ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
প্ৰাক্-ছক্ৰেটেছীয় দৰ্শন
প্ৰাক্-ছক্ৰেটেছীয় দৰ্শনক (Pre-Socratic philosophy) গ্ৰীক দৰ্শনৰ আৰম্ভণি-কাল বুলিও ক’ব পাৰি। প্ৰাচীন এই গ্ৰীক দৰ্শনটোৰ আৰ্ৱিভাৱ ঘটিছিল ছক্ৰেটিছৰ আগতে। প্ৰাক্-ছক্ৰেটেছীয় দাৰ্শনিকসকলক ব্ৰহ্মাণ্ড বিজ্ঞান, ব্ৰহ্মাণ্ডৰ আদিমতম অৱস্থা, ব্ৰহ্মাণ্ডৰ পদাৰ্থবোৰে আকৃষ্ট কৰিছিল।
-
প্ৰাচীন ভাৰতৰ ঋষি-মুনি
ঋষি (সংস্কৃত: ऋषि, ইংৰাজী: Rishi) শব্দটো সংস্কৃত 'ঋষ্' ধাতুৰ পৰা উৎপন্ন হৈছে, যাৰ অৰ্থ হৈছে 'দেখা' বা 'জ্ঞান লাভ কৰা'। প্ৰাচীন ভাৰতীয় সভ্যতাত ঋষিসকল আছিল তপস্বী, দাৰ্শনিক, আৰু আধ্যাত্মিক গুৰু যিসকলে বেদ আৰু অন্যান্য পবিত্ৰ গ্ৰন্থসমূহৰ ৰচনা আৰু সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
প্ৰেতাক্ষী দেৱী
প্ৰেতাক্ষী হিন্দু ধৰ্মৰ শাক্ত-তান্ত্ৰিক পৰম্পৰাৰ চৌষষ্ঠিটা যোগিনীৰ ভিতৰত অন্যতম। এই নামটো প্ৰেত ("বিদায়ী আত্মা" বা "ভূত") আৰু অক্ষী ("চকু")ৰ সংযোগত সৃষ্ট,যাৰ অৰ্থ, সাধাৰণতে "যাৰ চকু আত্মাৰ ওপৰত থাকে" বা "যিগৰাকীয়ে বিদায়ীক চোৱাচিতা কৰে" বুলি ব্যাখ্যা কৰা হয়।
-
প্ৰেমৰ ত্ৰিকোণীয় সূত্ৰ
প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰটো (triangular theory of love) ৰ’বাৰ্ট জেফ্ৰ’ ষ্টাৰ্ণবাৰ্গ (জন্ম ১৯৪৯-) নামৰ মাৰ্কিন মনস্তত্ববিদজনে আগবঢ়োৱা প্ৰেমৰ সূত্ৰ৷ ষ্টাৰ্ণবাৰ্গৰ প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰ অনুসৰি ব্যক্তিগত প্ৰেমৰ বাবে প্ৰয়োজনীয় উপাদান তিনিটা হৈছে অন্তৰংগতা, শাৰীৰিক আকৰ্ষণ আৰু অংগীকাৰ।
-
পৰী
পৰী (ইংৰাজী: peri; হিন্দী: परी) হৈছে সৌন্দৰ্য্যৰ বাবে বিখ্যাত এবিধ সুন্দৰ, ডেউকাযুক্ত আত্মা। পাৰ্চী লোককথাৰ পৰীসকলক পিছলৈ আন সংস্কৃতিয়েও গ্ৰহণ কৰি লৈছিল। এটা তথ্যসূত্ৰত পৰীসকলক পাপৰ প্ৰায়শ্চিত্তৰ বাবে তপস্যা সম্পূৰ্ণ নকৰালৈকে স্বৰ্গত প্ৰৱেশ কৰাৰ পৰা বঞ্চিত কৰা দুষ্ট সত্তা বুলি বৰ্ণনা কৰা হৈছে।
