অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বৰপুণি

বৰপুণি (বৈজ্ঞানিক নাম: Pistia stratiotes; ইংৰাজী নাম: water cabbage, water lettuce, Nile cabbage, বা shellflower; বঙালী: টাকাপানা) এৰেকেচি (Araceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলজ উদ্ভিদ। এই উদ্ভিদৰ প্ৰকৃত উৎপত্তিস্থান ক’ত নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও আফ্ৰিকাৰ ভিক্টোৰিয়া হ্ৰদ বুলি অনুমান কৰা হয়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বৰপুণি (বৈজ্ঞানিক নাম: Pistia stratiotes; ইংৰাজী নাম: water cabbage, water lettuce, Nile cabbage, বা shellflower; বঙালী: টাকাপানা) এৰেকেচি (Araceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলজ উদ্ভিদ। এই উদ্ভিদৰ প্ৰকৃত উৎপত্তিস্থান ক’ত নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও আফ্ৰিকাৰ ভিক্টোৰিয়া হ্ৰদ বুলি অনুমান কৰা হয়। বৰ্তমান এই উদ্ভিদে মানুহৰ দ্বাৰা সকলো ঠাইলৈকে বিস্তৃতি লাভ কৰিছে।১

বিৱৰণ

19th century illustration of ''Pistia stratiotes''
19th century illustration of Pistia stratiotesছবি: Public domain

]]

বৰপুণি পানীত উপঙি থকা এবিধ ক্ষুদ্ৰ আকাৰৰ বিচিত্ৰ উদ্ভিদ। ইয়াৰ সৰু সৰু শিপাৰ গুচ্ছবোৰ পানীৰ তললৈ ওলমি থাকে। শিপাৰ মুঢ়াৰ পৰা টুবুকা-টুবুক পাতৰ উৎপত্তি হৈ মেল খাই থকা বন্ধাকবি একোটাৰ আকৃতি ধাৰণ কৰে।২

বৰপুণিৰ পাতবোৰ কোমল আৰু আগভাগ কম-বেছি পৰিমাণে ঘূৰণীয়া হয়। গুৰিৰফালে ক্ৰমে সৰু আকৃতি ধাৰণ কৰি ঠাৰিৰ লগত পাতখিলা লাগেহি।২

মুঢ়াৰ চাৰিওফালে নতুন নতুন পোখাৰ আৱিৰ্ভাৱ হয়। এই পোখাবোৰৰ পৰা পুলি ওলাই লহপহকৈ বাঢ়ি পুখুৰী, বিল বা খাল-ডোঙৰ উপৰিভাগ ছানি পেলায়।

Rails (Rallidae, "tikling"), feeding in Pistia stratiotes, Paombong, Bulacan).
Rails (Rallidae, "tikling"), feeding in Pistia stratiotes, Paombong, Bulacan).ছবি: Ramon FVelasquez · CC BY-SA 3.0

বিস্তাৰ

বৰপুণি বিশ্বৰ আটাইতকৈ খৰকৈ বৃদ্ধি আৰু বিস্তাৰ লাভ কৰিব পৰা জলজ উদ্ভিদবোৰৰ অন্যতম। ফলত এই উদ্ভিদ প্ৰায়ভাগ অঞ্চলতে আগ্ৰাসী (invasive) বুলি গণ্য কৰা হয়।৩ অধিক পুষ্টিদ্ৰব্য (nutrient content) থকা পানী যেনে ৰাসায়নিক সাৰ বা নলা-নৰ্দমাৰ আৱৰ্জনা থকা পানীত বৰপুণিৰ অধিক বৃদ্ধি হোৱা দেখা যায়।৪

বৰপুণিয়ে ছানি ধৰিলে পানী আৰু বায়ুৰ মাজত হোৱা গেছৰ বিনিময় (gas exchange) ত বাধা দিয়াৰ ফলত পানীত অক্সিজেনৰ পৰিমাণ কমি যায় আৰু মাছৰ মৃত্যু ঘটায়। তদুপৰি থলুৱা উদ্ভিদৰ বৃদ্ধিতো বৰপুণিয়ে বাধা দিয়ে।৫

বৰপুণি মহৰো অন্যতম বৃদ্ধিস্থলী। মেনছ’নিয়া ( Mansonia) গণৰ মহে বৰপুণিত কণী পাৰি ইয়াৰ জীৱনচক্ৰ সম্পূৰ্ণ কৰে।৬৭

নিয়ন্ত্ৰণ

বৰপুণি পানীৰ পৰা মেচিনেৰে তুলি নিয়ন্ত্ৰণ কৰা হয়। তদুপৰি জলজ উদ্ভিদ নিয়ন্ত্ৰক ( herbicides) ও ব্যৱহাৰ কৰা দেখা যায়।৮

বিস্তৃতি

এই উদ্ভিদৰ প্ৰকৃত উৎপত্তিস্থান ক’ত নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও আফ্ৰিকাৰ ভিক্টোৰিয়া হ্ৰদ বুলি অনুমান কৰা হয়। বৰ্তমান এই উদ্ভিদে মানুহৰ দ্বাৰা সকলো ঠাইলৈকে বিস্তৃতি লাভ কৰিছে।১

ব্যৱহাৰ

মাগুৰ, কাৱৈ, গৰৈ আদি মাছে প্ৰখৰ ৰ’দত বৰপুণিৰ শিপাৰ তলত আশ্ৰয় লোৱা দেখা যায়। মাছে এই শিপাৰ মাজত খাদ্যৰো সন্ধান কৰে।২

তথ্যউৎস

"Biogeography of the Pistia clade (Araceae): Based on chloroplast and mitochondrial DNA sequences and Bayesian divergence time inference"

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Quattrocchi, Umberto. (2000). CRC World Dictionary of Plant Names. CRC Press. পৃ. 2084. ISBN 978-0-8493-2677-6
  2. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  3. ↑ water lettuce: Invasive species - Retrieved 2017-11-25
  4. ↑ Kasulo, V. 2000. The impact of invasive species in African lakes. In: The economics of biological invasions (eds. C. Perrings, M. Williamson and S. Dalmozzone). Pp. 183-207. Cheltenham, UK: Edward Elgar
  5. ↑ Ramey, Victor. (2001). Water Lettuce (Pistia stratiotes). Center for Aquatic and Invasive Plants, University of Florida
  6. ↑ Park, K. (2007). Parks Text Book of Preventive and Social Medicine
  7. ↑ Wheeler, G.S; Halpern, M.D. (1999). Compensatory responses of Samea multiplicalis larvae when fed leaves of different fertilization levels of the aquatic weed Pistia stratiotes. Entomologia Experimentalis et Applicata. পৃ. 205–216
  8. ↑ Salo, Matti; Sirén, Anders; Kalliola, Risto. (20 November 2013). Diagnosing Wild Species Harvest: Resource Use and Conservation. Academic Press. পৃ. 115. ISBN 978-0-12-397755-7

সম্পৰ্কিত শ্ৰেণী

জলজ উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰপুণি” প্ৰবন্ধৰ সংশোধন ৫৪০৯২৯ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।