মালাবাৰ ধূসৰ ধনেশ (Malabar grey hornbill; বৈজ্ঞানিক নামঃ Ocyceros griseus) হ্'ল প্ৰধানকৈ দক্ষিণ ভাৰতৰ পশ্চিম ঘাটত পোৱা এবিধ ধনেশ চৰাই। ইহঁতৰ ঠোঁট অতি ডাঙৰ যদিও আন ধনেশ প্ৰজাতিৰ দৰে ইহঁতৰ শিৰস্ত্ৰাণ নাথাকে। ইহঁতক প্ৰধানকৈ ঘন অৰণ্যত পোৱা যায়। ইহঁতে মূলতঃ ৰবৰ, তামোল, কফি বাগানত বাস কৰে।১ ইহঁত সৰু সৰু গোটত ঘূৰি ফুৰে, মূলতঃ ডিমৰু আৰু অন্যান্য ফল খাই জীয়াই থাকে। জোৰেৰে কৰা সিহঁতৰ চিঞৰ-বাখৰ আৰু হুলস্থুলীয়া হাঁহিৰ ফলত স্থানীয় লোকে সিহঁতক চিনি পোৱাটো সহজ হৈ পৰে।
বিৱৰণ
মালাবাৰ ধূসৰ ধনেশ এবিধ ডাঙৰ চৰাই কিন্তু ৪৫ৰ পৰা ৫৮ চে.মি. (১৮ৰ পৰা ২৩ ইঞ্চি) দীঘল তথাপিও ই এতিয়াও এছিয়াৰ ধনেশৰ ভিতৰত আটাইতকৈ সৰু। ইয়াৰ নেজডাল ২৩ চে.মি.(৯.১ ইঞ্চি) দীঘল আৰু ঠোঁট শেঁতা বা হালধীয়াৰ পৰা কমলা ৰঙৰ।২ মতাবোৰৰ ঠোঁট ৰঙা আৰু হালধীয়া বিন্দু থাকে, আনহাতে মাইকীবোৰৰ তলৰ অধোহনুৰ গুৰি ক'লা আৰু ঠোঁটৰ শীৰ্ষৰ কাষেৰে ক'লা ৰেখাযুক্ত সাধাৰণ হালধীয়া ৰং থাকে।
বিতৰণ
এই প্ৰজাতিটো ভাৰতৰ পশ্চিম ঘাট পৰ্বতমালাৰ উত্তৰ দিশৰ প্ৰায় নাশিকৰ পৰা দক্ষিণতম পাহাৰলৈকে স্থানীয় চৰাই৷৩. এই প্ৰজাতিটোৰ উচ্চতৰ বিস্তৃতি উপকূলৰ ওচৰত প্ৰায় ৫০ মিটাৰ (যেনে, ফানছাদ বন্যপ্ৰাণী অভয়াৰণ্য, মহাৰাষ্ট্ৰ)ৰ পৰা পাহাৰৰ প্ৰায় ১৫০০ মিটাৰলৈকে।৪ দক্ষিণ পশ্চিম ঘাটত কালাকাদ – মুণ্ডাথুৰাই বাঘ সংৰক্ষিত বনাঞ্চলত ৫০০ মিটাৰৰ পৰা ৯০০ মিটাৰ (বিচ্ছিন্নভাৱে ১১০০ মিটাৰ) উচ্চতাৰ চিৰসেউজ অৰণ্যত মালাবাৰ ধূসৰ ধনেশৰ উপস্থিতিৰ খবৰ পোৱা গৈছে, কিন্তু সঘনাই উত্তৰ দিশত থকা আনামলাই পাহাৰত ১২০০ মিটাৰ উচ্চতা পৰ্যন্ত ইয়াক পোৱা হয়।৫
তথ্যসূত্ৰ
- ↑ Ranganathan, J; Daniels, RJ; Chandran, MD. (November 2008). Sustaining biodiversity in ancient tropical countryside. Proc. Natl. Acad. Sci.. পৃ. 17852–17854
- ↑ Ali, S. (1993). The Book of Indian Birds. Bombay Natural History Society. ISBN 0-19-563731-3
- ↑ Ali, S.; Ripley, S. D. (1983). Handbook of the Birds of India and Pakistan. Volume 4.. Oxford University Press. পৃ. 132–133
- ↑ Mudappa, D. & Raman, T. R. S. 2009. A conservation status survey of hornbills (Bucerotidae) in the Western Ghats, India. Indian Birds 5: 90–102
- ↑ Raman, T. R. Shankar; Mudappa, Divya. (September 2003). Correlates of hornbill distribution and abundance in rainforest fragments in the southern Western Ghats, India. Bird Conservation International. পৃ. 199–212
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালাবাৰ ধূসৰ ধনেশ” প্ৰবন্ধৰ সংশোধন ৬২৭৬৫৬ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।