-
পৱিত্ৰ ঈশ্বৰদূত আৰু ধৰ্মতত্ত্ববিদ যোহন সুসমাচাৰকৰ ভোজনালয় গীৰ্জা
পৱিত্ৰ ঈশ্বৰদূত আৰু ধৰ্মতত্ত্ববিদ যোহন সুসমাচাৰকৰ ভোজনালয় গীৰ্জা ( Refectory Church of the Holy Apostle and Evangelist John the Theologian) ইউক্ৰেইনৰ ৰাজধানী কিয়েভত থকা ছেইণ্ট মাইকেলৰ সোণালী-গম্বুজযুক্ত মঠৰ ভোজনালয় গীৰ্জা। গীৰ্জাটো ধৰ্মতত্ত্ববিদ যোহনৰ নামত উৎসৰ্গিত।
-
পৱিত্ৰ ক্ৰছ উন্নীতকৰণ মঠ, পল্টাভা
পৱিত্ৰ ক্ৰছ উন্নীতকৰণ মহিলা মঠ (Holy Cross Exaltation Monastery, Poltava, Хрестовоздвиженський жіночий монастир) ইউক্ৰেইনৰ পল্টাভাত অৱস্থিত ইউক্ৰেইনীয় অৰ্থডক্স গীৰ্জাৰ এটা মহিলা মঠ। মঠটো পল্টাভা চহৰৰ চেৰভনী শ্লিয়াখ নামৰ অঞ্চলত থকা মঠ পাহাৰত অৱস্থিত।
-
পৱিত্ৰ সুৰক্ষা গীৰ্জা
পৱিত্ৰ সুৰক্ষা গীৰ্জা (ইংৰাজী: Holy Intercession Church; ইউক্ৰেইনীয়ান: Свято-Покровська церква) হ’ল এটা পাথৰেৰে নিৰ্মিত প্ৰতিৰক্ষামূলক দুৰ্গসদৃশ গীৰ্জা, যিটো দেৱীমাতৃৰ পৱিত্ৰ সুৰক্ষা উৎসৱৰ সন্মানত নিৰ্মাণ কৰা হৈছিল।
-
ফটেহপুৰ মছজিদ
ভাৰতৰ দিল্লীৰ পুৰণি দিল্লী চুবুৰীত থকা চান্দনী চক নামৰ আটাইতকৈ পুৰণি গলিটোৰ পশ্চিম মূৰত অৱস্থিত ফটেহপুৰী মছজিদ যাক ফটেহপুৰ মছজিদো বোলে। এই মছজিদটো লালকিল্লাৰ বিপৰীতে আৰু জামা মছজিদৰ পিছত ই দিল্লীৰ দ্বিতীয় বৃহত্তম মছজিদ।
-
ফাক্ৰেদিন
শ্বেখ বা মেলিক ফাক্ৰেদিন (ইংৰাজী: Şêx Fexredîn, Melik Fexredîn) হৈছে য়াজিদীবাদত উপাসনা কৰা এগৰাকী পবিত্ৰ সত্তা। তেওঁক সাতগৰাকী ঐশ্বৰিক সত্তাৰ ভিতৰত এজন বুলি গণ্য কৰা হয়, যাৰ ওপৰত ভগৱানে পৃথিৱীৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছে।
-
ফি তাই হং
ফি তাই হং(Phi Tai Hong) (থাই: ผีตายโหง) হৈছে থাই লোককথাৰ এটা ভূত। ই হৈছে হঠাৎ ভয়ংকৰ বা নিষ্ঠুৰ মৃত্যুৰ সন্মুখীন হোৱা এজন ব্যক্তিৰ প্ৰতিহিংসাপৰায়ণ আৰু অশান্ত আত্মা।
-
ফি ফা
