহৰ বৰণ মটীয়া, কাষৰ অংশ শেঁতা। সেয়ে মাইকী হাঁহক অন্য প্ৰজাতিৰ হাঁহৰ পৰা পৃথক কৈ চিনাক্ত কৰিবলৈ কঠিন।
বিতৰণ
বামুণী হাঁহে নাতিশীতোষ্ণ অঞ্চল আৰু উত্তৰ ইউৰেছিয়া ত প্ৰজনন কৰে। তাৰোপৰি ইয়াক কেতিয়াবা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা লৈ পৰিভ্ৰমণ কৰা দেখা যায়। জলাশয় আৰু ইয়াৰ প্ৰধান খাদ্য 'freshwater mussel'ৰ অধিক উপলব্ধতাৰ বাবে ইয়াৰ গোলকীয় বিতৰণ পূৰ্বতকৈ বিস্তৃত হৈছে বুলি জনা যায়। ই সাধাৰণতে বৃহৎ গোটত জাক পাতি বাস কৰে।
বাসস্থান
বামুণী হাঁহে প্ৰধানকৈ মুকলি জলাশয় যেনে বিল, হ্ৰদ, নৈ আদিত বাস কৰে। বাহ সাজিবলৈ ইহঁতক জলজ উদ্ভিদ আৰু জোপোহাৰ প্ৰয়োজন হয়। সাগৰৰ কাষৰ লুণীয়া জলাশয়সমূহতো ইয়াক দেখিবলৈ পোৱা যায়।
খাদ্য
বামুণী হাঁহে প্ৰধানকৈ পানীত বুৰ মাৰি খাদ্যৰ সন্ধান কৰে। ইহঁতে mollusc, জলজ পোক-পতংগ, উদ্ভিদ আদি আহাৰ ইচাপে গ্ৰহণ কৰে। কেতিয়াবা ই নিশাৰ ভাগতো খাদ্যৰ সন্ধান কৰে।
বাহ্যিক সংযোগ
- Tufted Ducks video From Gallery of Living Nature.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বামুণী হাঁহ” প্ৰবন্ধৰ সংশোধন ৫৪০৭০৮ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।