ফি ফা (থাই: ผีฟ้า, লাও: ຜີຟ້າ) থাইলেণ্ড আৰু লাউচৰ স্থানীয় লোককথাৰ এক দেৱতা বা আত্মা। ইয়াক ফি থায়েন (থাই: ผีแถน, লাও: ຜີແຖນ) নামেৰেও জনা যায়। ফ্ৰা লাক ফ্ৰা ৰাম আৰু খুন বাড়োমৰ কাহিনীত তেওঁলোকে বিশিষ্ট ভূমিকা পালন কৰে।
-
ফেং প' প'
ফেং প’ প’ হৈছে চীনা ধৰ্ম-গল্পত বতাহৰ দেৱী। তেওঁ ধুমুহা আৰু আৰ্দ্ৰতাৰ ওপৰত নিয়ন্ত্ৰণ কৰে। তেওঁক সাধাৰণতে "মহিলা বতাহ" বুলি কোৱা হয় আৰু জীৰ্ণ-শীৰ্ণ, বয়স্কা আৰু ক্ৰোণা ৰূপত দৰ্শন কৰা হয়।
-
ফৰ্কিছ
ফৰ্কিছ বা ফৰ্কাছ হ'ল গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি এজন আদিম সাগৰৰ দেৱতা। সাধাৰণতে তেওঁক পণ্টাছ আৰু গাইয়া (পৃথিৱী)ৰ পুত্ৰ বুলি ধৰা হয়। শাস্ত্ৰীয় পণ্ডিত কাৰ্ল কেৰেনি ফৰ্কিছক সাদৃশ্য থকা সাগৰ দেৱতা নেৰেউছ আৰু প্ৰোটেউছৰ সৈতে একে ধৰণে বিবেচনা কৰিছিল।
-
বকুল দেৱী
বকুল দেৱী (তেলুগু: వకుళా దేవి, ৰোমানীকৃত: Vakuḷā dēvi, সংস্কৃত: वकुलदेवी, ৰোমানীকৃত: Vakuladevī) বিষ্ণুৰ এটা অৱতাৰ হিন্দু দেৱতা ভেংকটেশ্বৰৰ পোষক-মাতৃ। তিৰুমালাৰ কিংবদন্তি অনুসৰি বকুলা দেৱীৰ আখ্যান দ্বাপৰ যুগৰ পৰাই আৰম্ভ হৈছে।
-
বগলামুখী মন্দিৰ, বেংকণ্ডী, হিমাচল প্ৰদেশ
বগলামুখী মাতাৰ মন্দিৰ বেংকণ্ডীত অৱস্থিত, যি ভাৰতৰ হিমাচল প্ৰদেশৰ কাংগ্ৰা জিলাৰ এক শান্ত এলাকা। এই মন্দিৰ মাতাৰ বগলামুখীক সন্মানিত কৰা হৈছে, যি হিন্দু ধৰ্মৰ দশ মহাবিদ্যা মন্নৰ পৰা এক শক্তিশালী দেৱী বুলি গণ্য কৰা হয়।
-
বজ্ৰাংগী আই
বজ্ৰাংগী আই( Bajranggi Aai) অসমৰ শংকৰী যুগৰ এগৰাকী স্বাৱলম্বী নাৰী৷ তেওঁৰ স্বামীৰ নাম কামদেৱ বা কামেশ্বৰ৷ এওঁ মহাপুৰুষীয়া নাম-ধৰ্মৰ একনিষ্ঠ সেৱক ভবানীপুৰীয়া গোপাল আতাৰ মাতৃ আছিল৷ স্বামীৰ মৃত্যুৰ পিছত গৰ্ভস্থ সন্তানটোৰে সৈতে আয়ে নানা দুখ-কষ্টৰ মাজেৰে দিন নিয়াই সন্তান জন্ম দি অকলেই ডাঙৰ-দীঘল…
-
বজ্ৰেশ্বৰী মন্দিৰ
শ্ৰী বজ্ৰেশ্বৰী যোগিনী দেৱী মন্দিৰ হৈছে মুম্বাইৰ পৰা ৭৫ কিলোমিটাৰ দূৰত্বত ব্ৰজেশ্বৰী চহৰত অৱস্থিত ব্ৰজেশ্বৰী দেৱীৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ৷ পূৰ্বতে বদৱলী নামেৰে জনাজাত এই নগৰখনৰ নাম মন্দিৰৰ অধ্যক্ষ দেৱতাৰ সন্মানত বজৰেশ্বৰী নামেৰে নামাকৰণ কৰা হয়।
-
বটেশ্বৰ স্থান
বটেশ্বৰ স্থান ( সংস্কৃত: बटेश्वर स्थान ) হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ ভাগলপুৰ জিলাৰ অন্তৰ্গত কহলগাঁও অঞ্চলত অৱস্থিত এক প্ৰাচীন ধৰ্মীয় স্থান। এই স্থানটো ব্ৰহ্মৰ্ষি বশিষ্ঠৰ সৈতে সম্পৰ্কিত বুলি বিশ্বাস কৰা হয় আৰু ইয়াক ঋষি বশিষ্ঠৰ তপস্থলী হিচাপে গণ্য কৰা হয়।
-
বদকুন্নাথন মন্দিৰ
বদকুন্নাথন মন্দিৰ (ইংৰাজী: Vadakkumnathan) হৈছে ভাৰতৰ কেৰালাৰ থ্ৰিচূৰ জিলাৰ থ্ৰিচূৰত অৱস্থিত শিৱৰ প্ৰতি উৎসৰ্গিত এটা প্ৰাচীন হিন্দু মন্দিৰ। এই মন্দিৰটো কেৰালাৰ স্থাপত্যশৈলীৰ এক ধ্ৰুপদী উদাহৰণ আৰু ইয়াৰ এটা কুথম্বালমৰ উপৰি চাৰিওফালে একোটাকৈ বিশাল টাৱাৰ আছে।
-
বয়কোণ্ডা গংগামা
বয়কোণ্ডা গংগামা হ'ল অন্ধ্ৰপ্ৰদেশৰ বাংগালুৰুৰ পৰা ১৫০ কিলোমিটাৰ দূৰৈত থকা বয়কোণ্ডা নামৰ ঠাইত অৱস্থিত এটা মন্দিৰ। ইয়াক গংগামা দেৱী (শক্তিৰ অৱতাৰ) বুলিও কোৱা হয়। ইয়াত হিন্দু তীৰ্থ কেন্দ্ৰও আছে।
-
বসুধৈৱ কুটুম্বকম্
বসুধৈৱ কুটুম্বকম্ হিন্দু ধৰ্মৰ পুথি মহা উপনিষদত পোৱা এটা সংস্কৃত বাক্যাংশ যাৰ অৰ্থ "পৃথিৱীখন এটা পৰিয়াল"। বৈদিক পৰম্পৰাত "বসুধৈৱ কুটুম্বকম"ৰ উল্লেখ আছে যি পৃথিৱীৰ সকলো জীৱ এক পৰিয়ালৰে বুজায়।
-
বসুৰীমালা
বসুৰীমালা কেৰালা আৰু কৰ্ণাটকৰ কোদাগু অঞ্চলৰ বহু ঠাইত পূজা কৰা এগৰাকী নাৰী দেৱতা। ভদ্ৰকালী বা শিৱ মন্দিৰত তেওঁক উপ দেৱতা (উপদেৱতা) হিচাপে পূজা কৰা হয়। বসুৰীমালাক স্মলপক্স, চিকেনপক্স, মিজিলছ আদি সংক্ৰামক ৰোগ প্ৰতিৰোধ কৰা দেৱতা বুলি বিশ্বাস কৰা হয়।
-
বাংলাদেশত বৌদ্ধ ধৰ্ম
বাংলাদেশত বৌদ্ধ ধৰ্ম বৌদ্ধ ধৰ্ম তৃতীয় বৃহত্তম ধৰ্ম আৰু বাংলাদেশৰ জনসংখ্যাৰ প্ৰায় ০.৬১%। কোৱা হয় যে বুদ্ধই এসময়ত পূব বংগৰ এই অঞ্চললৈ গৈ নিজৰ শিক্ষা প্ৰচাৰ কৰিছিল আৰু বিশেষকৈ চট্টগাম সংমণ্ডলত স্থানীয় লোকসকলক বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত কৰাত সফল হৈছিল।
-
বাই বাইআনাই
বাই বাইআনাই হৈছে যাকুত জাতিৰ বন, জন্তু আৰু চিকাৰীৰ পৃষ্ঠপোষক আত্মা। শিকাৰীৰে আগতে জুই জ্বলাই তেওঁলৈ প্ৰাৰ্থনা কৰে যাতে তেওঁলোকৰ শিকাৰ সফল হয় আৰু দুৰ্ঘটনা নঘটে। কিছুমান সংস্কৃতিত, তেওঁ শিশু সকলৰো সুৰক্ষিতা হিচাপে বিবেচিত। তেওঁ বংশধৰসকলৰ ৰক্ষক হিচাপে গণ্য।
-
বাক (দেৱী)
বাক (वाच्, ) হৈছে এক বৈদিক দেৱী, যি ঐশ্বৰিক বাণীৰ সাকাৰ ৰূপ। অনুপ্ৰাণিত কবি আৰু দূৰদৰ্শীসকলৰ মাজত প্ৰৱেশ কৰে। তেওঁক ভালপোৱাসকলক অভিব্যক্তি আৰু শক্তি প্ৰদান কৰে; তেওঁক "বেদৰ মাতৃ" আৰু মনৰ বৈদিক অৱতাৰ প্ৰজাপতিৰ পত্নী বুলি কোৱা হয়।
-
বাকু (পৌৰাণিক কাহিনী)
বাকু (Baku) জাপানীসকলৰ মাজত প্ৰচলিত এক অতিপ্ৰাকৃতিক সত্তা, যিয়ে অতৃপ্ত সপোন গ্ৰাস কৰে বুলি কোৱা হয়। চীনা ম’ৰ পৰাই এইবোৰৰ উৎপত্তি হৈছে। কিংবদন্তি অনুসৰি দেৱতাসকলে আন সকলো প্ৰাণী সৃষ্টি শেষ কৰাৰ সময়ত বাকী থকা অতিৰিক্ত টুকুৰাবোৰৰ দ্বাৰা এইবোৰ সৃষ্টি কৰা হৈছিল।
-
বাঘা মছজিদ
বাঘা মছজিদ(Bagha Mosque) বাংলাদেশৰ ৰাজশাহীৰ পৰা ৪০ কিলোমিটাৰ দক্ষিণ-পূব পিনে বাঘা নামে ঠাইত অৱস্থিত। ষোড়শ শতিকাতে নিৰ্মিত এই মছজিদটো পৰৱৰ্তীকালত বিভিন্ন সংস্কাৰ কৰা হয়।
-
বাঘেশ্বৰী মন্দিৰ
বাঘেশ্বৰী মন্দিৰ বঙাইগাঁও চহৰত অৱস্থিত। পাৰ্বতীৰ আন এটা নাম বাঘেশ্বৰী। ইয়াত পাৰ্বতীৰ তৰোৱালখন পৰা বাবে তৰোৱাল পূজা কৰা হয়। মন্দিৰটো শক্তিপীঠ মন্দিৰ হোৱা বাবে ইয়াত কোনো মূৰ্তি পূজা কৰা নহয়।
-
বাছাজাউন
বাছাজাউন (ইংৰাজী: Basajaun, স্ত্ৰী: বাছান্দেৰে (basandere)) বাস্ক পৌৰাণিক কাহিনীত বৰ্ণিত এবিধ অৰণ্যত বাস কৰা বিশাল, নোমাল মানৱসদৃশ ৰহস্যময় জীৱ। বাস্ক ভাষামতে এই শব্দটোৰ অৰ্থ হৈছে “কাঠৰ ভগৱান”৷ এই জীৱবোৰে শিলৰ স্তোপ (megaliths) নিৰ্মাণ কৰে, পশুধনক সুৰক্ষা দিয়ে, মানুহক কৃষি আৰু লোহাৰ কামৰ দৰে…